Physics, asked by XxCharmingGuyxX, 3 months ago


1)দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থােৱা নহয় কিয় ?

2)এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয় ? এটা উদাহৰণেৰে
সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা ?

3)এটা ধাতব যৌগ A লঘু হাইড্ৰ'ক্ল'ৰিক এছিডৰে সৈতে বিক্রিয়া কৰি বুৰবুৰনি সৃষ্টি কৰে।
উৎপন্ন হােৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱায়। বিক্রিয়াটোত উৎপন্ন হােৱা এটা
যৌগ কেলছিয়াম ক্ল'ৰাইড হলে বিক্রিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা ।​

Answers

Answered by TRISHNADEVI
10

ANSWER :

 \\  \\

[1] দৈ আৰু টেঙা খাদ্যবস্তুত এছিড থাকে । পিতলৰ আৰু তামৰ পাত্ৰত দৈ আৰু টেঙা খাদ্যবস্তু থ'লে তাত থকা এছিডে পিতল আৰু তামৰ লগত বিক্ৰিয়া কৰে; যাৰ ফলত খাদ্যবস্তু নষ্ট হয় । আকৌ খাদ্যবস্তুৰ এছিডে ধাতুৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা লৱণত আৰু হাইড্ৰ'জেন গেছে ধাতুৰ পাত্ৰৰ ক্ষয় কৰে । সেয়েহে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থােৱা নহয় ।

________________________________________________________________

[2] এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে সাধাৰণতে হাইড্ৰ'জেন গেছ (H₂) নির্গত হয় ।

উদাহৰণস্বৰূপে, ছ'ডিয়াম (Na) ধাতুৱে হাইড্ৰ'ক্লৰিক এছিড (HCl) ৰ লগত বিক্ৰিয়া কৰি ছ'ডিয়াম ক্ল'ৰাইড (NaCl) আৰু হাইড্ৰ'জেন গেছ (H₂) উৎপন্ন কৰে ।

  • সমীকৰণ :- 2Na + 2HCl ➝ 2NaCl + H₂

উক্ত বিক্ৰিয়াটোত হাইড্ৰ'জেন গেছৰ উপস্থিতি পৰীক্ষা কৰিবলৈ হ'লে এডাল জলন্ত কাঠি বিক্ৰিয়াটোৰ নিৰ্গমন নলীৰ ওচৰলৈ নিব লাগিব । দেখা যাব যে কাঠিডাল প'পকৈ জ্বলি উঠিছে । হাইড্ৰ'জেন গেছৰ উপস্থিতিৰ বাবে এয়া হয় ।

________________________________________________________________

[3] এটা ধাতব যৌগ A লঘু হাইড্ৰ'ক্ল'ৰিক এছিডৰে সৈতে বিক্রিয়া কৰি বুৰবুৰনি সৃষ্টি কৰে । উৎপন্ন হােৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱায় । বিক্রিয়াটোত উৎপন্ন হােৱা এটা যৌগ কেলছিয়াম ক্ল'ৰাইড হ'লে বিক্রিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো হ'ব :-

  • CaCO₃ (s) + 2HCl (aq) ➝ CaCl₂ (aq) + CO₂(g) H₂O (l)
Answered by hemantabaruah23
2

Answer:

1. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থােৱা নহয় কিয়?

উত্তৰ:- দৈ আৰু টেঙা খাদ্যবস্তুত এছিড থাকে। দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ আৰু বিষাক্ত দ্ৰৱ উৎপন্ন কৰে , ফলত খোৱাৰ বাবে অনুপযোগী হয় ।

2. এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয়? এটা উদাহৰণেৰে।সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা ?

উত্তৰ:-এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে সাধাৰণতে হাইড্ৰজেন গেছ নির্গত হয় ।

এটা পৰীক্ষানলত 5mL মান লঘু হাইড্রক্ল'ৰিক এছিড লৈ তাত কেইটামান ছডিয়ামৰ টুকুৰা যােগ কৰা। ছডিয়ামৰ টুকুৰাবােৰৰ পৃষ্ঠত চাবােন পানীৰ বুদ বুদ দেখা পাবা । উদ্ভৱ হােৱা গেছক চাবােন পানীৰ মাজেৰে পাৰ হ’ব দিয়া। এই চাবোনৰ বুদ বুদত হাইড্ৰজেন গেছ থাকে।

2Na + 2HCl ➝ 2NaCl + H₂

এডাল জ্বলি থকা মম গেছ ভর্তি বুদবুদ এটাৰ ওচৰত থলে প'প হব্দ উৎপন্ন হয়।

3. এটা ধাতৱ যৌগ A লঘু হাইড্র’ক্লৰিক এছিডৰে সৈতে বিক্রিয়া কৰি বুৰবুৰনি সৃষ্টি কৰে।উৎপন্ন হােৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱায়। বিক্রিয়াটোত উৎপন্ন হােৱা এটা যৌগ কেলছিয়াম ক্ল'ৰাইড হলে বিক্রিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা।

উত্তৰ :- কেলছিয়াম কাৰ্বনেট + হাইড্ৰক্লৰিক এছিড → কেলছিয়াম ক্ল'ৰাইড+ কাৰ্বন ডাই'ক্সাইড + পানী

CaCO₃ (s) + 2HCl (aq) ➝ CaCl₂ (aq) + CO₂(g) H₂O (l)

mark this answer as Brainlist

Similar questions