Geography, asked by sumairasultana25, 2 months ago

prithibir উপকূল ৰেখাৰ সৰ্বমঠ দীঘ কিমান​

Answers

Answered by syed2020ashaels
0

Answer:

উত্তৰঃ এচিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। এই মহাদেশৰ দক্ষিণাংশত ভাৰতবৰ্ষ অৱস্থিত। ইয়াৰ উত্তৰে সু-উচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ, দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, পূবে বংঙ্গোপসাগৰ আৰু ম্যানমাৰ আৰু পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান। ভাৰতৰ ভূ-খণ্ড উত্তৰা- দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰিকালৈ আৰু পূবা- পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত । এই দেশে ৮°৪২৮' উত্তৰৰ পৰা ৩৭০°১৭' ৫৩" উত্তৰ অক্ষৰেখা আৰু ৬৮°৭' ৩৩" পূবৰ পৰা ৯৭°২৪' ৪৭" পূব দ্ৰাঘিমাৰেখাৰ মাজত অৱস্থিত। ২৩°৩০' উত্তৰ অক্ষৰেখা বা কৰ্কটক্ৰান্তি ৰেখা ভাৰতৰ সোঁমাজেদি গৈছে। এই ৰেখাই দেশখনক উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত বিভক্ত কৰিছে। ইয়াৰে দক্ষিণৰ ভাগটো পূবে বংগোপসাগৰ আৰু পশ্চিমে আৰৱ সাগৰৰ মাজত অৱস্থিত।উত্তৰঃ উত্তৰা- দক্ষিণাকৈ ভাৰতবৰ্ষৰ ভূ-খণ্ড প্ৰায় ৩,২১৪ কিলোমিটাৰ আৰু পূবা- পশ্চিমাকৈ প্ৰায় ২,৯৩৩ কিলোমিটাৰ বিস্তৃত। পূবে বংঙ্গোপসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূ-ভাগে প্ৰায় ৬,১০০ কিলিমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে। এই উপকূল অঞ্চলতে ভালেমান বন্দৰ গঢ়ি উঠিছে। সুদীৰ্ঘ উপকূল ৰেখাৰ নিচিনাকৈ ভাৰতৰ ভূ- খণ্ডই ইয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে স্থল ভাগেৰেও সীমাৰেখাৰ সৃষ্টি কৰিছে। পশ্চিমে পাকিস্তান, উত্তৰে চীন, নেপাল আৰু ভূটান, পূবে চীন, দক্ষিণ- পূবত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে ১৫,২০০ কিলোমিটাৰ।

For similar questions refer-https://brainly.in/question/32841327

#SPJ1

Similar questions