Business Studies, asked by bhargabjyotideka06, 20 hours ago

গােলকীয় উদ্যমবােৰক আন ব্যৱসায় সংগঠনবােৰতকৈ কিয় শ্রেষ্ঠ/উৎকৃষ্ট বুলি বিবেচনা কৰা হয়।

Answers

Answered by rupeshpradhan07
1

Answer:

গ্ৰামীণ শক্তি

পৰিৱেশ

গোলকীয় উত্তাপণ

গোলকীয় উত্তাপণ

গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান কাৰণসমূহ

গোলকীয় উত্তাপ বৃদ্ধিৰ মূল প্ৰভাৱসমূহ

সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি

জৈৱ-বৈচিত্ৰ্যৰ অৱনতি

জীৱ স্বাস্থ্যৰ অৱনতি

মহাকাশ বিজ্ঞানীৰ সকীয়নি

সমাধানৰ কিছুমান পথ

সিদ্ধান্ত

গোলকীয় উত্তাপ হ’ল পৃথিৱীপৃষ্ঠৰ ঠিক উপৰিভাগৰ বায়ুৰ উষ্ণতা। সামগ্ৰিকভাৱে স্থলভাগৰ লগতে জলভাগকে ধৰি পৃথিৱীপৃষ্ঠৰ বায়ুৰ গড় উষ্ণতা হ’ল ১৫ ডিগ্ৰী ছেলছিয়াছ। বায়ুমণ্ডলৰ নিম্নস্তৰ ষ্ট্ৰ’পস্ফেয়াৰত কাৰ্বন-ডাই-অক্সাইড, মিথেন, জলীয় বাষ্প, নাইট্ৰাছ অক্সাইড, অ’জন আদি গেছ নথকা হ’লে পৃথিৱীপৃষ্ঠৰ নিচেই ওচৰত থকা বায়ুৰ উষ্ণতা ১৮ ডিগ্ৰী ছেলছিয়াছ হ’লহেতেন। গতিকে এই গেছবোৰৰ উপস্থিতিয়ে পৃথিৱীপৃষ্ঠৰ নিচেই ওচৰত থকা বায়ুৰ উষ্ণতা ৩৩ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত বৃদ্ধি কৰাৰ ফলত গড় উষ্ণতা ১৫ ডিগ্ৰী ছেলছিয়াছ হৈছেগৈ।

সম্প্ৰতি, পৃথিৱীৰ পৃষ্ঠৰ বায়ুৰ গড় উষ্ণতা ১৫ ডিগ্ৰী ছেলছিয়াছৰ ওপৰত বাঢ়ি আছে। জৈৱিক ইন্ধনৰ পোৰা কাৰ্য, নিৰ্বনানীকৰণ, যান-বাহনৰ বৃদ্ধি আৰু উন্নত কৃষি পদ্ধতি ব্যৱস্থাৰ বিৰূপ ক্ৰিয়াৰ ফলত যোৱা শতিকাত পৃথিৱীপৃষ্ঠৰ বায়ুৰ উষ্ণতা ০.৭৪+০.১৮ ডিগ্ৰী ছেলছিয়াছলৈ বৃদ্ধি হয়গৈ। ২১ শতিকাৰ শেষ ভাগলৈ এই বৃদ্ধিৰ পৰিমাণ ১.১ ৰ পৰা ৬.৪ ডিগ্ৰী ছেলছিয়াছ হ’ব বুলি পৰিৱেশ বিজ্ঞানীসকল নিশ্চিত হৈছে।

গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগোৱা প্ৰধান গেছকেইবিধৰ শতাংশ হাৰ এনেধৰণৰ:

১) জলীয় বাষ্প (H2O)…… (৩৬-৫২) শতাংশ।

২) কাৰ্বন-ডাই-অক্সাইড (CO2)….. (৯-২৬) শতাংশ।

৩) মিথেন গেছ (CH4)………. (৪-৯) শতাংশ।

৪) নাইট্ৰাছ অক্সাইড (N2O)…… (৩-৬) শতাংশ।

৫) অ’কন গেছ (O3)…….. (৩-৭) শতাংশ।

গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান কাৰণসমূহ

১) জলীয় বাষ্প: বায়ুমণ্ডলত প্ৰৱেশ কৰা সূৰ্য্যৰ পোহৰৰ অৱলোহিত ৰশ্মি জলীয় বাষ্প ই শোষণ কৰি লয়। ইয়াৰ উপৰি জলীয় বাষ্পৰ দ্বাৰা গঠন হোৱা মেঘতো অৱলোহিত ৰশ্মি শোষিত হয়। গতিকে আকাশত যিমান বেছি পৰিমাণৰ মেঘ থাকিব সিমানেই পোহৰৰ লগত নিহিত থকা তাপশক্তি শোষণৰ পৰিমাণো বাঢ়িব। ফলত গোলকীয় উত্তাপণৰ পৰিমাণ বৃদ্ধি পাব।

২) কাৰ্বন ডাই অক্সাইড: সৃষ্টিৰ পাতনিৰে পৰা এতিয়ালৈকে বিভিন্ন প্ৰকাৰৰ জুই, আগ্নেয়গিৰিৰ উদগীৰণ, পোৰা কাৰ্য, উদ্যোগসমূহত কয়লা, তেল আদি দহন কাৰ্যৰ বাবে বায়ুত কাৰ্বন-ডাই-অক্সাইড জমা হৈ আছে। এই কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণৰ গছ-গছনিয়ে বায়ুমণ্ডলত সাম্য অৱস্থাত ৰাখিবলৈ চেষ্টা কৰে। আনহাতে, সাগৰ তথা জলাশয়বোৰেও ব্যাপক পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইড শোষণ কৰি লয়। ফলত সাগৰ পৃষ্ঠৰ উত্তাপৰ লগতে জলাশয়বোৰত থকা পানীৰ উত্তাপো বৃদ্ধি হয় আৰু ইয়ো গোলকীয় উত্তাপনত অৰিহণা যোগায়।

কাৰ্বন-ডাই-অক্সাইড উৎপাদন কৰা বিভিন্ন কাৰকসমূহ:

১) অৰণ্য ধ্বংস ২৩.০ শতাংশ

২) যান-বাহন ২২.৫ শতাংশ

৩) নানান ধৰণৰ উদ্যোগ ১৬.০ শতাংশ

৪) তাপ বিদ্যুৎ প্ৰকল্প ০২.৫ শতাংশ

৫) অন্যান্য ৩৬.০ শতাংশ

উল্লেখযোগ্য যে এটা গৰুৱে প্ৰতি বছৰত ৭৩ হাজাৰ লিটাৰ মিথেন গেছ উৎপন্ন কৰে।

৪) নাইট্ৰাছ অক্সাইড: নাইলনৰ সামগ্ৰী তথা বয়-বস্তু, কয়লাৰ দহন, নাইট্ৰ’জেন যুক্ত সাৰৰ বিয়োজন আদি উৎসৰ পৰা নাইট্ৰাছ অক্সাইড এটা অণুৱে ২৩০ গুণৰো অধিক তাপ শোষণ কৰি গোলকীয় উত্তাপনত অৰিহণা যোগায়।

৫) অ’জন গেছ: বায়ুমণ্ডলীয় নিম্নস্তৰ ষ্ট্ৰ’পস্ফেয়াৰত ফটো ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা অৰ্থাৎ সূৰ্য্যৰ পোহৰত নাইট্ৰ’জেন অক্সাইডৰ বিয়োজন ঘটি অক্সিজেন অণু ‘O’ ৰ উৎপত্তি হয়। আৰু ই ‘O2’ ৰ লগত লগ লাগি ‘O3’ অৰ্থাৎ অ’জন গেছ সৃষ্টি কৰে। অৰ্থাৎ

NO2 ®NO+O

O+O2 ®O3 (অ’জন)

বৰ্তমান প্ৰযুক্তিবিদসকলে ক’ব খোজে যে টিভি, কম্পিউটাৰ আদি অহৰহ চলি থকা সময়তো বন্ধ কোঠাত অ’জন গেছ উৎপন্ন হয়। অ’জন গেছে অৱলোহিত ৰশ্মি শোষণ কৰি গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগায়।

গোলকীয় উত্তাপ বৃদ্ধিত বিভিন্ন দেশৰ ভূমিকা এনেধৰণৰ:

১) আমেৰিকা যুক্তৰাজ্য ২১.০ শতাংশ

২) ছ’ভিয়েট ইউনিয়ন ১৪.০ শতাংশ

৩) ইউৰোপ ১০.০ শতাংশ

৪) চীনদেশ ০৭.০ শতাংশ

৫) ভাৰত ০৪.০ শতাংশ

৬) অন্য দেশসমূহ ৪৪.০ শতাংশ

এনেবোৰ কাৰক বাবে পৃথিৱীৰ গড় উষ্ণতা ক্ৰমান্বয়ে বাঢ়ি আছে আৰু এনেদৰে বাঢ়ি গৈ ২০৮০ চনৰ ভিতৰত গোলকীয় উত্তাপৰ পৰিমাণ বৃদ্ধি ৫.৫ ডিগ্ৰী ছেলছিয়াছ হ’বগৈ বুলি আশংকা কৰা হৈছে। এই পৰিমাণৰ হাৰত উষ্ণতা বৃদ্ধি হ’লে পৃথিৱীত বৰ্তি থকা জীৱজগত এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব, সাগৰ পৃষ্ঠ উত্থিত হ’ব, জৈৱ-বৈচিত্ৰ্যৰ অৱনতি হ’ব, জীৱৰ স্বাস্থ্যৰ হানি হ’ব ইত্যাদি।

Explanation:

please try to Mark me as brainlists please

Answered by borahjuli652
0

Answer:

কোষাবৰনখনক কিয় অধভেদ আবৰন বুলি আখ্যা দিয়া হয়

Similar questions