English, asked by ProdipNarah, 1 year ago

{
Fত পৰিৰ
* স্বচ্ছ ভাৰত মিছন (গ্রামীণৰ অধীনত।
tak
” এভভাৰত মি
পৰহিজাৰ কাৰ।। সাবে​

Answers

Answered by omm2520
0

Answer:

স্বচ্ছ ভাৰত অভিযান ভাৰত চৰকাৰৰ উদ্যোগত চলা এক অভিযান যাৰ উদ্দেশ্য সকলোকে দ্ৰুতগতিত সাৰ্বজনীন অনাময় ব্যৱস্থাৰ আওঁতালৈ অনা আৰু লগতে ব্যক্তিগত অনাময় ব্যৱস্থাৰ আবশ্যকতা আৰু দেশখনক চাফ-চিকুন কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি মানুহক সচেতন কৰি তোলা।

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা উক্ত উদ্দেশ্য আগত ৰাখি এই স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰিছিল।

স্বচ্ছ ভাৰত অভিযান আগৰ নিৰ্মল ভাৰত অভিযানৰেই অন্য এক ৰূপ।

২০১৯ চনৰ ভিতৰত এখন স্বচ্ছ ভাৰত সাৰ্থক কৰায়ে এই অভিযানৰ লক্ষ্য হিচাপে লোৱা হৈছে যি মহামানৱ মহাত্মা গান্ধীৰ ২০১৯ চনত হবলগীয়া ১৫০ তম জন্মবাৰ্ষিকীত তেওঁৰ প্ৰতি উপযুক্ত শ্ৰদ্ধাঞ্জলি হ’ব বুলি ভবা হৈছে।

স্বচ্ছ ভাৰত অভিযানৰ দুটা উপ-অভিযান আছে

স্বচ্ছ ভাৰত অভিযান (গ্ৰামীন)

স্বচ্ছ ভাৰত অভিযান (নগৰীয়)

স্বচ্ছ ভাৰত অভিযান (গ্ৰামীন )ৰ দ্বাৰা পঞ্চায়ত এলেকা সমূহত গোটা আৰু তৰল (মল-মূত্ৰ) বৰ্জনীয় পদাৰ্থৰ প্ৰবন্ধন কাৰ্য্য-কলাপৰ জৰিয়তে গ্ৰাম্যাঞ্চলসমূহক উন্মুক্ত মলত্যাগ মুক্ত কৰি স্বচ্ছতা আৰু পৰিচ্ছন্নতাৰ মান উন্নয়ণ কৰিবলৈ বিচৰা হৈছে।

Similar questions