10 th class social 3rd lesson
Answers
Answer:
nationalism in india is the 3rd lesson.
then what.
hope you like this and may you like this as brainliest answer
Explanation:
) বৃটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?
উত্তৰ :- বৃটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমত টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু কৰ - কাটল সংগ্ৰহ কৰা হৈছিল।
(২) কোন চনত মফট মিলছ অসমলৈ আহিছিল?
উত্তৰ :- ১৮৫৩ চনত।
(৩) কেঞ্চাসকল কোন আছিল?
উত্তৰ :- মাৰোৱাৰী সকলক কেঞ্চা আছিল।
(৪) অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ :- মণিৰাম দেৱানে।
(৫) ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহী সকলে কোন আহোম ৰাজকোঁৱৰ ক পুনৰ আহোম সিংহাসনত বহুৱাব খুজিছিল?
উত্তৰ :- পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক।
(৬) মণিৰাম দেৱান ক কোন বঙালী মুক্তীয়াৰে সহায় কৰিছিল?
উত্তৰ :- মধু মল্লিক নামৰ বঙালী মুক্তীয়াৰে।
(৭) মণিৰাম দেৱানৰ লগত আৰু কোনে ফাঁচীকাঠত উলমি লগা হৈছিল?
উত্তৰ :- পিয়লি বৰুৱাই।
(৮) কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?
উত্তৰ :- কেপ্টেইন হলোৰিদে।
(৯) অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কৰণ উল্লেখ কৰা?
উত্তৰ :- (ক) বিদ্ৰোহৰ সমৰ্থক সকল অকল যোৰহাট আৰু শিৱসাগৰত সীমাবদ্ধ আছিল। তেওঁলোকে নগাঁও আৰু কামৰূপৰ পৰা কোনো সমৰ্থন পোৱা নাছিল।
(খ) তেওঁলোকৰ অস্ত্ৰ - শস্ত্ৰৰ অভাৱ আছিল।
(১০) কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ :- ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল।
(১১) ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দূৰৱস্থাৰ দুটা কাৰণ লিখা।
উত্তৰ :- (ক) ব্ৰিটিছ চৰকাৰৰ অত্যধিক ৰাজহ সংগ্ৰহে কৃষকৰ অৱস্থা বেয়া কৰিছিল।
(খ) ব্ৰিটিছ চৰকাৰে কৃষি তথা কৃষকৰ উন্নতিৰ অৰ্থে কোনো ব্যবস্থা গ্ৰহণ কৰা নাছিল।
(১২) লেফটেনেন্ট ছিংগাৰ কোন আছিল?
উত্তৰ :- নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল।
(১৩) ফুলগুৰি ৰ ধাৱা কেতিয়া সংঘটিত হৈছিল?
উত্তৰ :- ১৮৬১ চনৰ ১৮ অক্টোবৰ তাৰিখে।
(১৪) ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ :- ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত।
(১৫) লচিমা কত অৱস্থিত?
উত্তৰ :- পুৰণা কামৰূপ জিলাৰ সৰুখেত্ৰ মৌজাত।
(১৬) লচিমাৰ কৃষকৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ :- ১৮৯৪ চনৰ ২১ জানুৱাৰীত।
(১৭) পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?
উত্তৰ :- ১৮৯৪ চনৰ ২৭ জানুৱাৰী তাৰিখে।
(১৮) ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ :- উকিয়াং নংবাহে।
(১৯) ১৮৬১ চনত উত্তৰ কাছাৰ ৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ :- সম্বোধন কছাৰী ।
(২০) ট্ৰিকেন্দ্ৰজিতক কোনে মৃত্যু দণ্ডেৰে দণ্ডিত কৰিছিল?
উত্তৰ :- ব্ৰিটিছ চৰকাৰে।
(২১) জে. ডব্লিও. কুইণ্টনক কোন চনত হত্যা কৰিছিল?
উত্তৰ :- ট্ৰিকেন্দ্ৰজিত সিংৰ নেতৃত্বত মণিপুৰী বিদ্ৰোহী ।
Step 3 : শুদ্ধ উত্তৰ বাছি উলিওৱা
(১) মণিৰাম দেৱান ক ফাঁচী দিয়া হৈছিল -
(ক) ১৮৫৭
(খ) ১৮৫৮
(গ) ১৮৬১
(ঘ) ১৯৯৪
উত্তৰ :- ১৮৫৮
(২) ১৮২৮ চনত ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা প্ৰথম অসমীয়া ব্যক্তি হল -
(ক) গোমধৰ কোঁৱৰ
(খ) পিয়লি ফুকন
(গ) গোমধৰ ফুকন
(ঘ) কুশল কোঁৱৰ
উত্তৰ :- গোমধৰ কোঁৱৰ
(৩) আহোমৰ শেষ ৰজাজন কোন আছিল -
(ক) কামেশ্বৰ সিংহ
(খ) চন্দ্ৰকান্ত সিংহ
(গ) কন্দৰ্পেশ্বৰ সিংহ
(ঘ) পুৰন্দৰ সিংহ
উত্তৰ :- কন্দৰ্পেশ্বৰ সিংহ
(৪) ভাৰতবৰ্ষত বশ্যতা মূলক নীতি প্ৰৱৰ্তন কৰিছিল -
(ক) ডেলহাউচি
(খ) লৰ্ড উৱেলচি
(গ) লৰ্ড ৰিপনে
(ঘ) লৰ্ড উইলিয়াম বেণ্টিকে
উত্তৰ :- লৰ্ড উৱেলচি
(৫) ব্ৰিটিছৰ বিৰুদ্ধে ১৮৫৭ চনত বিদ্ৰোহী মাৰাঠা নেতা আছিল -
(ক) নানা চাহাবে
(খ) দ্বিতীয় বাহাদুৰ চাহ
(গ) তন্তিয়া টোপে
উত্তৰ :- তন্তিয়া টোপে
৬) নগাঁৱৰ ফুলগুৰিত কৃষক বিদ্ৰোহ হৈছিল -
(ক) ১৮৬১
(খ) ১৮৯৪
(গ) ১৮৫২
(ঘ) ১৮৫০
উত্তৰ :- ১৮৬১
১) অসমত ব্ৰিটিছৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ হোৱাৰ মূল কাৰণ কি আছিল?
উত্তৰ :- (ক) ব্ৰিটিছ চৰকাৰে অসমত নিয়মিতভাৱে বহুওৱা কৰ - কটল বাহাল ৰখাৰ উপৰিও নতুনকৈ আকৌ কৰ - কটল আৰু ৰাজহ সংগ্ৰহ কৰি চৰকাৰৰ আৰ্থিক দিশ টোক টনকিয়াল কৰিব বিচাৰিছিল, যাৰ কাৰণে কৃষকসকল বিদ্ৰোহী হৈছিল।
(খ) আফু খেতি ব্ৰিটিছ চৰকাৰে বন্ধ কৰাত বিশেষকৈ তিৱা জনজাতি সকলে বিদ্ৰোহ কৰিবলৈ বাধ্য হৈছিল।
) ফুলগুৰি ৰ বিদ্ৰোহ কেতিয়া হৈছিল? এই বিদ্ৰোহৰ দুটা কাৰণ লিখা।
উত্তৰ :- ১৮৬১ চনত নগাঁৱৰ কিছু দূৰৈত ফুলগুৰিত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে এক কৃষক বিদ্ৰোহ হৈছিল। এই বিদ্ৰোহ বিশেষকৈ তিৱা জনজাতি সকলে কৰিছিল।
(ক) ব্ৰিটিছ ভাৰত চৰকাৰে ১৮৬১ চনত অসমত আয়কৰ লাইচেঞ্চ কৰ বহুওৱা বাবে।
(খ) অসমত আফু খেতি বন্ধ কৰিছিল আৰু পান তামোলৰ ওপৰতো কৰ বহুওৱা ৰ বাবে লোৱাৰ সিদ্ধান্তৰ প্ৰতিবাদ।
(৩) মণিৰাম দেৱান কোন আছিল? তেওঁক কত কেতিয়া ফাঁচী দিয়া হৈছিল?
উত্তৰ :- মণিৰাম দেৱান এজন দেশপ্ৰেমিক ব্যক্তি আছিল। তেওঁক যোৰহাটত ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে ইংৰাজে ফাঁচী দিছিল।
: চমু টোকা লিখা :
(১) অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা : ইংৰাজ চৰকাৰে অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ অৰ্থে বিভিন্ন কৰৰ ব্যৱস্থা কৰিছিল। তাৰ ভিতৰত ভূমি ৰাজহৰ ব্যৱস্থা টো আছিল অন্যতম। দেশৰ দৰিদ্ৰ প্রজা তথা কৃষকৰ দূৰৱস্থাৰ কথা নাভাবি ব্ৰিটিছ চৰকাৰে বিভিন্ন কৰ কতলৰ ব্যৱস্থা কৰি কৃষকক হাৰাশস্তি কৰিছিল। ব্ৰিটিছ চৰকাৰে টকাৰ মাধ্যমত ভূমিৰ খাজনা আৰু কৰ কাতল সংগ্ৰহ কৰি কৃষকৰ অৱস্থা শোচনীয় কৰিছিল। ইয়াৰ ফলত অসমৰ কেইবাঠাইতো কৃষকৰ বিদ্ৰোহ দেখা দিছিল।