World Languages, asked by babitabaro88, 8 months ago

very urgent please give me correct answer অসমৰ সংস্কৃতিৰ বিষয়ে ৰচনা লিখা ​

Answers

Answered by aradhanatiwari9795
2

Explanation:

It's meaning is

Writing essays on the culture of Assam

Answered by tinku4449
0

Answer:

আপুনি অসমৰ কোন জিলা ৰ?

Explanation:

অসম দেশ বাৰে ৰহনী্য়া সংস্কৃতিৰ মিলনভূমি। এই আনন্দময়ী অসম দেশৰ জনসাধৰণ বিভিন্ন জনগোষ্ঠীৰ যেনে, মঙ্গোলীয়, ইণ্ডো-বাৰ্মা, ইণ্ডো-ইৰানীয়ান আৰু আৰ্য্য জনগোষ্ঠীৰ সংমিশ্ৰন। এই সকলো জাতি-জনগোষ্ঠীৰ দীঘলীয়া সংমিশ্ৰনত অসমীয়া সংস্কৃতি এখন বুটাবচা কাপোৰৰ দৰে ৰংচঙীয়া হৈ উঠিছে। ইয়াৰে স্থানীয় মানুহখিনিক অসমীয়া(Assamese) বুলি কোৱাৰ লগতে এই ৰাজ্যৰ ভাষাটোও অসমীয়া।

এই ৰাজ্যত বহুবিলাক জনগোষ্ঠী আছে, প্ৰতিটোৱে নিজৰ জীৱন ধাৰাৰে চালিত। বিচিত্ৰ জনগোষ্ঠী সমূহ যেনে- বড়ো, কছাৰী, কাৰ্বি, মিৰি, মিছিম, ৰাভা আদি অসমত একেলগে বসবাস কৰি আছে, বেছিভাগ জনগোষ্ঠীৰে নিজৰ ভাষা আছে যদিও ৰাজ্যৰ মূল ভাষা হৈছে অসমীয়া।বেছিভাগ অসমীয়া মানুহেই বৈষ্ণৱ পন্থী(হিন্দু ধমৰ এটা শাখা)। বৈষ্ণৱ সকলে মূৰ্ত্তি পূজাত বিশ্বাস নকৰে আৰু নাম-কীৰ্ত্তন কৰি ভগৱান বিষ্ণুৰ মহিমা গা্য়। অসমৰ সংস্কৃতিৰ সূতা ডালত প্ৰভাৱ বিস্তাৰ কৰা প্ৰধান সাংস্কৃতিৰ আৰু ধৰ্মীয় অনুস্থান দুটা হৈছে সত্ৰ, য’ত ৪০০ বছৰতকৈও বেছিদিন ধৰি ধৰ্মীয় আৰু সাংস্কৃতিক চৰ্চা কৰি অহা হৈছে আৰু আনটো হৈছে নামঘৰ, য’ত প্ৰাৰ্থনা কৰা হয়। স্পষ্টভাৱে কিছুমান জনগোষ্ঠীৰ পৰাই একোখন গাওঁৰ সৃষ্টি হয়। অসমত যদিও জাতিভেদ প্ৰথা আছে, কিন্তু ই ভাৰতৰ আন আন ঠাইৰ দৰে সিমআন গুৰুত্বপূৰ্ণ নহয় । অসমত আান আন ধৰ্ম যেনে- বৌদ্ধ, খৃষ্টান, হিন্দু, ইছলাম আদি ধৰ্মাৱলম্বী লোকো আছে। অসমৰ জাতীয় উৎসৱ বিহুক তিনিভাগত অসমীয়া জাতিয়ে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে উলাহ-মালহেৰে বছৰটোত পালন কৰে। বংগভাষী হিন্দু আৰু মুছলমানসকল হৈছে অসমৰ বৃহৎ সংখ্যালঘূ দল, তাৰে পিছে পিছে নেপালী আৰু ভাৰতৰ চুবুৰীয়া অঞ্চলৰ পৰা অহা মানুহখিনি আছে। আটাইতকৈ দৰ্ৰী সামাজিক সাংস্কৃতিক অনুস্থান হৈছে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সামাজিক বান্ধোন দৃঢ় কৰিবলৈ পালন কৰা তিনিটা বিহু উৎসৱ। স্মৰণাতীত কালৰ পৰাই অসমৰ মানুহখিনি কাৰিকৰী ভাৱেই শিল্পী। শিল্পী, ভাস্কৰ, ৰাজমিস্ত্ৰী, শিপিনি, বৱনী, মৃৎশিল্পী, সোনাৰী, হাতীদাঁতৰ কাৰু শিল্পী, কাঠ, বাহ, বেত আৰু চামৰাৰ শিল্পীবলাকে অসমত জাকত জিলিকা হৈ আছিল।

তাঁত শিল্পটোৰ পৰম্পৰা অসমত এনেকুৱা যে প্ৰতিগৰাকী অসমীয়া তিৰোতাই এই কথাটো লৈ গৌৰৱ কৰিব পাৰে । অসমীয়া তিৰোতাই তাঁত-শালত ৰেচম আৰু কপাহী সূতাৰে অনণ্য সুন্দৰ কাপোৰ বব পাৰে অনণ্য সুন্দৰ ৰেচমৰ কাপোৰ , যেনে, এৰী, পাত আৰু জগৎ বিখ্যাত মুগাৰ কাপোৰৰ বাবে অসমৰ নাম আছে। গান্ধীজীয়ে অসমীয়া শিপিনীক এনেকৈ প্ৰশংসা কৰিছিল যে অসমীয়া শিপিনী্যে তাঁত শালত সপোন বৈ উলিয়াব পৰা শিল্পী।

Similar questions