India Languages, asked by shraddha842938, 10 months ago

ৰচনা ঃ মহত্ লোকৰ জীৱনী।
essay on great person in Assamese... please don't spam... ​

Answers

Answered by ÚɢʟʏÐᴜᴄᴋʟɪɴɢ1
11

Answer:

✴এ পি জে আব্দুল কালাম✴

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু বিজ্ঞানী

______________________

কালামৰ জন্ম আৰু শৈশৱ তামিলনাডুৰ ৰামেশ্বৰম নামে ঠাইত হৈছিল। তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা এৰ'স্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ণ হয়।ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে তেখেত এজন এৰ'স্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন (ডি আৰ ডি অ') আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত (ইছৰো) কাৰ্যনিৰ্বাহ কৰিছিল।কালামৰ আন এটা জনপ্ৰিয় নাম হৈছে "ভাৰতৰ মিছাইল মানৱ"। ভাৰতত বেলিষ্টিক ক্ষেপনাস্ত্ৰ (ballistic missile) আৰু উপগ্ৰহ উৎক্ষেপণ যান প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই উপাধি তেখেতক প্ৰদান কৰা হৈছে।১৯৭৪ চনৰ প্ৰথম নিউক্লীয় পৰীক্ষাৰ পাছত ১৯৯৮ চনত হোৱা ভাৰতৰ "পোখৰান-২" পাৰমাণৱিক পৰীক্ষণত কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মুখ্য ভূমিকা পালন কৰিছিল। তথাপিও কোনো কোনো বিজ্ঞান বিশেষজ্ঞই ক'ব বিচাৰে যে কালামে কোনো কৃতিত্ব নোহোৱাকৈয়ে হোমি জাহাংগীৰ ভাবা আৰু বিক্ৰম সাৰাভাইয়ে কৰি থৈ যোৱা কামখিনি আগবঢ়াই নিছিল।

hope it's help, ☺

Similar questions
Math, 5 months ago