মাটিত বাস কৰা সন্ধিপদী প্রাণীসমূহৰ তাৎপর্য চমুকৈ লিখা।
Answers
Answer:
hope it helps
Explanation:
সন্ধিপদী প্ৰাণী হৈছে বহিঃকংকাল যুক্ত অমেৰুদণ্ডী প্ৰাণী, খণ্ডিত দেহ আৰু উপাংগবোৰ সন্ধিযুক্ত বা জোৰালগা। পতংগ আদিকে ধৰি সন্ধিপদীবোৰ, আৰ্থপ'ডা (Arthropoda) পৰ্বৰ অন্তৰ্গত। সন্ধিপদীৰ প্ৰধান লক্ষণ হৈছে, সিহঁতৰ পদবোৰ (ভৰি) জোৰালগা আৰু α-কাইটিন আৰু/নাইবা কেলচিয়াম কাৰ্বনেটৰ দ্বাৰা গঠিত কিউটিকল্ থাকে। সন্ধিপদীৰ দেহটো কেইবাটাও খণ্ডেৰে গঠিত আৰু প্ৰতিটো খণ্ডতে এজোৰা উপাংগ থাকে। সন্ধিপদীবোৰে পৰ্যায়ক্ৰমে মোট সলাই সিহঁতৰ কঠিন খোলাটো পৰিবৰ্তন কৰি থাকে। পৰিৱেশৰ লগত খাপ খাব পৰা বিশেষ যোগ্যতাৰ ফলত ইহঁত আটাইতকৈ বেছি প্ৰজাতিযুক্ত জীৱ বিচাপে পৰিগণিত হৈছে। বৰ্তমানলৈকে প্ৰায় এক নিযুততকৈও অধিক সন্ধিপদী প্ৰাণীৰ বিষয়ে জনা যায়, যিটো জ্ঞাত জীৱিত প্ৰাণীৰ প্ৰায় ৮০% ত কৈও অধিক, ইয়াৰে কিছুমান, অন্য প্ৰাণী জীয়াই থাকিব নোৱাৰা শুকান পৰিৱেশতো বসবাস কৰে। ইহঁতৰ আকাৰ আনুবীক্ষণিক শৈৱালৰ পৰা কেইবা মিটাৰ পৰ্যন্ত দীঘল হব পাৰে। সন্ধিপদীৰ প্ৰাথমিক আভ্যন্তৰিক গহ্বৰটোকহিম'চেল বোলে, তাতে ইহঁতৰ আভ্যন্তৰিণ অংগবোৰ থাকে, আৰু ইয়াৰ মাজেৰেই হিম'লিম্ফ - তেজৰ সমধৰ্মী - চলাচল কৰে; ইহঁত মুক্ত পৰিবহণ তন্ত্ৰী। বাহ্যক অংগবোৰৰ দৰই, সন্ধিপদীৰ আভ্যন্তৰিণ অংগবোৰো খণ্ডযুক্ত। সিহঁতৰ স্নায়ু তন্ত্ৰ "চামৰা-সদৃশ", যুৰীয়া পৃষ্ঠীয় স্নায়ু ৰজ্জু প্ৰতিটো খণ্ডৰ মাজেৰে গৈ প্ৰতিটো খণ্ডতে যুৰীয়া গেংলিয়া গঠন কৰে। সিহঁতৰ মুণ্ড বহুতো খণ্ডেৰে গঠিত, আৰু মগজুটো এই খণ্ডবোৰত থকা গেংলিয়াবোৰ লগ লাগি গঠন হয় আৰু খাদ্যনলীৰ চাৰিওফালে আগুৰি থাকে। সন্ধিপদীবোৰ বসবাস কৰা পৰিৱেশ আৰু উপপৰ্বৰ ওপৰত ভিত্তি কৰি সিহঁতৰ শ্বাসতন্ত্ৰ আৰু ৰেচন তন্ত্ৰৰ ভিন্নতা পৰিলক্ষিত হয়