অসমৰ মূল মানব গোষ্ঠী সমুহৰ নাম কি?
Answers
Answer:
টাই আহোম বা হা-চাম সকল (আহোম ভাষা: ;/ফান টাই আহোম/,ইংৰাজী: Tai-Ahom) হৈছে অসম আৰু অৰুণাচলত বসবাস কৰা এটা বৃহত্তৰ টাই জাতিৰ অন্তৰ্গত উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ টাই জনগোষ্ঠী। এওঁলোক বিভিন্ন সময়ত চীনৰ য়ুন্নান প্ৰদেশৰ পৰা অহা টাই মানুহৰ বংশধৰ। ঐতিহাসিকভাৱে চীনদেশৰ দেহং দাই স্বায়ত্ব শাসিত প্ৰান্তৰ (পূৰ্বৰ পূব মৌঙ মাও অঞ্চলৰ) দাইকোঁৱৰ চাওলুং চুকাফাৰ লগত ১২২৮ চনত অহা ৯০০০ টাই লোকৰ ঠালটোৱে সৰ্ববৃহৎ টাই ঠাল যি ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজ্য (মৌঙ দুন চুন খাম ) স্থাপন কৰি অসমত প্ৰায় ৬১০ বছৰ শাসন কৰে। অসমৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, তিনিচুকীয়া, ধেমাজী আৰু কাৰ্বি আংলং আৰু অৰুণাচল প্ৰদেশৰ লোহিত জিলাত টাই আহোম সম্প্ৰদায়ৰ লোক দেখা যায়। এই ঠালটোৱেই কালক্ৰমত ‘আহোম’ নামেৰে জনাজাত হৈ পৰে আহোমসকলে নিজকে কিন্তু ‘টাই জনগোষ্ঠী ’ নামেৰেহে চিনাকি দিছিল।
Explanation: