India Languages, asked by XxCharmingGuyxX, 22 days ago

ব্যাখ্যা কৰা :- "ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ"​

Answers

Answered by rana9999
1

Answer:

ভোগের চেয়ে ত্যাগেই সুখ।।মে বি এটাই হবে।।।

Answered by TRISHNADEVI
11

ANSWER :

 \\

  • "ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ ।"

 \:  \:  \:  \:  \:  \:  \:  \:  উক্ত কথাষাৰ একাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি "সাহিত্য সৌৰভ"ৰ অৰ্ন্তগত জোনাকী যুগৰ উল্লেখযোগ্য গদ্যলেখক তথা অসমীয়া সাহিত্যত 'বেকন' হিচাপে খ্যাত সত্যনাথ বৰাদেৱৰ "ধনৰ ব্যৱহাৰ" নামৰ তত্ত্বগধুৰ পাঠটিৰ পৰা বুটলি অনা হৈছে ।

 \:  \:  \:  \:  \:  \:  \:  \:  মানসিক দৃষ্টিভংগীৰ পাৰ্থক্যই মানুহৰ জীৱন ধাৰণৰ মানদণ্ডত কেনেদৰে পাৰ্থক্য আনে; "ধনৰ ব্যৱহাৰ" নামৰ পাঠটিৰ জৰিয়তে এই কথা স্পষ্টৰূপত বৰ্ণনা কৰিবলৈ প্ৰসংগক্ৰমে লেখকে উক্ত কথাষাৰ ব্যক্ত কৰিছে ।

 \:  \:  \:  \:  \:  \:  \:  \:  প্ৰত্যেক মানুহৰে জীৱন ধাৰণ প্ৰণালীত ধনৰ প্ৰয়োজন অপৰিসীম । ধনৰ সহায়ত মানুহে নিজৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ লগতে প্ৰয়োজনৰ সময়ত দুৰ্গতজনক সামৰ্থ অনুযায়ী দান কৰি, সমাজৰ উন্নয়নমূলক কামত বৰঙনি যোগাই সৰ্বসাধাৰণক উপকাৰ কৰিব পাৰি । গতিকে, ধনৰ উচিত মূল্য বুজাসকলে এনেদৰে ধন ভোগ কৰি আৰু লোকহিতকৰ কামত খৰচ কৰি বিমল আনন্দ লাভ কৰাৰ লগতে এটি সুখী জীৱন গঢ়ি তোলে ।মুঠৰ ওপৰত ক'বলৈ গ'লে সজ বা অসজ যিকোনো বৃত্তি পূৰাবলৈ মানুহক ধনৰ প্ৰয়োজন। কিন্ত, পৃথিৱীত বহু লোক আছে যিসকলে ধন থাকিও দৰিদ্ৰ জীৱন যাপন কৰে । ধন থাকিও তেওঁলোকে প্রয়োজনীয় বস্তু কিনাত খৰচ নকৰে। কেৱল লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা কাৰ্যত ধন খৰচ কৰা কৃপণ শ্ৰেণীৰ লোকে স্বাচ্ছন্দ্য জীৱন ধাৰণ তথা জনসাধাৰণৰ হিতৰ বাবে কৰা ধনৰ ব্যৱহাৰক ধনৰ অত্যাচাৰ আৰু অপব্যয় বুলিহে জ্ঞান কৰে । আচলতে ধনৰ পৰিমাণ বঢ়াবলৈকে তেওঁলোকে কেৱল ধন আর্জে। এনে লোকে পাৰ্থিৱ বস্তু নহয়, চকুৰে কেৱল ধন দেখি থাকিলেই পৰম আনন্দ পায়। বিভিন্ন সা-সম্পদ কিনি সেইবোৰ উপভোগৰ দ্বাৰা তেওঁলোকে সুখ নাপায়, বৰং ধন দেখিহে আনন্দত আত্মহাৰা হয়। ধনৰ ব্যৱহাৰ অইন ধৰণেৰেও যে হয় সেয়া তেওঁলোকে নাজানে, স্বয়ং ধনেই তেওঁলোকৰ সুখৰ একমাত্র উৎস। ভোগৰ কাৰণে তেওঁলোকক ধন নালাগে, সেয়ে কিমান ধন হলে তেওঁলোক পৰিপূৰ্ণ হ'ব সেয়া বুজি নাপায়। ধন দেখি থকিলেই তেওঁলোক সুখী হৈ পৰে লাগিলে দৈনন্দিন জীৱন দৰিদ্ৰ লোকৰ নিচিনাই নহওক কিয় ।

এনেদৰে সুখ আৰু ভোগৰ নিমিত্তে ধনক ব্যৱহাৰ কৰিব নজনা কৃপণ লোকৰ কথা ক’বলৈ গৈয়েই লেখকে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে।

Similar questions