-1 আৰু 1 ৰ মাজত অখণ্ড সংখ্যা কি কি
Answers
Answered by
38
উত্তৰ:—
-1 আৰু 1 ৰ মাজত অখণ্ড সংখ্যা মাত্ৰ এটা আছে আৰু সেইটো হৈছে ০ (শূন্য) ।
★ অখণ্ড সংখ্যাৰ সংজ্ঞা —
যিবোৰ সংখ্যাৰ কোনো ভগ্নাংশ নাথাকে সেইবোৰক "অখণ্ড সংখ্যা" বোলা হয়।যেনে:- ১, -৭, ১৪ ইত্যাদি।
৯.৭৫ , √২ আদি অখণ্ড সংখ্যা নহয়। অখণ্ড সংখ্যাৰ সংখ্যা অসীম।
শূন্যক বাদ দি বাকী স্বাভাবিক সংখ্যাবোৰক "ধনাত্মক অখণ্ড সংখ্যা" (ইংৰাজী: Positive Integers) বুলি কোৱা হয়। প্ৰত্যেক ধনাত্মক অখণ্ড সংখ্যাৰ এটি আৰু একমাত্ৰ "ঋণাত্মক বিপৰীত" (ইংৰাজী: Negative Integers) সংখ্যা পোৱা যায়। এই দুই সংখ্যাৰ (ধনাত্মক আৰু ঋণাত্মক) যোগফল শূন্য হয়। ধনাত্মক অখণ্ড সংখ্যাবোৰৰ ঋণাত্মক বিপৰীত সংখ্যাবোৰক কোৱা হয় ঋণাত্মক অখণ্ড সংখ্যা।
Similar questions
Computer Science,
25 days ago
Math,
25 days ago
English,
25 days ago
English,
1 month ago
Music,
1 month ago