India Languages, asked by XxCharmingGuyxX, 6 hours ago


question :- কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কার্যসূচীক তুমি মাইলৰ খুটি হিচাপে সাব্যস্ত কৰিব খােজানে?

(FROM:-THIS QUESTION IN ASSAMESE LANGUAGE, CLASS 10,SECONDERY BOARD OF ASSAM TEXT BOOK QUESTION) ​

Answers

Answered by kritee88
6

Answer:

1942 চনত ব্ৰিটিছৰ প্ৰধান মন্ত্ৰী ছাৰ ষ্টাফৰ্ড ক্রিপছৰ নেতৃত্বত 'ক্রিপছ মিছন' গঠন হয়।ভাৰতবৰ্ষৰ ৰাজনৈতিক সমস্যা সমাধানৰ বাবে চাৰ্চিলে ' ক্ৰিপছ মিছন ' ভাৰতলৈ প্ৰেৰণ কৰে। কিন্তু ক্রিপছ মিছন ব্যৰ্থ হয়। ইয়াৰ পিছত মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে তৃতীয় বৃহৎ 'ভাৰত ত্যাগ' আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিল। ভাৰত ত্যাগ আন্দোলনৰ অন্য কাৰণবোৰ আছিল– জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূৰ্ববঙ্গত সন্ত্ৰস আৰু ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাৱ।

1942 চনৰ 8 আগষ্ট তাৰিখে বোম্বাইত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগে লগে আন্দোলনৰ সূত্ৰপাত হৈছিল। গান্ধীৰ ' 'কৰিম কিম্বা মৰিম' ধ্বনিৰে উদ্বুদ্ধ হৈ দেশে এই আন্দোলনত জপিয়াই পৰিছিল। ব্ৰিটিছে গান্ধী আৰু আগ শাৰীৰ নেতাসকলক গ্ৰেপ্তাৰ কৰে।

মহাত্মা গান্ধী আৰু কংগ্ৰেছৰ আগশাৰীৰ নেতা সকল গ্ৰেপ্তাৰ হোৱাৰ পিছত এই আন্দোলনৰ বাঘজৰি ভাৰতীয় জনসাধাৰণে নিয়ন্ত্ৰণ কৰে। সমগ্ৰ দেশতে হৰটালৰ লগতে বিদেশী সামগ্ৰীপূৰ্ণ দোকান - ঘৰ ভাঙি চুৰমাৰ কৰা হৈছিল। পুলিচ থানা, আদালত, ষ্টেচন, ৰেললাইন আদিত আক্ৰমণ আৰু ধ্বংস কৰা হয় তথা টেলিফোন লাইনসমূহ কাটি দিয়া হৈছিল।

ভাৰতৰ স্বাধীনতা আন্দোলনত এই আন্দোলনৰ কাৰ্যসূচীক মই মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰোঁ। কিয়নো এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণক কাৰ্যসূচিলৈ পৰিণত কৰিছিল। ' ভাৰত ত্যাগ আন্দোলন'ৰ পিছত স্বাধীনতা দৰদামৰ বিষয় হৈ থকা নাছিল। ইয়াৰ পিছত ব্ৰিটিছ চৰকাৰৰ লগত কৰিব লগা এটাই বুজাপৰা বাকী আছিল, সেয়া হ'ল — কেৱল ক্ষমতাৰ হস্তান্তৰ।

Explanation:

Hope this will help you. Plz mark me as brainliest.

Answered by TRISHNADEVI
6

ANSWER :

 \\

জাপানৰ ভাৰত আক্রমণৰ ভাবুকি, পূর্ববংগত সন্ত্রাস আৰু ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাব আদিৰ পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল।

ক্ৰিপছ মিছনৰ লগত ৰাজনৈতিক আলোচনাত ব্যৰ্থ হৈ কংগ্ৰেছে ১৯৪২ চনৰ জুলাই মাহত চৰকাৰৰ সৈতে অসহযোগৰ প্ৰস্তাৱ গ্ৰহণ কৰি বৃটিছক ভাৰত ত্যাগ কৰি স্বদেশলৈ প্ৰত্যাগমনৰ নির্দেশ দিয়ে। এই প্ৰস্তাৱক পৰিশোধিত ৰূপত ৮/৯ আগষ্টত বোম্বে কংগ্ৰেছত ‘ভাৰত ত্যাগ প্রস্তাৱ ৰূপে গ্ৰহণ কৰা হয় আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত ই ‘ভাৰত ত্যাগ আন্দোলন’ নামে স্মৰণীয় হৈ আছে ।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত ভাৰত ত্যাগ আন্দোলনৰ কার্যসূচীক তুমি মাইলৰ খুটি হিচাপে সাব্যস্ত কৰিব পাৰি । কিয়নো,

  • ১/ গান্ধীৰ ‘কৰিম কিম্বা মৰিম’ ধ্বনিৰ প্ৰেৰণাত উদ্বুদ্ধ হৈ দেশে এই আন্দোলনত জঁপিয়াই পৰিছিল । সমগ্র দেশতে হতালৰ লগতে বিদেশী সামগ্রীপূর্ণ দোকান ঘৰ ভাঙি চুৰমাৰ কৰা হৈছিল । ব্ৰিটিছ চৰকাৰৰ প্ৰতিষ্ঠান হিচাপে গণ্য কৰা ৰেল ষ্টেচন, আদালত, পুলিচ থানা আদিত জনসাধাৰণে আক্ৰমণ কৰিছিল । বেল লাইন ধ্বংস কৰাৰ লগতে টেলিফোন লাইনসমূহ কাটি দিয়া হৈছিল । কিছুমান ঠাইত আনকি স্বাধীন চৰকাৰো প্রতিষ্ঠা হৈছিল ।

  • ২/ বংগদেশ, বিহাৰ, উত্তৰ প্ৰদেশ, বোম্বাই, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত এই আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল। দৰৱাৰ, চাতাৰা, বালিয়া, বালাচোৰ, তালচেৰ আদি ঠাই ব্ৰিটিছ শাসনৰপৰা মুক্ত বুলি ঘোষণা কৰা হৈছিল আৰু তাত নিজাকৈ চৰকাৰ গঠন কৰা হৈছিল ।

  • ৩/ যদিও এই আন্দোলন দীর্ঘম্যাদী নাছিল, ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা, সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অনন্য উদাহৰণ আছিল । স্বাধীনতাৰ জাতীয়তাবাদী সংগ্রামত জনসাধাৰণৰ এই স্বতঃস্ফূর্ত অংশগ্রহণে এই আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল ।

  • ৪/ ছাত্র, মহিলা খেতিয়ক আৰু শ্রমিকে এই আন্দোলনত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল । এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী, আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল ।

ভাৰত ত্যাগ আন্দোলনৰ পিছত ভাৰত স্বাধীন হোৱাটো একেবাৰে নিশ্চিত হৈ পৰিছিল। ব্ৰিটিছ চৰকাৰৰ লগত কেৱল ক্ষমতা হস্তান্তৰ কৰাটোহে বাকী আছিল। সেয়েহে ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীক ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব পাৰি ।

Similar questions