Social Sciences, asked by zannatYasmin100, 6 days ago

অসমৰ পৰ্যতন উদ্যোগৰ সম্ভাবনা সমূহৰ বিষয়ে চমুকৈ লিখা​

Answers

Answered by Benjamin12346
4

Answer:

প্ৰকৃতিৰ অপূৰ্ব নান্দনিক শোভা, জনগোষ্ঠীগত বৈশিষ্ট্য আৰু বিভিন্ন জীৱ-জন্তুৰ কাৰণে উত্তৰ-পূৰ্বাঞ্চল বিশ্বৰ যিকোনো ঠাইৰ পৰ্যটনৰ বাবে বিশেষভাৱে আকৰ্ষণীয় ৰম্যভূমি হিচাপে পৰিগণিত হ’ব পাৰে। পৰ্যটন উদ্যোগৰ প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য কৰি পৰ্যটনৰ ক্ষেত্ৰখন অধিক প্ৰসাৰিত কৰাৰ বাবে পৰ্যটন থলী গঢ়ি তোলা তথা উন্নয়ন সাধন অতীৱ প্ৰয়োজন। অসমৰ অৰ্থনীতিৰ জ্বলন্ত সমস্যাৰাজিৰ অন্যতম নিবনু৭ৱা সমস্যাটো সমাধানৰ উপযুক্ত সম্ভাৱনাময় ক্ষেত্ৰ হোৱাৰ পৰিপেক্ষিতত বন্যপ্ৰাণী পৰ্যটন, সাংস্কৃতিক পৰ্যটন আদি খণ্ডসমূহে নিবনুৱা যুৱক-যুৱতীসকলৰ প্ৰতি আশাৰ বতৰা কঢ়িয়াই আনিছে। এক শংকাবিহীন শান্তিময় অনুকূল পৰিৱেশত প্ৰাকৃতিক সৌন্দৰ্য, বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতিৰ যাদুঘৰ অসমৰ আপুৰুগীয়া সম্পদসমূহক পৰ্যটকসকলৰ উপভোগৰ বাবে মুকলি কৰি দিব পাৰিলে পৰ্যটনে অনতিপলমে এক লাভজনক উদ্যোগ হিচাপে ঠন ধৰি উঠিব। থাইলেণ্ড, চুইজাৰলেণ্ড, ছিংগাপুৰ, ইটালী, মালয়েছিয়া, হংকং, কম্বোদিয়া, লাওচ আদি দেশবোৰে পৰ্যটন উদ্যোগৰ জৰিয়তে প্ৰচুৰ পৰিমাণে বৈদেশিক মুদ্ৰা উপাৰ্জন কৰি দেশৰ অৰ্থনীতি টনকিয়াল কৰি তুলিছে। অসম পৰ্যটনৰ এখন সম্ভাৱনাময় ক্ষেত্ৰ। বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মহাবাহু ব্ৰহ্মপুত্ৰ, বৃহৎ নদীদ্বীপ মাজুলী, শিৱসাগৰৰ ছশ বছৰীয়া আহোম ৰাজত্বৰ কীৰ্তিস্তম্ভ, উমানন্দ, পক্ষী অভয়াৰণ্য দীপৰ বিল, প্ৰাচ্যৰ মানচেষ্টাৰ ৰূপে খ্যাত শুৱালকুছিৰ বস্ত্ৰ উদ্যোগ, ব্যাঘ্ৰ প্ৰকল্পৰ বাবে বিখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যান, শাৰী শাৰী চাহগছ, পক্ষীৰ আত্মহত্যাৰ ৰহস্যৰে ৰহস্যাবৃত জাতিংগা, সোণালী বান্দৰৰ বাবে বিখ্যাত কাকৈজান বনাঞ্চল, গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰ, শদিয়াৰ কেঁচাইখাতী মন্দিৰ, ব্ৰহ্মপুত্ৰৰ মাজত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ইত্যাদি অসম পৰ্যটনৰ সমলবোৰ দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। প্ৰকৃতিদত্ত সমলবোৰেৰে চহকী অসমক পৰ্যটকসকলৰ ভূ-স্বৰ্গ বুলি ক’লেও বঢ়াই কোৱা নহয়। চৰকাৰৰ আশাসুধীয়া নিৰলস প্ৰচেষ্টাত অসমে ক্ৰমে বিশ্ব পৰ্যটনৰ মানচিত্ৰত এখন সুকীয়া আসন অধিকাৰ কৰাৰ পথত আগবাঢ়িছে।

প্ৰকৃতিৰ অপূৰ্ব নান্দনিক শোভা, জনগোষ্ঠীগত বৈশিষ্ট্য আৰু বিভিন্ন জীৱ-জন্তুৰ কাৰণে উত্তৰ-পূৰ্বাঞ্চল বিশ্বৰ যিকোনো ঠাইৰ পৰ্যটনৰ বাবে বিশেষভাৱে আকৰ্ষণীয় ৰম্যভূমি হিচাপে পৰিগণিত হ’ব পাৰে। পৰ্যটন উদ্যোগৰ প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য কৰি পৰ্যটনৰ ক্ষেত্ৰখন অধিক প্ৰসাৰিত কৰাৰ বাবে পৰ্যটন থলী গঢ়ি তোলা তথা উন্নয়ন সাধন অতীৱ প্ৰয়োজন। অসমৰ অৰ্থনীতিৰ জ্বলন্ত সমস্যাৰাজিৰ অন্যতম নিবনু৭ৱা সমস্যাটো সমাধানৰ উপযুক্ত সম্ভাৱনাময় ক্ষেত্ৰ হোৱাৰ পৰিপেক্ষিতত বন্যপ্ৰাণী পৰ্যটন, সাংস্কৃতিক পৰ্যটন আদি খণ্ডসমূহে নিবনুৱা যুৱক-যুৱতীসকলৰ প্ৰতি আশাৰ বতৰা কঢ়িয়াই আনিছে। এক শংকাবিহীন শান্তিময় অনুকূল পৰিৱেশত প্ৰাকৃতিক সৌন্দৰ্য, বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতিৰ যাদুঘৰ অসমৰ আপুৰুগীয়া সম্পদসমূহক পৰ্যটকসকলৰ উপভোগৰ বাবে মুকলি কৰি দিব পাৰিলে পৰ্যটনে অনতিপলমে এক লাভজনক উদ্যোগ হিচাপে ঠন ধৰি উঠিব। থাইলেণ্ড, চুইজাৰলেণ্ড, ছিংগাপুৰ, ইটালী, মালয়েছিয়া, হংকং, কম্বোদিয়া, লাওচ আদি দেশবোৰে পৰ্যটন উদ্যোগৰ জৰিয়তে প্ৰচুৰ পৰিমাণে বৈদেশিক মুদ্ৰা উপাৰ্জন কৰি দেশৰ অৰ্থনীতি টনকিয়াল কৰি তুলিছে। অসম পৰ্যটনৰ এখন সম্ভাৱনাময় ক্ষেত্ৰ। বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মহাবাহু ব্ৰহ্মপুত্ৰ, বৃহৎ নদীদ্বীপ মাজুলী, শিৱসাগৰৰ ছশ বছৰীয়া আহোম ৰাজত্বৰ কীৰ্তিস্তম্ভ, উমানন্দ, পক্ষী অভয়াৰণ্য দীপৰ বিল, প্ৰাচ্যৰ মানচেষ্টাৰ ৰূপে খ্যাত শুৱালকুছিৰ বস্ত্ৰ উদ্যোগ, ব্যাঘ্ৰ প্ৰকল্পৰ বাবে বিখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যান, শাৰী শাৰী চাহগছ, পক্ষীৰ আত্মহত্যাৰ ৰহস্যৰে ৰহস্যাবৃত জাতিংগা, সোণালী বান্দৰৰ বাবে বিখ্যাত কাকৈজান বনাঞ্চল, গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰ, শদিয়াৰ কেঁচাইখাতী মন্দিৰ, ব্ৰহ্মপুত্ৰৰ মাজত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ইত্যাদি অসম পৰ্যটনৰ সমলবোৰ দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। প্ৰকৃতিদত্ত সমলবোৰেৰে চহকী অসমক পৰ্যটকসকলৰ ভূ-স্বৰ্গ বুলি ক’লেও বঢ়াই কোৱা নহয়। চৰকাৰৰ আশাসুধীয়া নিৰলস প্ৰচেষ্টাত অসমে ক্ৰমে বিশ্ব পৰ্যটনৰ মানচিত্ৰত এখন সুকীয়া আসন অধিকাৰ কৰাৰ পথত আগবাঢ়িছে।আধুনিক জগতৰ যান্ত্ৰিক নগৰ সভ্যতাই মানুহৰ অন্তৰৰ গভীৰত সুপ্ত হৈ থকা প্ৰকৃতিৰ মনোৰমা সৌন্দৰ্য সুষমা পান কৰাৰ নান্দনিক পিয়াহক আজিও নি:শেষ কৰিব পৰা নাই। মানুহে সদায় নেদেখা বস্তু চোৱাৰ আৰু নজনা কথা জনাৰ চিৰন্তন উৎসুক্যৰ বাবে সভ্যতাই বিকাশৰ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। আজিৰ যুগত পৰ্যটনৰ উন্নয়নে এখন দেশ বা ৰাজ্যৰ আৰ্থ-সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক দিশৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে পৰ্যটনৰ বিকাশৰ লগত জড়িত ব্যক্তিসকলৰ সৌন্দৰ্য জ্ঞান, কল্পনাশক্তি, ঐতিহ্য-পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধা আৰু স্থপতি জ্ঞানৰ লগতে ৰাজ্যখনৰ সম্যক ভৌগোলিক, ঐতিহাসিক তথা সাংস্কৃতিক জ্ঞান থকাটো নিতান্ত দৰকাৰ। প্ৰকৃতিৰ অমলিন নৈসৰ্গিক শোভাই সুদূৰ অতীজৰে পৰা মানুহক আকৰ্ষণ কৰি আহিছে। ৰাজ্যখনৰ পৰম্পৰাগত স্বকীয় বৈশিষ্টখিনি ৰক্ষা কৰি তাৰ জৰিয়তে পৰ্যটনৰ বিকাশৰ এক বলিষ্ঠ ভূমিকা ল’লে অসমত পৰ্যটন উদ্যোগে দেশৰ ভিতৰতে এক শক্তিশালী উদ্যোগৰূপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হ’ব। অসমত এই খণ্ডটোৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ উন্নত দেশসমূহৰ দৰে পৰ্যটনেই হ’ব পাৰে আমাৰ ঔদ্যোগীকৰণৰ মূল আধাৰ। উন্নত যোগাযোগ, বন্ধুত্বসুলভ তথা স্বাস্থ্যসন্মত নিৰাপদ পৰিৱেশৰ লগতে প্ৰদূষণমুক্ত বাতাবৰণ, থকা-খোৱাৰ আৰামদায়ক হোটেল বা পৰ্যটন নিবাস আদিয়ে পৰ্যটন খণ্ডৰ বিকাশত যোগাত্মক অৰিহণা যোগায়। এলানি অভিলাষী আৰু উদ্ভাৱনীমূলক আঁচনিৰে পৰ্যটকে সততে সন্মুখীন হোৱা নিৰাপত্তাৰ অভাৱ, থকা-খোৱাৰ অসুবিধা, যাতায়তৰ আহুকাল আদি পৰ্যটন বিকাশৰ অন্তৰায়বোৰ দূৰ কৰাৰ অভিপ্ৰায়েৰে অসমৰ পৰ্যটন মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল উদ্যোগত ৰাজ্য চৰকাৰে শেহতীয়াভাৱে পৰ্যটনৰ আন্ত:গাঁথনিত যথেষ্ট গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে।

Explanation:

PLEASE MAKE ME THE

Similar questions