চমু টোকা লিখা : জিকিৰ
Answers
Answered by
3
চমু টোকা (জিকিৰ):-
- জিকিৰসমূহ সাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ব, আদৰ্শ আৰু আচাৰ- নীতিৰ মৌলিক ভাব- চিন্তা প্ৰকাশক কিছু সংখ্যক ভক্তিমূলক গীত। অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী- পাৰ্ছী মূলৰ শব্দও জিকিৰত অন্তৰ্ভুক্ত হৈছে। আজান পীৰে এই জিকিৰ সমূহ ৰচনা কৰিছিল বুলি জনা যায়। জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হল ঘনে ঘনে উচ্চাৰণ কৰা। যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে - তাকে জিকিৰ বোলে। জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাবাদৰ্শ, কলিমাৰ মহত্ব, ইহকাল আৰু পৰকালৰ কৰণীয় কৰ্ত্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব ব্যৱহাৰিক জীৱনৰ নানান উপাদেয় কথা ইত্যাদি প্ৰকাশ কৰা হৈছে।
Similar questions