জলচালিকা ক্ৰিয়া বুলিলে কি ?????
Answers
Answer:
ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া ।
উত্তৰঃ পৃথিৱীৰ উপৰিভাগ মহাদেশ (স্থলভাগ) আৰু মহাসাগৰ (জলভাগে) ৰে গঠিত। ইয়াৰে ৭১ শতাংশ জলভাগে আৰু ২৯ শতাংশ স্থলভাগেৰে আগুৰি আছে। মহাদেশ কেইখনৰ ভিতৰ ভাগত সমভূমি, মালভূমি, পাহাৰ - পৰ্বত, নদী - উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায়। সেইদৰে মহাসাগৰ কেইখনতো পাণীত বুৰ গৈ থকা অবস্থাত আছে মালভূমি, সমতল, পাহাৰৰ লানি, গভীৰ খাত, প্ৰবাল প্ৰাচীৰ আদি অবয়ব। তদুপৰি মহাসাগৰত সৰু ডাঙৰ বহুতো দ্বীপো দেখা যায়।
ভূ-পৃষ্ঠ আৰু মহাসাগৰৰ তলিৰ এইবোৰ অবয়ব যুগ যুগ ধৰি চলি অহা কিছুমান প্ৰক্ৰিয়া বা ক্ৰিয়াৰ ফলত সৃষ্টি হৈছে। পৃথিৱীৰ স্থলভাগ আৰু জলভাগত ক্ৰিয়া কৰি থকা কাৰকসমূহৰ কিছুমান বাহ্যিক আৰু কিছুমান আভ্যন্তৰীণ। বাহ্যিক কাৰকবোৰৰ ভিতৰত সূয্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। আনহাতে আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদগীৰণ প্ৰধান। আভ্যন্তৰীণ কাৰক বোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ অন্তৰ্ভাগতো ক্ৰিয়া কৰিব পাৰে। এইবোৰ কাৰকে সাধাৰণতে ভূ-পৃষ্ঠৰ লগতে মহাসাগৰৰ তলি ভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হলে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব বা বহি যাব পাৰে।
২। ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা ।
উত্তৰঃ পৃথিৱীৰ উপৰিভাগ পৰিৱৰ্তনশীল। সময়ৰ গতিত ভূ-পৃষ্ঠৰ সকলোতে পৰিৱৰ্তন ঘটে। ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰা কাৰকবোৰৰ কিছুমান বাহ্যিক আৰু কিছুমান আভ্যন্তৰীণ। বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকবোৰৰ সমম্বিত ক্ৰিয়াই ভূ-পৃষ্ঠক বৰ্তমানৰ অবস্থা পোৱাইছে। এই কাৰক বোৰৰ ক্ৰিয়াৰ ফলতেই ভৱিষ্যতেও ভূ-পৃষ্ঠৰ পৰিৱৰ্তন হৈ থাকিব। কাৰক বোৰৰো সময়ৰ গতিত পৰিৱৰ্তন ঘটিব। বাহ্যিক কাৰক বোৰে আমি দেখিব পৰাকৈ বাহিৰৰ পৰা ক্ৰিয়া কৰে আৰু আভ্যন্তৰীণ কাৰক বোৰে অামি নেদেখাকৈ পৃথিৱীৰ অন্তৰ্ভাগত ক্ৰিয়া কৰি থাকে। বাহ্যিক কাৰক বোৰৰ ভিতৰত সূয্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। আনহাতে আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদগীৰণ প্ৰধান। তদুপৰি ভূ-পৃষ্ঠত থকা গছ-গছনি, জীৱ-জন্তু আদি জৈৱিক কাৰকেও ভূ-পৃষ্ঠৰ পৰিৱৰ্তনত কম বেছি পৰিমাণে অৰিহণা যোগায়।
৩। বাহ্যিক কাৰক মানে কি ? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা ।
উত্তৰঃ ভূ-পৃষ্ঠত বাহ্যিক কাৰক বোৰ মূলত: বাহিৰৰ পৰা ক্ৰিয়া কৰে। এই কাৰক বোৰৰ উৎস সূৰ্য আৰু বায়ুমণ্ডল।
বাহ্যিক কাৰকবোৰৰ ভিতৰত সৌৰশক্তি, বতাহ, বৰষুণ, নদী, হিমবাহ, আৰু সাগৰৰ ঢৌ প্ৰধান।
৪। ভূমিকম্প আৰু আগ্নেয় উগ্নীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় ?
উত্তৰঃ আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলি ভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হলে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে। আগ্নেয় উদগীৰণ সংঘটিত হলে ভূমিকম্প হয় আৰু সংশ্লিষ্ট ঠাইত আগ্নেয়গিৰিৰো সৃষ্টি হয়। সেইবাবে ভূমিকম্প আৰু আগ্নেয় উদগীৰণক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়।