Science, asked by parvez5128, 9 months ago

11. বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র অংকন কৰা। ইয়াৰ মূলনীতি আৰু কার্যপ্রণালী ব্যাখ্যা কৰা। বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি?​

Answers

Answered by tantidanim666
3

মূলনীতি – বৈদ্যুতিক মটৰ বিদ্যুত- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াক মূলনীতি হিচাপে লৈ প্ৰস্তুত কৰা হয৷ কোনো এটা কুণ্ডলীৰ মাজেৰে বিদ্যুত প্ৰবাহ ঘটিলে কুণ্ডলিটোয়ে চৌম্বক বলৰেখাৰ সৃষ্টি কৰে ৷

কার্যপ্রণালী – চিত্ৰত দেখুওৱাৰ দৰে বৈদ্যুতিক মটৰ আয়তাকাৰ কুণ্ডলী ABCD ৰে গঠিত ৷ কুণ্ডলীটোৰ AB আৰু CD বাহু চুম্বক ক্ষেত্ৰৰ লম্ব হিচাপে ৰখা হেছে ৷ এটা ফলা আঙঠিৰ দুটা অৰ্ধাংশ P আৰু Qৰ লগত কুণ্ডলীটোৰ প্ৰান্ত দুটা সংযোগ কৰা হৈছে ৷ P আৰু Qৰ বৰ্হিভাগৰ পৰিবাহী ফাল দুটাই লৰচৰ কৰিব নোৱাৰা ব্ৰাচ X আৰু Yক স্পৰ্শ কৰি আছে ৷

বেটেৰীৰ পৰা AB বাহুৰে বিদ্যুৎ প্ৰবাহ হ’লে ফ্লেমিঙৰ বাওঁহতীয়া নীতী অনুসৰি AB বাহুত ক্ৰিয়া কৰা বলে ইয়াত তললৈ ঠেলিব আৰু CD বাহুত ক্ৰিয়া কৰা বলে ইয়াত ওপৰলৈ ঠেলিব ৷ আধা পাক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰাৰ পিছত Qয়ে X ব্ৰাচক স্পৰ্শ কৰিব আৰু Pয়ে Y ব্ৰাচক স্পৰ্শ কৰিব ৷ ফলত কুণ্ডলীটোত প্ৰবাহ বিপৰীত মুখী হৈ DCBA পথেৰে প্ৰবাহিত হ’ব ৷ বৈদ্যুতিক মটৰত ফলা আঙঠিয়ে দিক্ পৰিবৰ্তক হিচাপে কাম কৰে ৷ গতিকে আগতে তললৈ ঠেলা খোৱা AB বাহু এইবাৰ ওপৰলৈ ঠেলা খাব আৰু CD তললৈ ৷ এই দৰে কুণ্ডলী আৰু অক্ষদণ্ড একে দিশত অবিৰতভাৱে ঘূৰি থাকিব ৷

বৈদ্যুতিক মটৰত ফলা আঙঠিটো দিক পৰিবৰ্তক হিচাপে কাম কৰে ৷ ই মটৰত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰে

Similar questions