India Languages, asked by XxCharmingGuyxX, 1 month ago

here... for Assammese people

CLASS-10
subject_ science

don't spam ❌

if you don't know the language then don't answer.

question :- বিদ্যালয়ৰ প্রধানলৈ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে বিদ্যালয়ৰ খেল ধেমালিৰ উন্নয়নৰ বাবে এখনি আবেদন পত্র লিখা। ​

Answers

Answered by TRISHNADEVI
3

ANSWER :

 \\  \\

প্ৰতি,

মাননীয় ___________ বিদ্যালয়ৰ

প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু,

তাং : _ _ / _ _ / _ _ _ _

বিষয় : বিদ্যালয়ৰ খেল ধেমালিৰ উন্নয়নৰ বাবে আবেদন

 \\

শ্ৰদ্ধাৰ মহোদয়,

বিনীত নিবেদন এই যে আমি বিদ্যালয় একতা সভাৰ ফালৰ পৰা হৈ যোৱা সভাত বিদ্যালয়ৰ কিছুমান অভাৱ-অভিযোগৰ কথা আলোচনা কৰোঁ। সেই প্ৰসংগতে একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে আপোনাক জনাওঁ যে আমাৰ বিদ্যালয়ৰ খেল-ধেমালিৰ দিশটোৰ উন্নয়নৰ প্ৰয়োজন আছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে খেল-ধেমালিৰ বাবে পৰ্যাপ্ত সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে। ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে খেল-ধেমালিৰ গুৰুত্ব অপৰিসীম। আপোনাৰ সুবিবেচনাৰে এই ক্ষেত্ৰত সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি আশা ৰাখি এই আবেদন পত্ৰখন প্ৰেৰণ কৰিলোঁ। আমাৰ দৃষ্টিত খেল ধেমালিৰ বাবে উন্নয়নৰ দিশবোৰ এইধৰণৰ —

  • ১) বহুত দিন অব্যৱহৃত হৈ থকাৰ বাবে খেল পথাৰত ঠায়ে ঠায়ে হোৱা দ' গাতবোৰ ভালদৰে পুতিব লাগে।

  • ২) বেডমিণ্টন খেলৰ বাবে প্ৰায় দহজোৰ মান ৰেকেটৰ প্ৰয়োজন।

  • ৩) ফুটবল খেলৰ বাবে দুটা গ'লপোষ্টৰ প্ৰয়োজন আছে।

  • ৪) ছাত্ৰ-ছাত্ৰীৰ জিৰণি কোঠাৰ বাবে লুডু , কেৰম খেলৰ সামগ্ৰীবোৰ নতুনকৈ অনাৰ ব্যৱস্থা কৰিব লাগে, যিহেতু বৰ্তমান মজুত থকা সামগ্ৰীবোৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে।

  • ৫) ক্ৰিকেটৰ পিট্ চখনৰো কিছু মেৰামতিৰ প্ৰয়োজন হৈছে।

শৈক্ষিক দিশৰ লগতে খেলা-ধূলাৰ উন্নতিৰ দিশটো আপুনি সততে সজাগ দৃষ্টি ৰাখি আহিছে, তাৰ বাবে আমি কৃতজ্ঞ । আশা কৰোঁ পূৰ্বৰ দৰেই সহৃদয়তাৰে বিবেচনা কৰি উল্লিখিত বিষয়ত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মহোদয়ক সানুনয়ে অনুৰোধ জনালোঁ।

 \\

ইতি,

আপোনাৰ বিশ্বাসী

____________

সাধাৰণ সম্পাদক

ছাত্ৰ একতা সভা

___________ বিদ্যালয়

Similar questions