India Languages, asked by XxCharmingGuyxX, 2 months ago

প্ৰশ্ন :-“বিয়াৰ প্রেজেন্ট’ গল্পটোত মানৱতাবােধ প্রকাশ কিদৰে ঘটিছে আলােচনা কৰা।​

Answers

Answered by TRISHNADEVI
5

ANSWER :

 \\

মানৱতাবোধৰ পোহৰেৰে আলোকিত হৈ থকা চৈয়দ আব্দুল মালিক বিৰচিত "বিয়াৰ প্ৰেজেন্ট" গল্পটো আগবাঢ়িছে এখন বিয়াৰ লগত জড়িত আৱেগ আৰু ঘটনাক্রমে সেই আৱেগকো পৰাভূত কৰা কথকৰ গাঁৱৰে চুবুৰীয়াৰ দুৰ্যোগৰ কাহিনীৰে ।

 \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \: পাঠটিত উল্লেখ কৰা মতে, কথকৰ পৰিয়াল এটি আর্থিক সীমাবদ্ধতাৰ মাজত থকা পৰিয়াল। সেয়ে তেওঁৰ পত্নী নাজিয়াৰ সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়ালৈ যাবলৈ প্ৰবল হেঁপাহ থকা স্বত্ত্বেও পতি-পত্নী দুয়ো যোৱাত আৰ্থিক বাধা-নিষেধ আহি পৰে। কিয়নো অহা-যোৱা, কইনালৈ উপহাৰ কিনা আদি মিলাই যিমান খৰচ হ’ব সিমান খৰচ কৰিব তেওঁলোকে নোৱাৰে। অৱশেষত, আৱেগিক সম্পৰ্কৰে বান্ধ খাই থকা আপোন মানুহৰ বিয়ালৈ হাতত অলপ টকা লৈ নাজিয়া অকলে গ’ল। টাউনৰ বাছ আস্থানৰ পৰা বিয়াঘৰলৈ বুলি ৰিক্সাত উঠিবলৈ আগ বাঢ়োতেই তেওঁ একেখন গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পালে । ঠাকুৰৰ কথাৰ পৰা নাজিয়াই গম পালে যে তেওঁৰ নুমলীয়া জীয়েকৰ কেইবাদিনো ধৰি অসুখ। গাঁৱৰ বেজে ভাল কৰিব নোৱাৰাত নগৰৰ হাস্পতাললৈ আনিছে। ডাক্তৰে চাই সোনকালে অপাৰেশ্যন নকৰালে বিপদ হ’ব পাৰে বুলি ক'লে। অপাৰেশ্যন কৰালে ডেৰশমান টকাৰ তেজ দিয়াব লাগিব বুলিও ক'লে। ঠাকুৰৰ হাতত সিমান পইচা নাই, বেচিবলৈ বা বন্ধক দিবলৈ মাটিও নাই। তথাপি কিবা উপায় ওলাই নেকি বুলি গাঁৱলৈকে যাবলৈ আহিছে। কথাখিনি গম পাই নাজিয়াই বৰ দুখ পালে আৰু ঠাকুৰৰ কষ্ট উপলব্ধি কৰি তেওঁৰ লগত হাস্পতাললৈ গ'ল। ডাক্তৰৰ লগত ঠাকুৰৰ কথা পতাই সিদিনাই অপাৰেশ্যনৰ দিহা কৰালে। বিয়াৰ খৰচৰ বাবে নিয়া পইচাকেইটা তেজ কিনিবলৈ ঠাকুৰৰ হাতত গুঁজি দিলে। পাঁচ বজালৈকে হাস্পতালত থাকি অপাৰেচন সম্পূৰ্ণ কৰালে। বিয়ালৈ যাবলৈ অহা নাজিয়াই ঠাকুৰৰ দুখত দুখী হৈ বিয়াৰ কথা পাহৰিয়েই থাকিল৷ বিয়ালৈ গৈ যি আনন্দ পালেহেঁতেন তাতকৈ বহু বেছি সুখ যেন নাজিয়াই এই পৰিয়ালটোৰ হাঁহিত বিচাৰি পালে। নিজৰ আৰ্থিক অনাটনৰ কথা পাহৰি নাজিয়াই এটা পৰিয়ালক বিপদৰ পৰা বচালে। শেষত বিয়াৰ উদযাপনৰ আনন্দেৰে নহয়, অইনৰ যন্ত্ৰণা কম কৰিব পৰাৰ সুখেৰে উজলি নাজিয়া ঘৰলৈ উভতি আহিল।

 \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \: নিজৰ দুখক সামৰি অইনৰ দুখতো সহায়ৰ হাত আগবঢ়োৱাৰ সুখ কিমান উচ্চ সেয়াই গল্পটোত ফুটি উঠিছে আৰু এইদৰেই লেখকে গল্পটিৰ মাজেৰে মানৱতাবোধৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।

Similar questions