Math, asked by XxCharmingGuyxX, 27 days ago

6. এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দীঘ ইয়াৰ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি। যদি দীঘল
বাহুটো চুটি বাহুটোতকৈ 30 মিটাৰ বেছি, পথাৰখনৰ বাহু দুটাৰ দীঘ উলিওৱা।


❤(a humble request :-the question only for Assamese people. don't send spam ❌answer other state students, thank U )❤​

Answers

Answered by TRISHNADEVI
7

ANSWER :

 \\

  • ❖ আয়তাকাৰ পথাৰখনৰ চুটি বাহুৰ দীঘ = 90 মিটাৰ

  • ❖ আয়তাকাৰ পথাৰখনৰ দীঘল বাহুৰ দীঘ = 120 মিটাৰ

________________________________________

SOLUTION :

 \\  \\

দিয়া আছে,

  • আয়তাকাৰ পথাৰখনৰ কৰ্ণৰ দীঘ ইয়াৰ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি ।

  • আয়তাকাৰ পথাৰখনৰ দীঘল বাহুটো চুটি বাহুটোতকৈ 30 মিটাৰ বেছি ।

 \\

গতিকে,

  • আয়তাকাৰ পথাৰখনৰ বাহু দুটাৰ দীঘ উলিয়াব লাগে ।

 \\

চিত্ৰত দেখুওৱাৰ দৰে,

  • ABCD হৈছে আয়তাকাৰ পথাৰ ।

  • AC হৈছে আয়তাকাৰ পথাৰখনৰ কৰ্ণ ।

  • AB = CD হৈছে আয়তাকাৰ পথাৰখনৰ চুটি বাহু ।

  • BC = DA হৈছে আয়তাকাৰ পথাৰখনৰ দীঘল বাহু ।

 \\

ধৰা হ'ল,

  • আয়তাকাৰ পথাৰখনৰ চুটি বাহুটোৰ দীঘ, AB = x মিটাৰ

 \\

প্ৰশ্নমতে,

  • আয়তাকাৰ পথাৰখনৰ কৰ্ণৰ দীঘ (AC) ইয়াৰ চুটি বাহুটোতকৈ (AB) 60 মিটাৰ বেছি ।

∴ AC = ( AB + 60 ) মিটাৰ

➞ AC = ( x + 60 ) মিটাৰ

 \\

  • আয়তাকাৰ পথাৰখনৰ দীঘল বাহুটো চুটি বাহুটোতকৈ 30 মিটাৰ বেছি ।

∴ BC = ( AB + 30 ) মিটাৰ

➞ BC = ( x + 30 ) মিটাৰ

 \\

চিত্ৰৰ পৰা পাওঁ,

△ ABC ৰ,

  • ∠B = ∠ABC = 90°

△ ABC এটা সমকোণী ত্ৰিভুজ, যাৰ

  • AC = কৰ্ণ

  • AB = উচ্চতা

  • BC = ভূমি

 \\

পাইথাগোৰাচৰ সুত্ৰ ব্যৱহাৰ কৰি পাওঁ,

 \\

  • (কৰ্ণ)² = (ভূমি)² + (উচ্চতা)²

➞ (AC)² = (BC)² + (AB)²

➞ (x + 60)² = (x + 30)² + x²

➞ x² + (2 × x × 60) + (60)² = { x² + (2 × x × 30)² + (30)² } + x²

➞ x² + 120x + 3600 = (x² + 60x + 900) + x²

➞ x² + 120x + 3600 = x² + 60x + 900 + x²

➞ x² + 120x + 3600 = 2x² + 60x + 900

➞ (x² + 120x + 3600) - (2x² + 60x + 900) = 0

➞ x² + 120x + 3600 - 2x² - 60x - 900 = 0

➞ x² - 2x² + 120x - 60x + 3600 - 900 = 0

➞ - x² + 60x + 2700 = 0

➞ x² - 60x - 2700 = 0

➞ x² - (90 - 30) x - 2700 = 0

➞ x² - 90x + 30x - 2700 = 0

➞ x (x - 90) + 30 (x - 90) = 0

➞ (x + 30) (x - 90) = 0

 \\

এতিয়া,

  • x + 30 = 0

x = - 30

বা,

  • x - 90 = 0

x = 90

 \\

যিহেতু,

  • x হৈছে বাহুৰ দীঘ, x-ৰ মান ঋণাত্মক হ'ব নোৱাৰে।

x = 90

 \\

  • AB = x মিটাৰ = 90 মিটাৰ

  • BC = (x + 30) মিটাৰ = (90 + 30) মিটাৰ = 120 মিটাৰ

 \\

গতিকে,

  • ★ আয়তাকাৰ পথাৰখনৰ চুটি বাহুৰ দীঘ = AB = CD = 90 মিটাৰ

  • ★ আয়তাকাৰ পথাৰখনৰ দীঘল বাহুৰ দীঘ = BC = DA = 120 মিটাৰ
Attachments:
Answered by kritee88
3

Answer:

Hope this will help you.

Attachments:
Similar questions