"অন্যৰ প্রতি ব্যৱহাৰ "পাঠটোৰ পৰা তুমি কি শিকিলা তোমাৰ ভাষাৰে লিখা।
please fast my Assam'sভাই-ভণী।
Answers
Answer:
`সাৰথি' পুথিখন কাৰ ৰচনা?
উত্তৰঃ `সাৰথি' পুথিখন সত্যনাথ বৰাৰ ৰচনা।
খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়?
উত্তৰঃ মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে- সন্তোষে কাল নিয়াব পাৰি সেই কথা নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়।
গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ?
উত্তৰঃ অবাবত কেটেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ।
ঘ) সজ ব্যৱহাৰৰ অনুপান কি?
উত্তৰঃ নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।
ঙ) মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক কি কৰা হয়?
উত্তৰঃ মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক ছল কৰা হয়।
চ) `এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল'। - ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?
উত্তৰঃ যিবোৰ মানুহে লগ- লগৰীয়াক হঁহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰী কৰে তেনেকুৱা মানুহৰ স্বভাৱ নিচেই পাতল ।
ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়?
উত্তৰঃ শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়।
জ) `বহল ব্যাকৰণ' পুথিখন কাৰ ৰচনা?
উত্তৰঃ `বহল ব্যাকৰণ' সত্যনাথ বৰাৰ ৰচনা।
চমুকৈ বুজাই লিখা:
ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি?
উত্তৰঃ সংসাৰত সমাজ পাতি সুখে- সন্তোষে চলাত মানুহৰ আচাৰ- ব্যৱহাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইজনে আনজনক কৰা ব্যৱহাৰেই হল সুখ- শান্তিৰ মূল চাবিকাঠি। “আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়" বোলা আপ্তবাক্য শাৰি ষোল অনাই সচাঁ। ব্যৱহাৰৰ বাবেই একোজন মানুহ সকলোৰে প্ৰিয়পাত্ৰ নাইবা গৰিহণাৰ ভাজন হয়। কাক, কত, কেনেদৰে, কি ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ ফলত বহুত সৎ চৰিত্ৰৰ লোকেও নানান আহুকালত পৰিবলগীয়া হয়। আনহাতে ব্যৱহাৰৰ গুণত অনেক ছলাহী মানুহেও সকোলোৰে মৰম বুটলিবলৈ সক্ষম হয়। আমাৰ সমাজত এফাঁকি প্ৰচলিত প্ৰবচন আছে যে - `কথাত কটা যায়, কথাত বঁটা পায়'- সেয়েহে আচাৰ- ব্যৱহাৰক সাধাৰণ কথা বুলি নাভাবি অামি মন দি শিকা উচিত।
খ) বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে?
উত্তৰঃ কথাতে আছে যে - `ভাতৰ তিতা সহিব পাৰি, মাতৰ তিতা সহিব নোঁৱাৰি।' তিতা মাতৰ মানুহে জানি কাৰো অহিত নকৰিলেও, কেৱল কঠুৱা মাতৰ দোষতেই সকলোৰে চকুৰ কুটা যেন হৈ পৰে। সিহঁতৰ গাত লক্ষ্যগুণ থাকিলেও অকল তিতা মাতেই সকলোকে ঢাকি পেলায়। তিতা মুখে মাতিলে সহস্ৰ উপকাৰ মানুহে এক তিলে পাহৰে, অৰ্বুদ দানৰ ফল নিমিষতে লয় হয়। আনহাতে, “বিনয় পৰম ভূষণ।" সি কৰিব নোৱাৰা একো নাই। বিনয়ীক সকলোৱে ভাল পায় আৰু ক্ষমা কৰে। নম্ৰভাৱে আৰু যুক্তিৰে কব জানিলে দুখৰ কথা কলেও মানুহ অসন্তুষ্ট নহয়। সেয়েহে জ্ঞানী সকলে বিনয়ভাৱত দান কৰিব লাগে বুলি কৈছে; অন্যথা নম্ৰতাৰ অভাৱত দানৰ কোনো মহত্ব নাথাকিব।
শ্ন নং ৩। তাৎপৰ্য বাখ্যা কৰাঃ
ক) নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।
উত্তৰঃ লেখক সত্যনাথ বৰা দেৱে `অন্যৰ প্ৰতি ব্যৱহাৰ' নামৰ পাঠটিত সজ ব্যৱহাৰ আৰু আচৰণৰ কথা কবলৈ গৈ নম্ৰতা সজ ব্যৱহাৰৰ অনুপান বুলি কৈছে। কিয়নো যিদৰে উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে ; সেইদৰেই ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ হয়। দম্ভালি মাৰি কথা কলে সমাজত অপ্ৰিয় হোৱা দেখা যায়। সেইকাৰণে আমি নম্ৰ হোৱা উচিত। নম্ৰতাৰ পৰা মানুহৰ মনৰ উচ্চতাহে প্ৰকাশ পায়। নম্ৰতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল। মনত নম্ৰতা ভাৱ থাকিলে, সুখেৰে আপোনা- আপুনি মিঠা মাত ওলায়। মিঠা মাতেৰে সকলোৰে অন্তৰ জয় কৰিব পাৰি।
খ) সোণৰ জেউতি অমান্য কৰিলে নকমে।
উত্তৰঃ সোণ এবিধ বহুমূলীয়া ধাতু। ই সকলোকে আকৰ্ষিত কৰে। সকলোৱে সোণৰ অলঙ্কাৰ পিন্ধিবলৈ ইচ্ছা কৰে। কিন্তু ইয়াৰ মূল্য অধিক হোৱা বাবে সকলোৱে সোণ কিনিব নোৱাৰে। তাৰ বাবে যদি কোনোবাই সোণক অমান্য কৰিব খোজেও, সোণৰ জেউতি কিন্তু কমি নাযায়। ইয়াৰ দ্বাৰা লেখকে বুজাব বিচাৰিছে যে জ্ঞানী বা মান্যৱন্ত লোকক অমান্য কৰিলেও তেওঁলোকৰ মান নকমে। কিছুমান এনে মানুহ আছে যিয়ে সমাজত সন্মান থকা ব্যক্তিক অসন্মান কৰিলে পুৰুষালি কৰা যেন পায়, সেই দেখি ছল পালে অসন্মান কৰিবলৈ নেৰে। কিন্তু সিহঁতে ভাবি নাচায় যে মান্যবন্ত বা সন্মানীয় অমান্য কৰি সন্মান কমাব নোৱাৰি।
ভাষা-বিষয়কঃ
৪) বিপৰীত শব্দ লিখাঃ
সুখ - দুখ
সন্তোষ - অসন্তোষ
সজ - অসজ
চৰিত্ৰবন্ত - চৰিত্ৰহীন
কপটীয়া - সৰল
মিঠা - তিতা
বিনয় - উগ্ৰ
নম্ৰতা - উগ্ৰতা
লঘু - গুৰু
উচ্চ - নীচ
নিন্দা - প্ৰসংশা
গুপ্ত - সদৰী
দোষ - গুণ
গহীন - চঞ্চল
আঢ়্যৱন্ত - দৰিদ্ৰ
৫) বাক্য ৰচনা কৰাঃ
চকুৰ কুটা : (অপ্ৰিয় লোক) : নৰেশ্বৰ তাৰ ব্যৱহাৰৰ বাবে গোটেই অঞ্চলটোৰ চকুৰ কুটা স্বৰূপ হৈ পৰিছে।
পেটত কথা ৰাখ :(মনৰ কথা লুকাই ৰখা) : তাৰ পৰা আচল কথাটো জানিবই নোৱাৰিব কাৰণ সি পেটত কথা ৰাখে।
Explanation: