World Languages, asked by taetae398, 7 hours ago

মানুহৰ সিদ্ধি লাভৰ উপায় কি?​

Answers

Answered by attarshoyeb90
2

Answer:

যেই সেই কৰ্ম্মই যেই সেই মানুহৰ উদ্‌গতিৰ আলম হ'ব নোৱাৰে, মানুহে পতি কৰ্ম্ম বেলেগ বেলেগ হয়। যাৰ যি কৰ্ম্মত ৰাপ সি সেই কৰ্ম্ম বাছি লোৱা উচিত; কিন্তু কৰ্ম্ম বাছনি নিচেই উজু নহয়। কৰ্ম্ম বাছি ল'ব নজনাৰ দোষত কোনো কোনোৱে গোটেইটো জীৱন কৰ্ম্ম কৰিও সংসাৰত উদ্‌গতি কৰিব নোৱাৰে। কৰ্ম্ম বাছনি সম্বন্ধে নিজৰ মনেই মঙ্গল, অৰ্থাৎ যি কামটো নিজৰ মনত ভাল লাগে, তাকে ল'ব লাগে। সচৰাচৰ দেখা যায় যে একোজন মানুহৰ কোনো এটা বিশেষ কামত ৰতি থাকে, সেই কাম সি কৰিবলৈ ভাল পায়, আৰু অপ্ৰয়াসে কৰিব পাৰে, কিন্তু কোনোটো কাম অহোপুৰুষাৰ্থ কৰিও কৰিব নোৱাৰে। পাচে যদি বুজাৰ ভুলত বা আন কোনো কাৰণত সি পোনৰ বিধ এৰি শেষৰ বিধ কামৰ আলম লয়, তেনেহলে সংসাৰত উদ্‌গতি কৰা তাৰ পক্ষে টান হয়। এতেকে যি কামত যাৰ ৰতি থাকে সেই কামহে সি জীৱনত ব্যৱসায় কৰি লোৱা উচিত। যাৰ কৃষিত ৰতি সি কৃষি, যাৰ বেপাৰত ৰতি সি বেপাৰ আৰু যাৰ বিষয়ত ৰ সি বিষয় গ্ৰহণ কৰা উচিত। কৃষি ভাল পোৱা মানুহে বিষয় বা বিষয় ভাল পোৱা মানুহে কৃষি গ্ৰহণ কৰিলে অসঙ্গত আলমৰ আশ্ৰয় লোৱা হয়। সৰহ লাভৰ আশাত মনে নধৰা বৃত্তি গ্ৰহণ কৰিলে মানুহে কেতিয়াও সংসাৰত উদ্‌গতি কৰিব [ ৪২ ]নোৱাৰে। ঘুৰণীয়া ফুটাত শিৰ পতা ঠিলা কেতিয়াও খাপ খাই নবহে।

Similar questions