>দীঘল প্রশ্ন
-----------------------------
(প্রতিটো প্রশ্নৰ মূল্যাংক-- ৪ অথবা ৫)
১। “ধনেই ধৰ্মৰ মূল, ধন নহ'লে যায় জাতি কুল”- কথাষাৰ বুজাই লিখা।
২। গৌৰৱ প্ৰবন্ধটোত প্রকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে ?
Answers
Answer:
১/বৰ্তমান সমাজত ধনেই মূল হিচাপে পূজ্য হৈ আহিছে।
কবলৈ গলে সকলো কামৰ যুৰতে ধন জৰিত হৈ আছে।ধন থকা জনে কোনো লোকক ধন ধাৰে দিয়াৰ প্ৰয়োজন দৰাচল তে নাথাকে,আনকি কোনো ক্ষেত্ৰতে বৰঙণি আগবঢ়াৱাৰো প্ৰয়োজন নহয়, কেৱল ধন থাকিলে ই হল, তেখেত এনেয়ে মানুহৰ প্ৰীয় পাত্ৰ তথা সন্মানীয় হৈ পৰিব।ধন উভৈনদী থকাজনৰ পৰিয়ালে অথবা লৰা ছোৱালী এ সমাজ ত কু কাম বা অনৰ্থনীয় কাম কৰিলেও তেখেতৰ মান সানি হোৱা দেখা নাযায় কিয়নো তেখেতৰ মুনাত ধনৰ পৰিমান বেছি ।টকা থকালৈকে মানুহৰ হাতত সন্মান থাকিবই।গতিকে আজিৰ যুগত এনে মানুহ নাই যিয়ে ধনিক সন্মান নকৰে, থাকিলেও কৰবাত কাট চিত।গতিকে কবলৈ গলে: ধ নেই ধৰ্মৰ মূল,ধন নহলে যাই জাতি কুল।
২/গৌৰৱ কবিতাটোত প্ৰকৃত গৌৰবৰ কাৰণ বুলি জ্ঞান ক কোৱা হৈছে।
Sry for not describing ...!!
ANSWER :
১/
"ধনেই ধৰ্মৰ মূল, ধন নহ'লে যায় জাতি কুল"- উক্ত কথাষাৰৰ জৰিয়তে লেখক কালিৰাম মেধিদেৱে বৰ্তমান সময়ত ধনৰ প্ৰয়োজনীয়তাৰ কথা ব্যক্ত কৰিছে। সম্প্ৰতি ধনেই হৈ পৰিছে দৈনন্দিন জীৱনৰ চালিকাশক্তি । ধন থাকিলে সকলোৱে কাষ চাপে আৰু যিমান বেয়া কাম কৰিলেও মান, সম্ভ্ৰম নিজৰ লগতেই থাকে। ধনী মানুহৰ সন্তানে যিমানেই বেয়া কাম নকৰক, লগ-সংগৰ পৰা বেয়া কথা শিকি নলওক কিয়, কেৱল ধনী কাৰণেই তেওঁলোকৰ মান হানি নহয়। ধনৰ গোন্ধই সকলোকে এনে ধনী লোকৰ ওচৰত বিনীত, বিনয়ী, শিষ্টাচাৰী আৰু নম্ৰ কৰি ৰাখে।
আজিকালি যাৰ ধন আছে তাৰ মান আছে; অৰ্থাৎ ধন থকা জনেহে মৰ্যাদা আৰু শ্ৰদ্ধা লাভ কৰে। ধন নাথাকিলে উচ্চ জাতি-কুলৰ হৈও লাভ নাই। ধৰ্মও ধনৰ বশৱৰ্তী হৈ পৰিছে। ধন থাকিলে দান নিদিয়া লোকেও দানী হিচাপে মৰ্যাদা পায়। কোনো লোকৰ ধন থাকিলে তেঁও যদি অইনক এধানমানো সহায় নকৰে, সজ কামত অলপো ধন নিদিয়ে; তথাপি ধন আছে বাবেই তেওঁৰ ওচৰত সকলোৱে নম্ৰভাৱে থাকে। পৃথিৱীত এনে মানুহ প্ৰায় নাই বুলিবই পাৰি, যিয়ে ধনীক ভয়, মান আৰু ভক্তি নকৰে। সেয়ে, বৰ্তমান সময়ত ধনেই আলাউদ্দিনৰ বন্তি যেন হৈ পৰিছে।
এই কথাই লেখকে "ধনেই ধৰ্মৰ মূল, ধন নহ'লে যায় জাতি কুল" - বাক্যফাঁকিৰ জৰিয়তে বুজাব বিচাৰিছে।
___________________________________________________________
২/
অসমীয়া সহিত্যৰ তত্ত্ব গধুৰ প্ৰবন্ধ লেখক কালিৰাম মেধিদেৱৰ "গৌৰৱ" নামৰ চিন্তা উদ্ৰেককাৰী প্ৰবন্ধটিৰ মাজেৰে ক'ৰ ক'ৰ পৰা মানুহৰ গৌৰৱ ওপজে, গৌৰৱে মানুহৰ মনত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰে - তাৰ ওপৰত এক বিশ্লেষণাত্মক দৃষ্টিভংগীৰে বর্ণনা দাঙি ধৰিছে।
পাঠটিত উল্লেখ কৰা মতে, গৌৰৱ তিনি ঠাইৰ পৰা উৎপন্ন হয়। সেই কাৰক তিনিটা হ'ল - সৌভাগ্য, শৰীৰ আৰু মন। যদিও সৌভাগ্য আৰু শৰীৰ দুটা গৌৰৱৰ কাৰক, তথাপি প্ৰকৃত গৌৰৱ মনৰ পৰাহে উৎপন্ন হয়। জ্ঞান, আত্মসংযম আৰু আত্মদানেহে মানুহক অমৰ কৰে। জ্ঞানী পুৰুষ এজন সাধাৰণ অৱস্থাৰ হ'লেও তেওঁ মানুহৰ মাজত বিখ্যাত হৈ পৰে।
উদাহৰণস্বৰূপে, ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ত্যাগ, প্রহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মত্যাগৰ গৌৰৱপূৰ্ণ ইতিহাসৰ বিষয়। তাৰোপৰি, ছেক্সপীয়েৰ, কবীৰ, মাধৱদেৱৰ কথা মানহে যিমান জানে, বিস্তৃত জীৱনী থকা মহা মহা সম্ৰাটৰ কথা সিমান নাজানে। শুদ্ধোধন ৰজা হোৱাৰ কাৰণে বিখ্যাত নহয়, বুদ্ধদেৱৰ পিতৃ হোৱা বাবেহে মানুহে তেওঁৰ বিষয় জানে। আলেকজেণ্ডাৰে দেশহে জয় কৰিছিল, কিন্তু প্লেটোৱে মানুহৰ মন জয় কৰিছিল। একেদৰে, ইউৰোপত সম্রাট নেপোলিয়ন বোনাপার্টতকৈ মার্টিন লুথাৰৰ বেছি জনপ্রিয়তা। সম্রাট আকবৰৰ ৰাজ্য ধ্বংস হ’ল অথচ গৌতম বুদ্ধই আধ্যাত্মিক আদৰ্শৰে আজিও মানুহৰ মনক বান্ধি ৰাখিছে। পৃষ্ঠপোষক ৰজা নৰনাৰায়ণৰ ৰাজত্ব কাহানিবাই শেষ হ’লেও, শংকৰদেৱৰ জনপ্ৰিয়তা বাঢ়িছেহে। আকৌ বিশ্ববিখ্যাত কবি হোমাৰ, অনন্ত কন্দলি, ডাক, বিদ্যাপতি আদি বিদ্বান লোকসকলক বহুতে নিজৰ ঠাইত জন্মা বুলি গৌৰৱ কৰিবলৈ হেতা-ওপৰা লগায়। তেওঁলোকৰ জন্মস্থান লৈ বিতৰ্ক আছে এইকাৰণে যে তেওঁলোক জ্ঞানৰ ভঁৰাল। একেদৰে অসমৰ ভিতৰতে ভিন ভিন ঠাইৰ মানুহে মাধৱ কন্দলি, মাধৱদেৱ, অনন্ত কন্দলি আদি পণ্ডিতসকলৰ জন্মস্থানক লৈ টনা-আঁজোৰা লগায়। ঠিক তেনেদৰেই সাধাৰণ মানুহবোৰেও তেওঁলোকৰ নিজ জাতৰ বা একে ব্যৱসায়ৰ কোনো মানুহ বিখ্যাত হোৱা দেখিলে তেওঁৰ নাম কৈ সেই জাতৰ গৌৰৱ কৰে।
সেয়েহে, লেখকৰ মতে প্ৰকৃত গৌৰৱৰ কাৰণ হ'ল মন অৰ্থাৎ মানসিক বৃত্তিৰ উৎকৰ্ষ সাধনৰ জৰিয়তে লাভ কৰা জ্ঞান, আত্মসংযম আৰু আত্মদান আদি গুণবোৰৰ দ্বাৰা সৃষ্টি হোৱা গৌৰৱ। এনে ধৰণৰ গৌৰৱ চিৰ যুগমীয়া আৰু পৰৱৰ্তী প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ।