Science, asked by XxCharmingGuyxX, 9 hours ago


এটা ইলেক্ট্রিক হিটাৰ মাজেৰে 15 মিনিটৰ বাবে 10 A বিদ্যুৎ পঠোৱা হ'ল। ইয়াৰ মাজেদি কিমান আধান
প্রবাহিত হ'ব?




Answers

Answered by MsMonarque
1

বিদ্যুৎ বিদ্যুতের সাথে অনেক লোক জড়িত। বিদ্যুৎ শক্তি ব্যবহার বা শক্তি রূপান্তর হার কী তা জেনে বৈদ্যুতিক শক্তির অভিব্যক্তি কী? পাওয়ার ট্রান্সমিশন লাইন আসতে পারে

Answered by TRISHNADEVI
2

ANSWER :

 \\

  • ❖ এটা ইলেক্ট্রিক হিটাৰ মাজেৰে 15 মিনিটৰ বাবে 10 A বিদ্যুৎ পঠোৱা হ'লে, ইয়াৰ মাজেদি প্রবাহিত আধানৰ পৰিমাণ হ'ব 9000 কুলম্ব

___________________________________________________________

SOLUTION :

 \\  \\

দিয়া আছে,

  • প্ৰবাহ, (I) = 10 A

  • সময়, (t) = 15 mins. = (15 × 60) = 900 secs.

নিৰ্ণয় কৰিব লাগে,

  • প্ৰবাহিত হোৱা আধানৰ পৰিমাণ, Q = ?

আমি জানো যে,

  • যদি বিদ্যুৎ পৰিবাহী এডালৰ মাজেৰে Q পৰিমাণৰ আধান t ছেকেণ্ডত প্ৰবাহিত হয়, তেন্তে বিদ্যুৎ প্ৰবাহৰ সংজ্ঞামতে, প্ৰবাহ I হ'ব :-

 \dag \:  \:  \underline{ \boxed{ \rm{ \: I = \dfrac{Q}{t} \: }}}

উক্ত সূত্ৰ ব্যৱহাৰ কৰি পাওঁ,

  • \bigstar \:  \:  \sf{ \: I = \dfrac{Q}{t}}

\sf{ \implies \:  \: 10 =  \dfrac{Q}{900 }}

\sf{ \implies \:  \: Q = 900 \times 10}

\sf{ \implies \:  \: Q = 9000}

  • আধান, Q = 9000 C.

___________________________________________________________

KNOW MORE :

  \\

বিদ্যুৎ প্ৰবাহ :-

  • ✎ এডাল বিদ্যুৎ পৰিবাহীৰ একক লম্বচ্ছেদৰ মাজেৰে এক ছেকেণ্ডত চালিত হোৱা আধানৰ পৰিমাণকে বিদ্যুৎ প্ৰবাহ বোলা হয়।

  • ✎ যদি বিদ্যুৎ পৰিবাহী এডালৰ মাজেৰে Q পৰিমাণৰ আধান t ছেকেণ্ডত প্ৰবাহিত হয়, তেন্তে বিদ্যুৎ প্ৰবাহৰ সংজ্ঞামতে, প্ৰবাহ I হ'ব :- \boxed{\rm{ \: I = \dfrac{Q}{t}}}

  • ✎ বিদ্যুৎ প্ৰবাহৰ S.I. একক হ'ল কুলম্ব/ছেকেণ্ড (C/S); যাক এম্পিয়াৰ (Ampere) বুলি কোৱা হয়। অৰ্থাৎ, \sf{1 \: Ampere = \dfrac{1 \: Coulomb}{1 \: Second}}
Similar questions