Social Sciences, asked by bznznzbb257, 3 months ago

SEBA BOARD {HISTORY}
CHAPTER-3

\huge\green\tt{\underline{\underline{DON'T SPAM}}}

Attachments:

Answers

Answered by TRISHNADEVI
4

ANSWER :

 \\  \\

অসমত ইংৰাজ শাসনৰ বিৰুদ্ধে ১৮৫৭ চনত বিদ্ৰোহৰ সুত্ৰপাত হয়। ১৮৫৭-৫৮ চনৰ এই বিদ্ৰোহৰ মূল কাৰণসমূহ হ'ল :-

  • ১/ ৰাজনৈতিক কাৰণ : ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পৰিণাম স্বৰূপে অসমখন ইংৰাজসকলৰ অধীনলৈ যায় যদিও অসমৰ বৰমূৰীয়াসকলে অসমৰ স্বাধীনতা হেৰুৱাব বিচৰা নাছিল। স্বাধীনতা হেৰুৱাত অসমীয়া মানুহৰ চেতনা আৰু মৰ্যাদা বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। সেয়েহে ভিতৰি ভিতৰি উমি উমি জ্বলি থকা ইংৰাজ বিদ্বেষী ভাৱটোৰ ১৮৫৭ চনত বহিঃ প্ৰকাশ ঘটি বিদ্ৰোহৰ ৰূপ লৈছিল।

  • ২/ সামাজিক কাৰণ : ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ লগে লগে ইংৰাজ শাসনকাৰ্যত সহায় হোৱাকৈ বংগদেশৰ পৰা শিক্ষিত বঙালীসকলক আমদানি কৰি বিভিন্ন চৰকাৰী পদত মকৰল কৰিছিল। এই কাৰ্যই অসমীয়া লোকসকলৰ মৰ্যাদা হানি কৰিছিল। ফলস্বৰূপে ১৮৫৭ চনত বিদ্ৰোহে গা কৰি উঠিছিল।

  • ৩/ অৰ্থনৈতিক কাৰণ : ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰি ৰাজহ বৃদ্ধিৰ লগতে সাধাৰণ প্ৰজাৰ ওপৰত জধে-মধে কৰ-কাটল আৰোপ কৰিছিল। মাটিৰ খাজনা বৃদ্ধি কৰিছিল আৰু কৰ পৰিশোধ কৰিব নোৱাৰা প্ৰজাৰ ওপৰত অত্যাচাৰ আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰ বাবেও অসমৰ প্ৰজাসকলে ১৮৫৭ চনৰ বিদ্ৰোহত ইংৰাজৰ বিৰুদ্ধে থিয় দিছিল।

এইবোৰ কাৰণৰ উপৰিও ইংৰাজৰ শাসন ব্যৱস্থাই পৰম্পৰাগত সামাজিক প্ৰথাত আঘাত কৰাৰ লগতে ব্ৰাহ্মণ, গোঁসাই আৰু সত্ৰাধিকাৰসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছিল যাৰ ফলত তেওঁলোকেও ১৮৫৭ চনত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল।

Similar questions