Science, asked by hb904622, 9 months ago

12. গতি বিষয়ক তৃতীয় সূত্ৰটো লিখা । এটা উদাহৰণৰ দ্বাৰা ইয়াক বুজাই লিখা।​

Answers

Answered by ayushikhushi07
8

Explanation:

নিউটনৰ গতিৰ সূত্ৰ সমূহ হৈছে ধ্ৰুপদী বলবিদ্যা বা ধ্ৰুপদী বলবিজ্ঞান (Classical Mechanics)ৰ তিনিটা ভৌতিক সূত্ৰৰ সমষ্টি। এই সূত্ৰসমূহে কোনো বস্তুত ক্ৰিয়া কৰা বল আৰু এই বলৰ বাবে সৃষ্টি হোৱা বস্তুটোৰ গতিৰ সম্পৰ্ক প্ৰকাশ কৰে। এই সূত্ৰকেইটাক কেইবাটাও বিভিন্ন ৰূপত প্ৰকাশ কৰিব পাৰি ,[2] যাক থুলমুলকৈ তলত দিয়া ধৰণে সামৰি ল'ব পৰা যায়:

প্ৰথম সূত্ৰ: কোনো বাহ্যিক বলে ক্ৰিয়া নকৰালৈকে কোনো এটা বস্তুৰ বেগ ধ্ৰুবক হৈ থাকে।[3][4][5]

দ্বিতীয় সূত্ৰ: কোনো বস্তুৰ ত্বৰণ a ইয়াৰ ওপৰত প্ৰয়োগ হোৱা বল F অৰ সমান্তৰাল আৰু সমানুপাতিক হয় আৰু বস্তুটোৰ ভৰ m ৰ ব্যস্তানুপাতিক হয়। , অৰ্থাত, F = ma.

তৃতীয় সূত্ৰ: দুটা বস্তুৰ মাজৰ বলৰ ক্ৰিয়া আৰু তাৰ প্ৰতিক্ৰিয়াৰ পাৰস্পৰিক মান সমান, সমৰৈখিক আৰু বিপৰীতমুখী।

ছাৰ আইজাক নিউটনে ১৬৮৭ খৃষ্টাব্দত প্ৰকাশিত তেওঁৰ বিখ্যাত গ্ৰন্থ "Philosophiæ Naturalis Principia Mathematica" ত এই সূত্ৰ সমূহৰ ব্যাখ্যা আগবঢ়ায়,[6] নিউটনে এই সূত্ৰসমূহ বহুতো ভৌতিক অৱয়ব আৰু প্ৰণালীৰ গতিৰ অধ্যয়ন আৰু ব্যাখ্যা কৰাত ব্যৱহাৰ কৰিছিল।[7]

Similar questions