(১) জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে? বুজাই লিখা।
(২)প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা- “ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে।”
Answers
Explanation:
1. উত্তৰঃ অসমত অতীতৰে পৰা বংশ মর্যাদাই প্রাধান্য লাভ কৰিছে । ইয়াৰ বিষয়ে ‘ গৌৰৱ ’ প্রবন্ধটিতো উল্লেখ আছে । বৰুৱাৰ ঘৰৰ ল'ৰাই আগ মালা আৰু আগ ঠগি পোৱাৰ নিয়ম অসমীয়া সামাজিক আইনত বন্ধা আছে । কোলামণি হাজাৰ হওক সাধাৰণ মানুহৰ ল'ৰা , তেওঁ মালা আৰু ঠগি পাছে পাব । বৰুৱাৰ পুতেক গৰুচোৰ হ'লেও ভূঞা পোৱালি , ক'লামণি দাস বংশৰ বিদ্যাভূষণ হ'লেও সাধাৰণ সামান্য মানুহ । এনে ধৰণৰ বংশ পৰম্পৰাই অসমীয়া সমাজত আজিও প্রচলিত । অর্থাৎ উচ্চ বংশৰ লোকসকলে সদায় মর্যাদা আৰু নিম্ন বৰ্গৰ মানুহ গুণসম্পন্ন হ'লেও মর্যাদা নোপোৱাকৈ থকাটো কালিৰাম মেধিৰ ‘ গৌৰৱ ’ প্ৰবন্ধটিত কোৱা হৈছে । ই এক পৰম্পৰাগত আৰু প্ৰবাহিত ৰীতি ৰূপেই আজি প্ৰচলিত হৈ আছে ।
2.উত্তৰঃ উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্যক্রম ' সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘ গৌৰৱ ’ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে । ৰূপৰ বাবেই যে বিভিন্ন কাৰণ সংঘটিত হয় আৰু বহুবোৰ কাৰ্যৰ আৰু যে ৰূপেই ক্ৰিয়া কৰে সেয়া উদ্ধৃত বাক্যশাৰীত প্ৰকাশিত হৈছে ।গৌৰৱ উৎপন্ন হোৱা দ্বিতীয় বিধ উপাদান শৰীৰৰ ভিতৰতো ৰূপে অন্যতম । ৰূপে জ্ঞানীৰ অজ্ঞানী কৰে , যুদ্ধ বিগ্ৰহৰ সৃষ্টি কৰে । ৰূপে জগতৰ বুৰঞ্জী পৰিৱৰ্তন কৰে আৰু নিৰ্বলীক বলী কৰে । মহাদেৱৰ নিচিনা যোগিকো ভগৱানৰ বিস্ববিমোহন ৰূপে বলিয়া কৰিছিল । ৰাম ৰাৱণৰ যুদ্ধ আৰু গ্ৰীক ট্ৰজান যুদ্ধৰ কাৰণ ৰূপ । ডাণ্টেৰ ‘ ডিভাইন কমেডি’ৰূপৰ পৰাই ওলাইছে । ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে । হিৰোৰ লাৱন্য শক্তিৰ প্ৰভাৱত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাঁতুৰি সাঁতুৰি পাৰ হ'বলৈ ভয় নকৰিছিল । সাপ যেনেকৈ ৰোগীৰ মন্ত্ৰত মুগ্ধ হয় , মানুহে তেনেকৈ ৰূপ যুগ্ধ হয় । এই ৰূপৰ বলতে বহুতে বহুত ঠাইত মান আৰু ভক্তি পায় । মহাপুৰুষ শংকৰদেৱৰ ৰূপ আৰু শান্ত মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্ধীৰ পৰাও ভক্তি আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল । ৰূপৰ প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰহাতৰ তৰোৱাল খহি পৰিছিল । ৰূপ ঈশ্বৰদত্ত । কামদেৱ , এণ্ডিমিয়ান , তিলোত্তমা আৰু হলেনৰ ৰূপ মধুৰী নিজৰ আৰ্জিত নহয় । কিন্তু সেইবুলিয়ে ৰূপৰ ওপৰত যে আমাৰ হাত নাই এনে নহয় । হৰমোহন ৰূপ পাবলৈ নোৱাৰিলেও নিজ চেষ্টাৰ বলত কুৎসিত আকাৰ কিছু পৰিমানে কমাব পাৰি । জাপানিবিলাকে তেওঁলোকৰ গঢ় কুকেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে । কিঞ্চিত কৃতকাৰ্যও হৈছিল । ৰূপ সৌন্দৰ্য্য বঢ়োৱাত স্বাস্থ্যই বৰ সহায় কৰে । ভাল স্বাস্থ্য থাকিলে আৰু তেজ পৰিষ্কাৰ থাকিলে মুখৰ গঢ় বেয়া হ'লেও আৰু মানুহ দেখিবলৈ কুশ্ৰী নহয় । কিন্তু ৰোগীয়া মানুহৰ মুখ কাৰ্তিক , নাৰ্চিছাছৰ দৰে সুন্দৰ হ'লেও দেখিবলৈ কুৎচিত আৰু ঘিন লগা হয় । শৰীৰৰ মানসিক আৰ অন্তর্লিন ব ^ ৰূপৰ জেউতি চৰায় ।