India Languages, asked by prithivirajpegu, 6 days ago

'বিপদৰ বন্ধু হে আচল বন্ধু' ভাব বহলাই লিখা​

Answers

Answered by XxCharmingGuyxX
4

কোৱা হয় বিপদৰ বন্ধুহে আচল বন্ধু। এদিন আপোনাৰ বিপদ হ’ব। আৰু সেইদিনাহে আপুনি আপোনাৰ বন্ধু আছে নে নাই চিনি পাব। যদিহে সমগ্ৰ জীৱনটোত আপোনাৰ এদিনো বিপদ নহয়, তেন্তে আপুনি আচল বন্ধুজনক চিনি উলিয়াব কেনেকৈ? বন্ধুৰ বিপদত বন্ধুৱে সহায়ৰ হাত আগবঢ়ায়। বন্ধুৰ সুখত বন্ধুৱে সুখ অনুভৱ কৰে। বন্ধুৱে যেতিয়া পৰীক্ষাত ফেইল কৰে তেতিয়া বেয়া লাগে। বন্ধু যেতিয়া পৰীক্ষাত প্ৰথম হয় তেতিয়াও বেয়া লাগে। 'থ্ৰী ইডিয়টছ’ চিনেমাখনৰ এটা গুৰুত্বপূৰ্ণ সংলাপ এয়া।

বন্ধুত্বৰ থাকিব পাৰে হাজাৰ সংজ্ঞা। ইমানবোৰ সংজ্ঞাৰ ভিৰৰ মাজতো ক’ব পাৰি যে যিসকলক মৰমৰ ডোলেৰে বান্ধি ৰখা হয় সেইসকলেই বন্ধু। পিছে এই ডোলডাল তেনেই চুটি। জাতি-ধৰ্ম, বৰ্ণ, লিংগ, বয়স নিৰ্বিশেষে বছা বছা কেইজনমানকহে বান্ধি ৰাখিব পাৰি। কেতিয়াবা ডোলডালেৰে ভুল মানুহকো বান্ধি পেলোৱা যায়। কেতিয়াবা আকৌ কিছুমানে বান্ধ ছিঙি আঁতৰি যায়। আকৌ কেতিয়াবা গোটেই জীৱনটো ডোলডাল এনেয়ে লৈ ঘূৰি ফুৰিবলগীয়া হয়। বান্ধিব বিচাৰিলেও ডোলডালৰ জোখাৰে এজনকো বিচাৰি পোৱা নাযায়।

বহুতে কয় যে এতিয়া মানুহবোৰ সলনি হ’ল। সেয়ে সঁচা বন্ধু বিচাৰি পাবলৈ টান। পিছে কথাটো সত্যনে? সেই তাহানিতেও ভাল-বেয়া দুই ধৰণৰ মানুহ আছিল। এতিয়াও দুই ধৰণৰ মানুহ আছে। আকৌ বহুতেই কয় যে বন্ধুত্ব সদায় নিস্বাৰ্থ হ’ব লাগে। কিন্তু সেয়া সম্ভৱ নে? আমি এফালে কওঁ যে বিপদৰ বন্ধুহে আচল বন্ধু আৰু আনফালে কওঁ যে বন্ধুত্বত কোনো স্বাৰ্থই থাকিব নালাগে। দুয়োটা কথাই পৰস্পৰ বিৰোধী। যদিহে বিপদৰ বন্ধুজনহে আচল বন্ধু তেন্তে এটা কথা স্বীকাৰ কৰিবই লাগিব যে আমি এজনে আনজনৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক বৰ্তাই ৰখাত আমাৰ অজ্ঞাতে হ’লেও এটা স্বাৰ্থ ৰৈ যায়। সেয়া হৈছে এদিন মোৰ বিপদ হ’লে মোৰ বন্ধুজনে মোক সহায় কৰিব। তেনেকৈ বন্ধুজনেও মোৰ পৰা সেই একেটা আশাকে কৰে। গতিকে এয়া সুস্পষ্ট যে বন্ধুত্বতো স্বাৰ্থ নিহিত থাকে।

Similar questions