PLEASE ANSWER MY THIS QUESTION ✒
১) প্ৰসংগ - সংগতি দৰ্শাই ব্যাখ্যা কৰা।
জগজনজীবন অজন জনাৰ্দন দনুজদমন দুখহাৰী।
মহদানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী।।
( this question is in Assamese language, which is a constitution certified Language, so please mods don't delete it.)
Answers
ANSWER :
জগজনজীৱন অজন জনার্দন দনুজদমন দুখহাৰী ।
মহদানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী ।।
প্ৰসংগ : ব্যাখ্যেয় পদফাঁকি একাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ"ৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত "জয় জয় যাদৱ জলনিধিজা..." শীৰ্ষক বৰগীতটোৰ পৰা উদ্ধৃত কৰা হৈছে।
সংগতি : জগতৰ পতি শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপৰ বৰ্ণনা কৰিবলৈ গৈ কবি গুৰুজনাই বৰগীতটিত ব্যাখ্যেয় পদফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যা : শ্রীকৃষ্ণ হৈছে জগতৰ জীৱৰ প্ৰাণস্বৰূপ। জাগতিক মায়া-মোহে তেওঁক বান্ধি ৰাখিব নোৱাৰে অথচ তেওঁ ভকতৰ অধীন। ভকতৰ কষ্ট-সংকট লাঘৱ কৰি পৰম মুক্তি তেৱেঁই প্ৰদান কৰে। তেৱেঁই ভক্তৰ দুখ হৰণকাৰী। শ্ৰীকৃষ্ণৰ নাম স্মৰণ আৰু শ্ৰৱণ কৰিলেই ভক্তসকলৰ মুক্তিৰ পথ সিদ্ধি হয়। বিভিন্ন সময়ত ভকতক ৰক্ষা কৰিবলৈ নাৰায়ণৰূপী শ্ৰীকৃষ্ণই পৃথিৱীত শান্তি বিনাশকাৰী ৰাক্ষস, অসুৰক দমন কৰি জগতত মংগল স্থাপনা কৰিছে। জীৱকূলৰ মহৎ আনন্দৰ কাৰণো তেৱেঁই। নন্দৰ পুত্ৰ এইজনা শ্ৰীকৃষ্ণই জগতৰ প্ৰাণীৰ যন্ত্ৰণা নাশ কৰি পৰম আনন্দৰ সূচনা কৰে।
মহাপুৰুষজনাই বৰগীতটিত ব্যাখ্যেয় পদফাকিৰ উল্লেখৰ জৰিয়তে জগতৰ ত্ৰাণকৰ্তা শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপৰ বৰ্ণনাৰ মাজেদি সৰ্বসাধাৰণৰ মনত ভক্তি ৰস বিয়পাবলৈ কবি সমৰ্থ হৈছে।
শব্দাৰ্থ :-
- জগজনজীৱন - জগতৰ সকলোৰে জীৱন স্বৰূপ
- অজন - চিৰন্তন
- জনার্দন - মায়াই যাক বশ কৰিব নোৱাৰে
- দনুজদমন - দনু নামৰ ৰাক্ষসক দমন কৰা
- দুখহাৰী - দুখ হৰণ কৰোঁতা
- কন্দ - মূল
- বনচাৰী - বনত বিচৰণ কৰোঁতা