Class 8
Chapter-Janumbhumi
কবিতাটোত ‘আই' বুলি কাক কোৱা হৈছে
Answers
Answered by
0
ANSWER :
"জনমভূমি" কবিতাটোত 'আই' বুলি কবিৰ জনমভূমি কোৱা হৈছে ।
- "জনমভূমি" কবিতাটোত কবি নলিনীবালা দেৱীয়ে নিজৰ জনমভূমি 'আই' বুলি সম্বোধন কৰিছে । জনমৰ আদিম পুৱাত যিদৰে তেওঁ সেই আইৰ কোলাত প্ৰথমে চকু মেলিছিল, ঠিক সেইদৰে তেওঁৰ ভাগৰুৱা আত্মাইও আইৰ কোলাতে শেষ জিৰণি ল'বলৈ বিচাৰিছে । মৃত্যুৰ পাছত কবিৰ আত্মাই আহি তেওঁৰ জনমভূমি আইৰ শীতল কোলাত জিৰণি লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে । মৃত্যুৰ পাছত তেওঁ পখী হৈ এই জনমভূমিৰ বিৰিখত বাঁহ লৈ পুৱাত নিশা জনমভূমি মাতৃক জগাবলৈ সুমধুৰ গীত গাব বুলি কৈছে । আকৌ নদী হৈ তেওঁ জনমভূমি আইৰ চৰণ পখালিব লগতে মাটি হৈ আইৰ বুকুতে মিলি যাব। "জনমভূমি" কবিতাটোৰ জৰিয়তে কবি নলিনীবালা দেৱীয়ে নিজৰ জনমভূমিৰ প্ৰতি থকা গভীৰ ভালপোৱা প্ৰকাশ কৰিছে।
Similar questions