পানী প্ৰদূষণৰ প্ৰভাৱসমূহ বহলাই লিখা?
Answers
Answer:
জল প্ৰদূষণ (ইংৰাজী: Water Pollution) বিশুদ্ধ পানী জীৱজগতৰ এক অপৰিহাৰ্য উপাদান। পানী অবিহনে জীৱই জীৱন নিৰ্বাহ কৰিব নোৱাৰে। এই পানীৰ উৎসসমূহ হ’ল সাগৰ, নদী, হ্ৰদ, পুখুৰী, খাল, বিল, ভূগৰ্ভৰ পানী আৰু জলীয় বাষ্প। খোৱাৰ বাবে উপযোগী পানীত পৰ্যাপ্ত পৰিমাণৰ পৌষ্টিক উপাদান যেনে খনিজ লৱণসমূহ থকাটো প্ৰয়োজন। উল্লেখযোগ্য যে বিশ্বৰ মুঠ প্ৰাকৃতিক খোৱা পানীৰ উৎসৰ শতকৰা ৬০ ভাগ আমেৰিকা যুক্তৰাষ্ট্ৰ(United States America) আৰু কানাডা(Canada)ৰ জলধাৰাসমূহত মজুত আছে। যেতিয়া কোনো প্ৰাকৃতিক কাৰণত নাইবা মানুহৰ কাৰ্যকলাপৰ ফলত জৈৱ, অজৈৱ, নাইবা জৈৱিক (Organic, Inorganic or Biological) কাৰকবোৰৰ প্ৰভাৱত পানীৰ সাধাৰণ গুণাগুণ বিনষ্ট হৈ মানুহৰ গ্ৰহণৰ অনুপযোগী হয় তেতিয়া তেনে পানীক দূষিত পানী আৰু যি পদ্ধতিত পানী দূষিত হয় তাক জল প্ৰদূষণ (Water pollution) বোলা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ ১৯৯৩ চনৰ এক সমীক্ষা মতে, ভাৰতৰ সকলো ৰোগৰ শতকৰা ১১ভাগ আৰু সোঁচৰা ৰোগৰ ২১ ভাগ উদ্ভৱ হয় প্ৰদূষিত পানীৰ কাৰণেই বৰ্তমান ভাৰতৰ ৭০% নদী আৰু জান-জুৰিয়ে প্ৰদূষিত পানী বহন কৰি আছে।