Science, asked by rinku5scvt2021, 27 days ago

খ) অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম বলজিঞ্জা , না গ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দুখন উপনৈৰ নাম য) দুবিধ চিৰ সেউজীয়া গছৰ নাম ঙ) খাৰুৱা তেলৰ পুং থকা দুখন ঠাইৰ নাম ঔদ্ধ উত্তৰটো বাছি উলিওৱা- ব্যঘ্র প্রকল্প থকা অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান হল-​

Answers

Answered by XxZEHRILIBANDIxX
5

Answer:

বিশেষভাবে উল্লেখিত অসমৰ ৫ খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম তলত উল্লেখ কৰা হ'ল,

১. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

২. ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

৩. ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান

৪. মানস ৰাষ্ট্ৰীয় উদ্যান

৫. নামেৰী ৰাষ্ট্ৰীয় উদ্যান

ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে সবিশেষ তলত উল্লেখ কৰা হ'ল

1 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

আকাৰ্ষণৰ কেন্দ্ৰবিন্দু: এলিফেন্ট চাফাৰীৰ সময়ত সদায় ৰাতিপুৱা এশিঙীয়া গঁড় আৰু দল হৰিণা দেখা পোৱা যায়। জীপ চাফাৰীৰ জৰিয়তে পৰ্যটকে কাৰ্বি আংলং পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য, আদ্ৰভূমিত বিচৰণ কৰি থকা হাজাৰতকৈও অধিক স্থানীয় আৰু পৰিভ্ৰমী পক্ষী তথা অভয়াৰণ্যৰ চৌপাশে থকা বিভন্ন মনোমহা দৃশ্য উপভোগ কৰিব পাৰি।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষত্ব: ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ সৰ্ববৃহৎ অখণ্ডিত ভূমিখণ্ড যিবোৰ বানপানী উঠা ঘাঁহনি, জটিল পৰিৱেশ ব্যৱস্থাৰ ঘাঁহনি, য`ত ঘাঁহৰ পৰিস্থিতি তন্ত্ৰৰ মাধ্যমেৰে জৈৱ শৃংখলৰ বিভিন্ন পৰ্য্যায় স্পষ্ট ৰূপত পৰিলক্ষিত হয়।

স্তন্যপায়ী প্ৰাণী: পৃথিৱীৰ প্ৰায় ৭০ শতাংশ এশিঙীয়া গঁড়ৰ বাসস্থান হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন পৃথিৱীৰ ৭০% তকৈও বেছি গঁড়ৰ আবাস ভূমি। দেশত পোৱা বাঘৰ আটাইতকৈ ঘন বসতিপূৰ্ণ ঠাই হোৱা হেতুকে জীৱ বিলাক বাঘৰ চিকাৰ হয়। ভাৰতৰ ৬০% ম`হৰ আশ্ৰয় স্থল হোৱাৰ লগতে পূৰ্বদেশৰ জলাহত থকা হৰিণাৰ লগতে ভাৰতৰ ৬০ শতাংশতকৈও অধিক বন্য ম’হ তথা সাত প্ৰজাতিৰ কাছ আৰু দূৰা কাছৰ একমাত্ৰ আশ্ৰয়স্থল হৈছে এই উদ্যান। পূৰ্বৰ দল নাহৰফুটুকী বাঘ, মাছুৱৈ মেকুৰী, গেন্দেৰা, জহামাল, ক্ষুদ্ৰাকাৰৰ ভাৰতীয় জহামাল, শৰ পহু, সুগৰী পহু, মেথোন, মাটি গাহৰি, হলৌ বান্দৰ, টপামুৰীয়া বান্দৰ, অসমীয়া বান্দৰ, ভালুক, শিহু আদিকে সামৰি অন্যান্য গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰিলক্ষিত হয়।

জৰীপ অনুসৰি ২০০৬ চনত এশিঙীয়া গড়ৰ সংখ্যা ১৮৫৫ টা, ২০০০ চনত দল হৰিণাৰ সংখ্যা ৪৬৮ টা, ২০০১ চলত বন্য ম’হৰ সংখ্যা ১৪৩১ টা, ২০০৫ চনত হাঁতীৰ সংখ্যা ১২৪৬ টা, আৰু ২০০০ চনত বাঘৰ সংখ্যা ৮৫ টা পোৱা গৈছে।

Answered by SammyCovers
1

ইংরেজিতে এটি অনুবাদ করে, "আসামের সবচেয়ে দুdখজনক জাতীয় উদ্যানের নাম হল বালিজা, অথবা গ) ব্রহ্মপুত্রের উত্তর তীরের সবচেয়ে দুdখজনক শহরতলির নাম।" কিন্তু আমি জানি না কি সমাধান করতে হবে তাই আপনি হিন্দিতে বলতে পারেন

Similar questions