⬟ভাৱ সম্প্রসাৰণ কৰা
(ক) অধিক মাছত বগলী কণা।
(খ) হস্তীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও।
Answers
ANSWER :
- (ক) অধিক মাছত বগলী কণা
বগলীৰ প্ৰিয় খাদ্য মাছ। এটা মাছৰ সন্ধানত বগলীয়ে অনেক কষ্ট স্বীকাৰ কৰিবলগীয়া হয়। কিন্তু হঠাতে যদি বগলীৰ সন্মুখত অসংখ্য মাছে আহি দেখা দিয়ে বগলীয়ে আনন্দত আত্মহাৰা হৈ কোনটো ধৰিম, কোনটো নধৰিম বুলি কিংকর্তব্যবিমূঢ় হৈ পৰে। ইফালে বগলীয়ে ভাবি থাকোঁতেই মাছে পলাই পত্ৰং দিয়ে। ফলত বগলী নিৰাশ হ'বলগীয়া হয় যেন ইমানবোৰ মাছৰ ভিতৰত এটাও মাছ সি ধৰিব নোৱাৰিলে। অর্থাৎ ভোগৰ উভৈনদী বস্তু পাই ভোগ কৰিব নোৱাৱাৰ বেদনাত ভূগিব লগা হয়।
সেইদৰে মানুহেও আশাত বন্দী হৈ থাকোতে, যেতিয়া আশা পূৰণৰ উভৈনদী সুযোগ পায় তেতিয়া এনেভাৱে আনন্দ বিভোৰ হৈ পৰে যে সময়ৰ কৰ্ত্তব্য পাহৰি যায়, ফলত আশা অপূৰণ হৈয়ে ৰয়। অৰ্থাৎ মানুহৰ হাতলৈ কেতিয়াবা একাধিক সুযোগ আহিলে আনন্দত আত্মহাৰা হৈ থাকোঁতেই সকলো সুযোগ হেৰুৱাব লগীয়া হ'ব পাৰে। মানুহে সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব নোৱাৰি বিমোৰত পৰে যাৰ ফলস্বৰূপে হাততে সুযোগ পায়ো হেৰুৱাবলগীয়া হয়।
গতিকে, মানুহে অধিক সুবিধা পাই তাৰ বাবে আনন্দত আত্মহাৰা হৈ সঠিক সিদ্ধান্তৰ কথা পাহৰি যোৱা অনুচিত। প্ৰাচুৰ্যই যাতে মানুহক অন্ধ কৰি পেলাব নোৱাৰে যাৰ বাবে নিজৰ প্ৰাচুৰ্য কামত লগাবলৈ অপাৰগ হ’ব পাৰে, তাৰ প্ৰতি মানুহ সজাগ হোৱা উচিত।
_____________________________________________________
- (খ) হস্তীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও
হস্তী বা হাতী এক বৃহৎ আকাৰৰ জন্তু। মোটা আৰু শকত চাৰিখন ভৰিয়ে তাৰ দেহটো ধৰি ৰাখে। সেয়ে ই খোজ কাঢ়োতে ভৰি পিছলি যোৱাৰ সম্ভাৱনা খুবেই ক্ষীণ। কিন্তু কেতিয়াবা হঠাতে খোজ কাঢ়োতে এনে বিখিনি ঘাট যায় যে হাতীৰ ভৰিও পিছলি যায় আৰু সি মাটিত পাক খাই পৰে। ঠিক তেনেদৰেই, সজ্জন সকলো সদায় সৎ পথত থাকি আনৰ হিত সাধনেই কৰে। তেওঁলোকে নৌকা যাত্ৰা কৰিলেও সহজভাৱেই কৰে; সাবধানো হয়; গতিকে তেওঁলোকৰ নাও সাধাৰণতে বুৰিব নোৱাৰে। কিন্তু কেতিয়াবা তেনে ব্যক্তিকো এনে দুৰ্ভাগ্যই লগ দিব পাৰে যে সাৱধানে চলোৱা নাৱো বুৰি যাব পাৰে।
সেইদৰে অতি সাৱধানতা অৱলম্বন কৰা তথা সৰল জীৱন-যাপন কৰা ব্যক্তিকো কেতিয়াবা দুৰ্ভাগ্যই লগ দিব পাৰে। অৰ্থাৎ মানুহৰ জীৱনত এনেদৰে কিবা বিপদ হোৱাটো অথবা কেতিয়াবা লক্ষ্যৰপৰা পিছলি পৰাটো একো আচৰিত কথা নহয়। সকলো প্ৰাণীয়েই ভাগ্যৰ অধীন। বিপদ সংকট সকলোৰে ভাগ্যত থাকে। গতিকে, কেতিয়াও বিপদত নপৰিম বুলি অহংকাৰত ওফন্দি থকা উচিত নহয়।
Answer:
ক) অধিক মাছত বগলী কণাঃ মাছ বগলীৰ প্রিয় খাদ্য। পানীত মাছ দেখিলে বগলীৰ আনন্দৰ সীমা নােহােৱা হয়। কিন্তু পানীত মাছ যেতিয়া বেছি হয়, তেতিয়া কোনটো এৰি কোনটো ধৰিম কৈ ভাবি থাকোতেই মাছে পলাই পত্রং দিয়ে। ফলত বগলীয়ে বহু আশাৰে খাপ দি থকাৰ পিছতো, পাইও হেৰুৱাই নিৰাশ হ'ব লগা হয়। অর্থাৎ ভােগৰ উভৈনদী বস্তু পাই ভােগ কৰিব নােৱাৰাৰ বেদনাত ভূগিব লগা হয়। সেইদৰে মানুহেও আশাত বন্দী হৈ থাকোতে, যেতিয়া আশা পূৰণৰ উভৈনদী সুযােগ পায়, তেতিয়া এনেভাৱে আনন্দ-বিভােৰ হৈ পৰে যে সময়ৰ কর্তব্য পাহৰি যায়, ফলত আশা অপূৰণ হৈয়ে ৰয়। গতিকে মানুহে অধিক পােৱাৰ আনন্দত কর্তব্য পাহৰি যােৱা অনুচিত।
Explanation:
Hope my answer will help you.
Hey Friend, What's up..
What about Ur studies (◍•ᴗ•◍)