India Languages, asked by sontoshchetri33352, 20 days ago

চমুটোকা লিখা : দেউৰী
জলবিদ্যুৎ
সাঁচিপাত
অথৰ্ব বেদ​

Answers

Answered by munmunikoch8
2

Answer:

দেউৰী: অসম তথা পূৰ্বাঞ্চলৰ মঙ্গোলয়ডসকলৰ ভিতৰত দেউৰীসকল অন্যতম জনগোষ্ঠী।দেউৰীসকল সামাজিকভাৱে চাৰিটা খেলত বিভক্ত- ডিবঙীয়া, টেঙাপানীয়া, বৰগঞা আৰু পতৰগৈঞা।

দেউৰীসকল বৰ্তমান উজনি অসমৰ ৮খন জিলা- তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ,যোৰহাট,মাজুলী, ধেমাজী, লক্ষীমপুৰ আৰু বিশ্বনাথ জিলাত আছে। দেউৰীসকলে নিজকে 'জিম'চঁণায়া বুলি চিনাকি দিয়ে।

দেউৰী ভাষা মূলতঃ চীন-তিব্ব্তীয়া ভাষাগোষ্ঠীৰ তিব্বত-বৰ্মীয় ভাষা - পৰিয়ালৰ বড়ো শাখাৰ অন্তৰ্গত। এই ভাষাটোৰ স্বকীয় কিছুমান বৈশিষ্ট আছে।২০০৫ চনৰ ২৮ জানুৱাৰীত অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰীভাৱে স্বীকৃতি দিয়ে আৰু প্ৰাথমিক পৰ্যায়ত এই ভাষা বিষয় হিচাপে প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লয়। দেউৰীসকলৰ ধান,মাহ,সৰিয়হ,মৰাপাট আৰু বিভিন্ন প্ৰকাৰৰ শাক- পাচলি তেওঁলোকৰ প্ৰধান খেতি।দেউৰীসকল পালন কৰি বিহু হ'ল- ৰঙালী বিহু, মাঘ বিহু, আৰু কাতি বিহু।

Similar questions