India Languages, asked by pk4227772, 1 month ago

'সময়ৰ সদ্ব্যৱহাৰ' ৰ ওপৰত এখন ৰচনা লিখা।​

Answers

Answered by IraKalita
3

Explanation:

কোৱা হয় কাম কৰা লোকৰ বাবে সময়ৰ নাটনি নাই। বাস্তৱিক ক্ষেত্ৰতো দেখা যায়- তেওঁলোকে প্রতিটো সময় কামৰ মাজেৰে পাৰ কৰে। সময়বোৰ সুন্দৰকৈ সজাই লয়। প্ৰতিটো দিনৰ কৰিবলগীয়া কামবোৰ কিবা কাৰণত কৰিব নোৱাৰিলে মনতে শান্তি নাপায়। সেয়েহে সেইসকলে যেনে তেনে কৰিবলগীয়া কামটো সম্পন্ন কৰিবলৈ যত্ন কৰে। তাৰ বাবে লাগে এটা দৃঢ় মন। কৰ্মৰ মাজেৰে এনে লোকে আচলতে দৃঢ়তাৰে সাধনা কৰে। আমি বেছিভাগ মানুহেই সময়ৰ মূল্য নুবুজো। অর্থ নোহোৱা কথা-বতৰা, অবাবত বহি বা ঘূৰি, অযথা টিভি চাই আমাৰ জীৱনৰ বহু মূল্যৱান সময় অবাবত পাৰ কৰি দিওঁ। ভাবি দুখ লাগে যে এই গুছি যোৱা সময়বোৰ আমাৰ কাৰো জীৱনলৈ আৰু ঘূৰি নাহে।

অথচ আমাৰ সাধাৰণ জীৱন। অসাধাৰণ একো কাম-কাজেই নাই। ৰন্ধা-বঢ়া আৰু খোৱা, তথাপি আমি কৰিবলগীয়া বহু কামেই নকৰো সময়ৰ মূল্য নুবুজাৰ বাবেই। সময়ক আগত লৈ জীৱনৰ কামবোৰ কৰি যোৱা হ’লে আজি কিছু পূর্ণতা অনুভৱ কৰিলোহেঁতেন। জীৱনত আগ বয়সত কৰা ভুলৰ অনুশোচনা কৰিব লগা হয় ভৱিষ্যতৰ দিনবোৰত।

Similar questions