India Languages, asked by XxCharmingGuyxX, 4 days ago

৩। কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ'ল ? ​

৪। বিনীতাৰ অপাৰেচন কেনেদৰে ততাতৈয়াকৈ হৈ গ'ল l​

Answers

Answered by sanjitpathak865
7

Answer:

কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ'ল ?

উত্তৰঃ নাজিয়াই মােমায়েক হাকিম আহমেদ নুমলীয়া জীয়েকৰ বিয়া খাবলৈ বুলি যােৱা বাটত কনকেশ্বৰ ঠাকুৰক লগ পায়। তেওঁৰ পৰা তাই জানিব পাৰে যে তেওঁৰ জীয়েক বিনীতাৰ অসুখ। তাইক অপৰেচন কৰাটো অতি জৰুৰী।

Explanation:

8| no. প্ৰশ্নটো Attachmentট আছে।

Hope it will help you

Have a great day out

Attachments:
Answered by TRISHNADEVI
1

ANSWER :

 \\

৩/

"বিয়াৰ প্ৰেজেন্ট" পাঠটিত উল্লেখ কৰা মতে, কথকৰ পৰিয়াল এটি আর্থিক সীমাবদ্ধতাৰ মাজত থকা পৰিয়াল। তেওঁৰ পত্নী নাজিয়াৰ সম্পৰ্কীয় মোমায়েকৰ ছোৱালীৰ বিয়া; সম্পৰ্কীয় মোমায়েক হ'লেও ঘৰখনৰ লগত সিহঁতৰ আহ-যাহ সুন্দৰ। বিয়ালৈ যাবলৈ প্ৰবল হেঁপাহ থকা স্বত্ত্বেও পতি-পত্নী দুয়ো যোৱাত আৰ্থিক বাধা-নিষেধ আহি পৰে। কিয়নো অহা-যোৱা, কইনালৈ উপহাৰ কিনা আদি মিলাই যিমান খৰচ হ’ব সিমান খৰচ কৰিব তেওঁলোকে নোৱাৰে। অৱশেষত, বিয়াখনলৈ নগ'লেই নহ'ব বুলি নাজিয়াই টকা অলপ হাতত লৈ আৱেগিক সম্পৰ্কৰে বান্ধ খাই থকা আপোন মানুহৰ বিয়ালৈ গ’ল। টাউনৰ বাছ আস্থানৰ পৰা বিয়াঘৰলৈ বুলি ৰিক্সাত উঠিবলৈ আগ বাঢ়োতেই তেওঁ একেখন গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পালে । ঠাকুৰৰ কথাৰ পৰা নাজিয়াই গম পালে যে তেওঁৰ নুমলীয়া জীয়েকৰ কেইবাদিনো ধৰি অসুখ। গাঁৱৰ বেজে ভাল কৰিব নোৱাৰাত নগৰৰ হাস্পতাললৈ আনিছে। ডাক্তৰে চাই সোনকালে অপাৰেশ্যন নকৰালে বিপদ হ’ব পাৰে বুলি ক'লে। অপাৰেশ্যন কৰালে ডেৰশমান টকাৰ তেজ দিয়াব লাগিব বুলিও ক'লে। ঠাকুৰৰ হাতত সিমান পইচা নাই, বেচিবলৈ বা বন্ধক দিবলৈ মাটিও নাই। তথাপি কিবা উপায় ওলাই নেকি বুলি গাঁৱলৈকে যাবলৈ আহিছে। কথাখিনি গম পাই নাজিয়াই বৰ দুখ পালে আৰু ঠাকুৰৰ কষ্ট উপলব্ধি কৰি তেওঁৰ লগত হাস্পতাললৈ গ'ল। ডাক্তৰৰ লগত ঠাকুৰৰ কথা পতাই সিদিনাই অপাৰেশ্যনৰ দিহা কৰালে। বিয়াৰ খৰচৰ বাবে নিয়া পইচাকেইটা তেজ কিনিবলৈ ঠাকুৰৰ হাতত গুঁজি দিলে। পাঁচ বজালৈকে হাস্পতালত থাকি অপাৰেচন সম্পূৰ্ণ কৰালে। বিয়ালৈ যাবলৈ অহা নাজিয়াই ঠাকুৰৰ দুখত দুখী হৈ বিয়াৰ কথা পাহৰিয়েই থাকিল৷ এনে পৰিস্থিতিতে নাজিয়াই বিয়ালৈ যোৱাৰ সিদ্ধান্ত সলনি কৰি বিয়াৰ উদযাপনৰ আনন্দেৰে নহয়, অইনৰ যন্ত্ৰণা কম কৰিব পৰাৰ সুখেৰে উজলি নাজিয়া ঘৰলৈ উভতি আহিল।

__________________________________________________

৪/

"বিয়াৰ প্ৰেজেন্ট" পাঠটিত উল্লেখ কৰা মতে, বিনীতা হৈছে কথকৰ গাঁৱৰে কনকেশ্বৰ ঠাকুৰৰ ছোৱালী । কেইবাদিনো ধৰি টান নৰিয়াত আক্ৰান্ত হৈ থকা বিনীতাক গাঁৱৰ বেজে ভাল কৰিব নোৱাৰাত দেউতাকে টাউনৰ হাস্পতাললৈ আনিছে। ডাক্তৰে চাই বিনীতাৰ ৰোগ পুৰণি আৰু ইতিমধ্যে বহু দেৰি হৈছে বুলি সোনকালে অপাৰেশ্যন কৰাৰ কথা কলে। এদিন দেৰি কৰিলেও তাইলৈ বিপদ মাতি অনাৰহে কথা। আকৌ, তাইৰ শৰীৰত তেজৰ পৰিমাণো কম। সেয়ে অপাৰেশ্যন কৰালে ডেৰশমান টকাৰ তেজ দিয়াব লাগিব বুলিও ক'লে। ঠাকুৰৰ হাতত সিমান পইচা নাই, বেচিবলৈ বা বন্ধক দিবলৈ মাটিও নাই। তথাপি কিবা উপায় ওলাই নেকি বুলি গাঁৱলৈকে যাবলৈ আহি বাছ আস্থানত বিয়ালৈ যাবলৈ অহা নাজিয়াক লগ পাই কথাখিনি ক'লে। কনকেশ্বৰ ঠাকুৰৰ পৰা তেওঁৰ জীয়েকৰ অসুখৰ কথা জানিব পাৰি নাজিয়াই বৰ দুখ পালে। সেয়ে আৰু ঠাকুৰৰ কষ্ট উপলব্ধি কৰি তেওঁৰ লগত হাস্পতাললৈ গ'ল। ডাক্তৰৰ লগত ঠাকুৰৰ কথা পতাই সিদিনাই অপাৰেশ্যনৰ দিহা কৰালে। বিয়াৰ খৰচৰ বাবে নিয়া পইচাকেইটা তেজ কিনিবলৈ ঠাকুৰৰ হাতত গুঁজি দিলে। পাঁচ বজালৈকে হাস্পতালত থাকি অপাৰেচন সম্পূৰ্ণ কৰালে। এইদৰেই, নাজিয়াৰ সহযোগতে কনকেশ্বৰ ঠাকুৰৰ জীয়াৰী বিনীতাৰ অপাৰেশ্যন ততাতৈয়াকৈ হৈ গ'ল।

Similar questions