History, asked by bznznzbb257, 4 months ago

ASSAMMESE SEBA BOARD
CLASS-10 (HISTORY)
CHAPTER-3



KINDLY DON'T SPAM ⚠️

Attachments:

Answers

Answered by TRISHNADEVI
5

ANSWER :

 \\  \\

১/ অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা :

  • ✎ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে ইংৰাজসকলে অসমখন ব্ৰহ্মদেশৰ ৰজাৰ পৰা লাভ কৰে। অসমৰ শাসনভাৰ ইংৰাজসকলে গ্ৰহণ কৰাৰ লগে লগে অসমৰ ৰাজহ ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰিবলৈ লয়। ইংৰাজসকলে সময়ে সময়ে অসমৰ কৃষকসকলৰ ওপৰত নানান ধৰণৰ কৰ আৰোপ কৰি চৰকাৰৰ ৰাজহৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে। ইংৰাজসকলে পোনপ্ৰথমে অসমত শস্য বা সামগ্ৰীৰ পৰিৱৰ্তে টকাৰেপ্ৰয়োজন কৰ বা ৰাজহ সংগ্ৰহ কৰাৰ প্ৰথা প্ৰৱৰ্তন কৰে। তেওঁলোকে বিভিন্ন ধৰণৰ কৃষি সামগ্ৰী তথা গৰু, ম'হৰ চৰণীয়া পথাৰৰ ওপৰতো কৰ ধাৰ্য কৰিবলৈ লয়। পিছলৈ আকৌ তামোল-পাণৰ ওপৰতো কৰ আৰোপ কৰিবলৈ ইংৰাজসকলে সিদ্ধান্ত গ্ৰহণ কৰে।ইয়াৰ লগতে অসমত আফু খেতিৰ প্ৰচলন বন্ধ কৰি দিয়ে। এইদৰে ইংৰাজসকলে আৰোপ কৰা বিভিন্ন ধৰণৰ কৰৰ ফলত অসমৰ কৃষকসকলৰ ওপৰত ৰাজহৰ বোজা বৃদ্ধি হোৱাৰ বাবে তেওঁলোকৰ অৱস্থা শোচনীয় হৈ পৰিছিল। সেইবাবে অসমৰ ভিন ভিন ঠাইত কৃষক বিদ্ৰোহৰ সূচনা হ'বলৈ ধৰিছিল।

____________________________________________

২/ মণিৰাম দেৱান :

  • ✎ মণিৰাম দেৱান অসমৰ এজন প্ৰভাৱশালী ব্যক্তি আছিল। তেখেতৰ পিতৃ ৰামদেউ আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দোলাকাষৰী বৰুৱা আছিল। অসমত মানৰ আক্ৰমণৰ সময়ত মণিৰাম দেৱান পৰিয়ালৰ সৈতে কলিকতাত আছিল। কলিকতাত তেওঁ ঘৰুৱা শিক্ষকৰ অধীনত শিক্ষা লাভ কৰিছিল। মানসকলে অসমত অবৰ্ণনীয় অত্যাচাৰ আৰম্ভ কৰাত অসমৰ পৰা মানৰ খেদিবলৈ কেপ্তেইন ডেভিদ স্কটৰ লগত পদ-প্ৰদৰ্শক হিচাপে মণিৰাম দেৱান অসমলৈ আহিছিল। ইংৰাজসকলে অসমৰ পৰা মানক খেদি পঠাই অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ পাছত মণিৰাম দেৱানে চিৰস্তাদাৰ পদ লাভ কৰিছিল। ১৮৩৩ চনত ইংৰাজে পুৰন্দৰ সিংহক উজনি অসমৰ কৰতলীয়া ৰজা পতাত মণিৰাম দেৱান ৰজাৰ ঘাই মন্ত্ৰী হৈছিল। ১৮৪৫ চনত তেওঁ 'দেৱান' পদ ইস্তফা দিয়ে। ইতিমধ্যে বিভিন্ন কাৰণত ইংৰাজসকলৰ বিৰুদ্ধে ক্ষোভিত হৈ মণিৰাম দেৱানে অসমৰ পৰা ইংৰাজসকলক খেদি অসমত পুনৰ ৰাজতন্ত্ৰ ঘূৰাই আনিবলৈ দৃঢ় সংকল্প লয়। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ৰাজদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰি মণিৰাম দেৱান আৰু তেওঁৰ সহযোগী পিয়লি বৰুৱাক যোৰহাটত ফাঁচী দি হত্যা কৰা হৈছিল।

____________________________________________

৩/ ফুলগুৰি ধাৱা :

  • ✎ ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষকসকলে কৰা প্ৰথম বিদ্ৰোহটোৱেই আছিল ফুলগুৰি ধাৱা। ফুলগুৰি হ'ল নগাঁৱৰ পৰা কিছু নিলগত অৱস্থিত তিৱা জনগোষ্ঠীৰ বসতিপূৰ্ণ এখন গাওঁ, য'ত বৃহৎ পৰিমাণে আফু খেতি কৰা হৈছিল।কিন্তু ইংৰাজ চৰকাৰে এই আফু খেতি বন্ধ কৰি দিয়ে যদিও চৰকাৰে কানিৰ প্ৰচলন বন্ধ কৰা নাছিল। ফলত তিৱা জনগোষ্ঠীৰ লোকসকলে বিক্ষুব্ধ হৈ ১৮৬১ চনৰ ১৫ অক্টোবৰৰ পৰা একেৰাহে পাঁচ দিন ধৰি ফুলগুৰিত মিলিত হৈ ৰাইজমেল পাতিছিল। সেই সময়ত নগাঁৱৰ উপায়ুক্ত আছিল লেফটেনেন্ট হাৰ্বাট। কৃষক ৰাইজৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনোৱাৰ পৰিৱৰ্তে তেখেতে ৰাইজ মেলৰ বিৰুদ্ধে সহকাৰী উপায়ুক্ত ছিংগাৰক ফুলগুৰিলৈকে পঠিয়াই দিয়ে। ছিংগাৰে তেওঁৰ লগত যোৱা পুলিচ বাহিনীক ৰাইজৰ হাতৰ পৰা লাঠীসমূহ কাঢ়ি আনিবলৈ নিৰ্দেশ দিয়ে। লাঠীৰ বাবে টনা-আজোৰা চলি থকা সময়ত বাবু কৈৱৰ্ত নামৰ লোক এজনে ছিংগাৰৰ মূৰত লাঠীৰে কোবাই মাটিত বগৰাই দিয়ে আৰু লগে লগে ছিংগাৰৰ মৃত্যু হয়। এই দৃশ্য দেখি ছিংগাৰৰ লগত যোৱা পুলিচ বাহিনী পলাই পত্ৰং দিয়ে। উক্ত ঘটনাটোকে ইতিহাসত ফুলগুৰিৰ ধাৱা বুলি জনা যায়।
Answered by Kritee35
2

Answer:

Hope this will help you.

Attachments:
Similar questions