কিয় বিশ্বামিত্রৰ অনেক দুখৰ কাৰণ জন্ম বোলা হৈছে
Answers
Answer:
ব্রহ্মর্ষি বিশ্বমিত্র (সংস্কৃত: विश्वामित्र, বিশ্ব-মিত্র) হলেন প্রাচীন ভারতের অন্যতম পূজনীয় ঋষি বা ঋষি। একজন স্বর্গীয় সত্তা, তিনি গায়ত্রী মন্ত্র সহ ঋগ্বেদের অধিকাংশ মন্ডলা 3-এর লেখক হিসেবেও কৃতিত্ব লাভ করেন। পুরাণে উল্লেখ করা হয়েছে যে প্রাচীনকাল থেকে শুধুমাত্র 24 জন ঋষিই গায়ত্রী মন্ত্রের সম্পূর্ণ অর্থ বুঝতে পেরেছেন এবং এইভাবে -এর পুরো শক্তিকে পরিচালনা করেছেন।
Explanation:
Please mark my answer as brainliest.
Thank u
Answer:
বিশ্বামিত্ৰৰ প্ৰকৃত নাম আছিল ৰজা কৌশিক । এবাৰ তেওঁ মহৰ্ষি বৈশিষ্ঠৰ সৈতে হোৱা যুদ্ধত পৰাজয় বৰণ কৰিব লগীয়া হোৱাত লাজ পাই নিজৰ এজন পুত্ৰৰ হাতত ৰাজ্যভাৰ শোধাই বৈশিষ্ঠৰ দৰে ব্ৰহ্মৰ্ষিৰ উপাধি পাবলৈ দুৰ্ঘোৰ তপস্যাত নিমগ্ন হ'ল । তেওঁৰ তপস্যাত সন্তুষ্ট হৈ স্বয়ং ব্ৰহ্মাই ৰজা কৌশিকক ৰাজৰ্ষি উপাধি প্ৰদান কৰিলে । যিহেতু কৌশিক জন্মসূত্ৰে ক্ষত্ৰিয় কুলৰ সেয়েহে ব্ৰহ্মৰ্ষি উপাধি পোৱাটো সহজ নাছিল । গতিকে তেওঁ পুনৰ তপস্যাত মগ্ন হ'ল আৰু প্ৰকৃত ঋষি হোৱাৰ আশীৰ্বাদ ব্ৰহ্মাৰ পৰা লাভ কৰে। কিন্তু এইবাৰো তেওঁ সন্তুষ্ট নহৈ হিমালয়লৈ প্ৰস্থান কৰে আৰু তাত গৈ প্ৰায় এহেজাৰ বছৰ কাল ইন্দ্ৰিয় দমন কৰি কাঠৰ তপস্যা কৰে । দেৱতাসকলৰ অনুৰোধত ব্ৰহ্মাই পুনৰ বিশ্বামিত্ৰৰ সন্মুখত উপস্থিত হৈ ক'লে, " হে পুত্ৰ, তোমাক মই মহৰ্ষি জ্ঞান কৰিলো ।"
ইয়াতো বিশ্বামিত্ৰই নিৰাশ হৈ শ্ৰেষ্ঠ শক্তি আহৰণ কৰাৰ সংকল্প লৈ আগতকৈও কঠোৰভাৱে এহেজাৰ বছৰ তপ আৰম্ভ কৰে ।এনে ঘোৰ তপস্যাত ভয়াৰ্ত দেৱতাসকলে ব্ৰহ্মাক প্ৰাৰ্থনা কৰাত ব্ৰহ্মাই বিশ্বামিত্রৰ আগত আবিৰ্ভাৱ হৈ তেওঁক ব্ৰহ্মৰ্ষি বুলি আদৰি লয় ।
ইয়াৰ পৰাই বুজিব পাৰি যে ক্ষত্ৰিয় কুলত জন্ম হৈ বিশ্বামিত্ৰাই দুৰ্ঘোৰ কষ্ট কৰিহে ব্ৰহ্মৰ্ষি হিচাপে পৰিগণিত হয় । সেয়ে ' গৌৰৱ ' পাঠটিত কোৱা হৈছে "বিশ্বামিত্ৰাৰ অনেক দুখৰ কাৰণো জন্ম" ।
Explanation:
Hope my answer will help you...
সংগ্ৰহ : ৰামায়ণ (মোৰ ব্যক্তিগত পুথিভঁৰাল)