Political Science, asked by biki1276, 4 days ago

গণতন্ত্ৰত ৰাজনীতিক দলৰ ভূমিকা আলোচনা কৰা​

Answers

Answered by mausumimitra1
4

Answer:

গণতন্তত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা ।

উত্তৰঃ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শক্তিশালী বিৰোধী দল অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰে লগতে জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰে।

এখন গনতান্ত্ৰিক শাসনত থকা দলটোৰ বিপৰীতে বিৰোধী আসনত থকা বিৰোধী দলৰ ভূমিকা তলত উল্লেখ কৰা হ'লঃ

১) জনসাধাৰণৰ আৰু দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতাক ৰক্ষা কৰাত বিৰোধী দলে অতন্দ্ৰপ্ৰহৰীৰ দৰে কাম কৰিব লাগে।

২) শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা।

৩) চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্যৱেক্ষণ কৰি প্ৰয়োজন হলে চৰকাৰক সংসদৰ মজিয়াত সমালোচনা কৰা।

৪) জনসাধাৰণৰ অভাৱ-অভিযোগ, আশা-আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা।

৫) প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা।

৬) জনমত গঠন কৰা।

৭) চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্য দূৰ কৰা।

৮) জনগনক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা।

৯) জনমতৰ প্ৰতি চৰকাৰে সজাগ, দায়বদ্ধ আৰু জবাবদিহি কৰা।

১০) চৰকাৰে যাতে স্বেচ্ছাচাৰী ভাৱে শাসন চলাব নোৱাৰে সেই ক্ষেত্ৰত চোকা নজৰ ৰখা।

১১) প্ৰয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনাৰে চৰকাৰৰ কাম কাজক গতিশীলতা প্ৰদান কৰা।

Similar questions