বস্ত্ৰ শিল্প বিষয়ে লিখা
Answers
Answer:
Answer:প্ৰাচীন কালৰে পৰা বয়ন শিল্পত অসম, ভাৰত বিখ্যাত।অসমৰ হস্ততাঁত-বস্ত্ৰ শিল্পৰ গ্ৰাম্য অৰ্থনীতিত অৰিহণা বহুত।অসমীয়া তিৰোতাসকলৰ অতীজৰে পৰা শিপিনীৰূপে এক সুকীয়া পৰিচয় আছে।এই হস্ততাঁত আৰু বস্ত্ৰ শিল্প অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ।এক কথাত ক’বলৈ গ’লে বয়ন শিল্প অসমীয়া সংস্কৃতিৰ পৰম্পৰা, আৰু এই পৰম্পৰা জীয়াই ৰখাটো প্ৰত্যেকজন অসমীয়াৰে দায়িত্ব।
Answer:প্ৰাচীন কালৰে পৰা বয়ন শিল্পত অসম, ভাৰত বিখ্যাত।অসমৰ হস্ততাঁত-বস্ত্ৰ শিল্পৰ গ্ৰাম্য অৰ্থনীতিত অৰিহণা বহুত।অসমীয়া তিৰোতাসকলৰ অতীজৰে পৰা শিপিনীৰূপে এক সুকীয়া পৰিচয় আছে।এই হস্ততাঁত আৰু বস্ত্ৰ শিল্প অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ।এক কথাত ক’বলৈ গ’লে বয়ন শিল্প অসমীয়া সংস্কৃতিৰ পৰম্পৰা, আৰু এই পৰম্পৰা জীয়াই ৰখাটো প্ৰত্যেকজন অসমীয়াৰে দায়িত্ব। বয়ন শিল্প অবিহনে অসমৰ অৰ্থনীতি সুচল বুলিব নোৱাৰি।আৰু গ্ৰামাঞ্চলসমূহৰ উন্নতি অবিহনে এখন ৰাষ্ট্ৰৰ সামগ্ৰিক উন্নতি সম্ভৱ নহয়।এই শিল্পই অসমীয়া সংস্কৃতিৰ ঐতিহ্য আৰু জন-জীৱনৰ অপৰিহাৰ্য অংগ হিচাপে ৰাজ্যখনৰ অৰ্থনীতিত ৰাজ্যখনৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। অসমীয়াৰ ঐতিহ্যৰ প্ৰতীক গামোচা উৎকৃষ্ট নিদৰ্শন। গামোচাই অসমীয়াৰ সংস্কৃতি সৰ্বতো প্ৰকাৰে ধৰি ৰাখিছে। বৰ্ত্তমান এই গামোচা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিবলৈও সক্ষম হৈছে। লগতে গামোচাৰ চাহিদাও দিনক দিনে বাঢ়িছে।