ক্ৰমিক ৰোগ বুলিলে কি বুজা?
Answers
সবল জাতি গঠনত সুস্থ, স্বাস্থ্যৱান লোকেহে অৰিহণা যোগাব পাৰে। তাৰ বাবে ৰোগৰ কাৰণ, নিৰাময়ৰ ব্যৱস্থা আদিৰ বিষয়ে, পুষ্টি আৰু সুষম আহাৰৰ বিষয়ে প্ৰতি নাগৰিকেই জানিব লাগিব। আমাৰ শৰীৰৰ নিয়মীয়া কাম-কাজ কেতিয়াবা ব্যাহত হৈ পৰে। গোটেই শৰীৰটো অৱশ হৈ পৰে। কেতিয়াবা কোনো বিশেষ অংগৰ কাম-কাজ অনিয়মীয়া হৈ পৰে। শৰীৰৰ এনে অৱস্থাকে ৰোগ বোলে। ৰোগ দুই প্ৰকাৰৰ। যেনে- সংক্ৰামক বা সোঁচৰা ৰোগ আৰু অসংক্ৰামক বা অসোঁচৰা ৰোগ।
সংক্ৰামক বা সোঁচৰা ৰোগ
সংক্ৰামক ৰোগৰ বীজাণু বা অণুজীৱ মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে ৰোগৰ সৃষ্টি হয়। এনে ৰোগৰ বীজাণু এজনৰপৰা আনজনলৈ যায়। ৰোগীক চোৱা-চিতা কৰিলে আনৰ গালৈ বীজাণু যাব পাৰে অথবা বীজাণু থকা কাপোৰ-কানি, বাচন-বৰ্তন, বিচনা-পত্ৰৰপৰা আনৰ গালৈ বীজাণু যায়। কিছুমান সোঁচৰা ৰোগ পোনে পোনে এজনৰ শৰীৰৰপৰা আন এজনৰ শৰীৰলৈ যাব নোৱাৰে। ইয়াৰ বাবে বাহকৰ প্ৰয়োজন হয়। মেলেৰিয়া এজনৰপৰা আন এজনৰ শৰীৰলৈ এন’ফিলিছ মহৰ জৰিয়তেহে যাব পাৰে। আন কিছুমান সংক্ৰামক ৰোগৰ বীজাণু বায়ু, পানী বা খাদ্যৰ জৰিয়তে বিয়পিব পাৰে।
Hope it helps.