Social Sciences, asked by kalitaabinash06, 11 hours ago

5.মানুহসম্পদৰ লগত কি ভাৱে জড়িত? ​

Answers

Answered by XxOnlyStudyxX
0

Answer:

জীবন মৃত্যুৰ দোমোজা

ড. লোচন শইকীয়া

অসম কৃষি বিশ্ববিদ্যালয়

যোৰহাট

পাঠক, জীয়াই থাকোঁতেই মৰাৰ কথা কোনে পাতিব ! জীয়াই থাকিম । জীয়াই থাকোঁতেই জীবনক উপভোগো কৰিম । গতিকে মৰাৰ কথা পাতিবলৈ কোনেও ৰসেই নাপায় । অৱশ্যেই জীয়া মানুহৰ কথা মানুহেই কয় আৰু মানুহেই লিখে । মৰা মানুহৰ কথাও মানুহেই কয়, মানুহেই লিখে । নিশ্চয় এইয়া সকলো মৃতকৰ কেতিয়াও নহয় । উদাহৰণনো কি দিম ! যি মৃত্যুত গৌৰৱ নাই তেনে মৃতকৰ কথা জগতে নোসোঁৱৰে। সেইবোৰ মৃতকৰ কথা প্ৰায়ে দোহাৰোঁ যি মানুহৰ কাৰণে জীয়াই থাকে বা জীয়াই আছিল, মানুহৰ কাৰণে কাম কৰে বা কৰিছিল ।

মৃত্যু । মৃত্যু মাত্ৰ এটা ক্ষণ। মৃত্যু একমাত্ৰ মানুহৰেই নহয়, সকলো জীৱৰেই জন্মিলে মৃত্যু আছে । জন্মিছে যেতিয়া এদিন মৰিবই লাগিব। নমৰোঁ বুলিলেও মৰিব লাগিব । কৰবালৈ পলাই সাৰিম বুলি ভাবিছে নেকি ! কলৈ পলাই সাৰিব ? মৰণশীল জীৱৰ ভিতৰত মৰণক লৈ শিঁহৰিত হোৱা বা ভয় খোৱা জীৱ চাগৈ মানুহৰ বাদে দ্বিত্বীয় এটা নোলাব! কচাই খানাৰ চাৰিঠেঙীয়া জন্তু, দুঠেঙীয়া হাঁহ, কুকুৰা, পাৰ কাটি বিকা দোকানৰ জীৱ কেইটাই সন্মুখত সমগোত্ৰীয়বোৰৰ নিধন দেখিও নিজৰ মৃত্যুৰ ক্ষণ গণা মূহুৰ্ত্ত এটা মানুহে কল্পনাও কৰিব নোৱাৰে । হয়তু তেনে হৈছিল নাজী বাহিনীৰ হাতত ইহুদী নিধন যজ্ঞত । এনেকুৱা কথাবোৰ আলোচনা কৰিবলৈ কাৰ ভাল লাগিব বাৰু !

আমাৰ প্ৰায় মানুহৰ ক্ষেত্ৰত জীবনত এটা দিন আহে, যেতিয়া আপোনাৰ নিজৰ তেজ-মঙহৰ মানুহ বা আপোনাৰ পৰিচিত মানুহৰ কোনোবা বা সমাজৰে কোনোবা (তেখেতো কাৰোবাৰ কিবা হয়েই) অকাল মৃত্যুৰ ঘটনাৰ লগত মুখামুখি হৈছে । তেনে মৃত্যুৰ গৰাকী যি বয়সৰেই নহওক আমি দুঃখী হওঁ ।

মৃত্যুক লৈ লিখা লিখনিত পঢ়িবলৈ কি আছে ! মোৰো ভয় সেইখিনিতেই । মৰিলে চব চেটেপ । খেলা খতম । মানে মোৰ লিখাখিনি আগলৈ পঢ়িব নে নাই সন্দেহেই আছে । মইয়ো জানোঁ, নপঢ়ে । মোৰ কি আহে, যায় ? নপঢ়িলে নাই । পঢ়িলে নিশ্চয় কিবা এটা আছে ।

ৰ’ব’ ইমান খৰধৰ নকৰিব । জন্মিছে যেতিয়া, এদিন এনেও মৰিবই । অলপ অচৰপ মৃত্যুৰ বিষয়ে দুষাৰ পাতোঁ আহক । নমৰালৈকে জানোচা মৃত্যু দূত ৰূপী ভয় আঁতৰি থাকেই । মৰাৰ আগতে জীবন জীয়াই থাকোঁ, নে জীবন যাপন কৰোঁ, নে জীবন উদযাপন কৰোঁ তাকো থিৰাং কৰি লওঁ । মই কিন্তু কৈ দিছোঁ দেই মোৰ কাৰণে জীবন কৰ্মৰ মাজেৰে উদযাপনৰ অন্য এক নাম ।

কবিয়ে কৈছেঃ

मौत एक आरामगाह,

कहीं धुप के बाद छाँह,

जीत नहीं सकते तुम,

यह काल की हे बांह ।

ওপৰৰ কথা কেই ফাকি শুদ্ধ নহয়নে বাৰু পাঠক ! মৃত্যুক জানো কোনোবাই জয় কৰিব পাৰিছে জানো !

তাতোকৈ যদি কওঁ-

मौत सिर्फ नाम से बदनाम हे,

वरना तकलीफ तो जिन्दगी ही ज्य़ादा देती हे ।

মিছা নেকি বাৰু পাঠক ? জীবন নামৰ এই সাথঁৰ ভাঙিব পাৰিছোঁনে ! টিভি খুলিবই নোৱাৰি । বাতৰি কাগজৰ পৃষ্ঠা লুটিয়াবই নোৱাৰি । যাৰে লগত কথা পাতক মৰাৰ কথা আহিলে খালি হা-হুমুনিয়াঁহ । মাথো এইবোৰ ।

আকৌ যদি কওঁ-

मृत्य़ु से ज्य़ादा निश्चित और कुछ नहीं हे,

और जीवन के पलों से ज्यादा अनिश्चित और कुछ नहीं हे ।

কবিয়ে কি লিখে, সেইবোৰত ভুল নধৰিব দেই । কবিয়ে কৈছেঃ

ऍ मौत कितनी बफा हे तुझमें,

मे आज आजमाना चाहता हुं ।

जिन्दगी ने बहुत रुलाया हे मुझे,

तेरा साथ मिले तो जिन्दगी को रुलाना चाहता हुं ।

হে জীবন তুমি কি যে অনুপম, তোমাক লৈ যে কতনা কল্পনা-জল্পনা । জন্ম আৰু মৃত্যুত মানুহৰ হাত নাই । ইচ্ছামতে জন্ম লভা যায় জানো ! বা ইচ্ছামতে মৰিব পাৰি জানো! কিন্তু জন্ম হৈ জীবনক চিনি পাবলৈ আপুনি কৰা কামৰ ওপৰতহে নিৰ্ভৰ কৰে । আপুনি জীয়াই থাকিব মানুহৰ অন্তৰত তেতিয়াহে, যেতিয়া মানুহ আৰু প্ৰকৃতিৰ কাৰণে আপুনি কৰা কৰ্মবোৰ সকাৰাত্মক হব । অকল নিজৰ কাৰণে কৰা কাম মাথোন স্বাৰ্থপৰতা । তেনেকুৱা মানুহৰ পৰা মানুহৰ, সমাজৰ একো লাভ নহয় আৰু তেনেকুৱা মানুহ জীয়াই থাকক বা মৰক পৃথিবীৰ একো নাহে বা নাযায় । কালৰ সোঁতত এনেকুৱা মানুহ নিজেই চকুৰ পলকতে হেৰাই যায় ।

মৃত্যুক লৈ আমাৰ মাজতে বিভিন্ন জনৰ বিভিন্ন মন্তব্য । মৃত্যুক লৈ দিয়া বিভিন্ন মত, বিশ্লেষণ কৰি লিখা সাহিত্যৰ শেষ নাই । দুই চাৰিটা মতামত আমিও ভুমুকি চাওঁ বলক, পাঠক ।

A man dies ... only a few circles in the water prove that he was ever there. And even they quickly disappear. And when they're gone, he's forgotten, without a trace, as if he'd never even existed. And that's all. - WOLFGANG BORCHERT, The Outside।

Answered by GloriousPhoenix
2

Explanation:

hope it helps (≧▽≦)

good evening

Attachments:
Similar questions