India Languages, asked by Anubhab133, 6 months ago

Q. প্ৰথমখন অসমীয়া ব্যাকৰণ কি ? Q. প্ৰথম অসমীয়া চলচ্চিত্ৰ কি আৰু কোনে নিৰ্মাণ কৰিছিল ?

Answers

Answered by VedankMishra
2

ব্যাকৰণ হৈছে ভাষাৰ চিন্তা আৰু চৰ্চাৰ এক প্ৰাথমিক আৰু সবল পদক্ষেপ । এনে চৰ্চাৰ আৰম্ভ হৈছিল প্ৰাচীন ভাৰতবৰ্ষত বৈদিক সাহিত্যৰ লগতে বিভিন্ন ব্ৰাক্ষ্মণ গ্ৰন্থৰ মাজেদি । অৱশ্যে এনে চিন্তাই সুনিৰ্দিষ্ট ৰূপ লাভ কৰে পাণিনিৰ দ্বাৰা ৰচিত ‘অষ্টাধ্যায়ী’ নামে খ্যাত “শব্দানুশাসনম” নামৰ গ্ৰন্থৰ মাজেৰে । অসমত এই ব্যাকৰণ চৰ্চাৰ আৰম্ভ হয় উনবিংশ শতিকাত, ইংৰাজ বিষয়া আৰু আমেৰিকান মিছনেৰীসকল অসমৰ অহাৰ পাছতহে ।১৮৩৯ চনত ইংৰাজ বিষয়া উইলিয়াম ৰবিন্সন চাহাবে ৰচনা কৰা “A Grammar of the Assamese Language” নামৰ ব্যাকৰণখনে হ’ল অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ ।সেই তেতিয়াৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে অসমীয়া ভাষাত বহুতো ব্যাকৰণ ৰচিত হৈছে ।আলোচনাৰ সুবিধাৰ্থে আমি অসমীয়া ভাষাৰ ব্যাকৰণ চৰ্চাৰ ইতিহাসক তিনিটা স্তৰত ভাগ কৰি ল’ব পাৰোঁ । যেনে –১)উনবিংশ শতিকাৰ অসমীয়া ভাষাৰ ব্যাকৰণ চৰ্চা২)বিংশ শতিকাৰ অসমীয়া ভাষাৰ ব্যাকৰণ চৰ্চা৩)একবিংশ শতিকাৰ অসমীয়া ভাষাৰ ব্যাকৰণ

Answered by RajashreeBG
2

Answer:

প্ৰথম অসমীয়া ব্যাকৰণ হৈছে -“ A grammar of the Assames language”

প্ৰথম অসমীয়া বোলছবি হৈছে - জয়মতী

Similar questions