World Languages, asked by amitasundas4011, 4 months ago

write an essay on diwali in assamese

Answers

Answered by amlandas410
1

Answer:

দীপাৱলী হৈছে পোহৰৰ উৎসৱ, এই উৎসৱ প্ৰতি বছৰে পালন কৰা হয় চাৰি ৰ পৰা পাঁচ দিন ধৰি । দীপাৱলী জাতি ধৰ্ম নিৰ্বিশেষে প্ৰায় সকলোৱে পালন কৰে, হিন্দু, জৈন , শিখ, বৌদ্ধ ধৰ্মৰ মানুহ সকলোৱে । হিন্দু ধর্মৰ আটাইতকৈ উজ্বল উৎসৱ দীপাৱলীয়ে আন্ধাৰৰ ওপৰত পোহৰৰ বিজয়, অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয় আদি সূচায় । পোহৰ হৈছে জ্ঞানৰ প্ৰতীক, আৰু এই জ্ঞানে মানুহৰ ভিতৰত থকা ভয়, ভ্ৰান্তি আদি আঁতৰাই তোলে আৰু মানুহৰ মহান জীৱনী শক্তিৰ উত্তৰণ ঘটায় ।

হিন্দু ধর্মৰ মতে, যেতিয়া ১৪ বছৰ বনবাস কটায় আহি ভগৱান ৰাম, দেৱী সীতা আৰু লক্ষ্মণ পাপী ৰাৱণৰ বধৰ পিছত অযোধ্যালৈ ঘূৰি আহে, তেতিয়াই দীপাৱলীৰ আৰম্ভ হয় ।আৰু পদ্ম পুৰাণ ৰ মতে, দীপাৱলী ৰ নিশা সাগৰ মন্থনৰ ফলত ধনৰ দেৱী লক্ষ্মীৰ জন্ম হয় আৰু লক্ষ্মীদেৱীয়ে ভগৱান বিষ্ণুক চয়ন কৰে আৰু বিবাহপাশত আবদ্ধ হয় ।

পদ্ম পূৰণ আৰু স্কন্দ পুৰাণৰ মতে , চাকিবোৰ হৈছে সূৰ্যৰ অংশ প্ৰতীক, যি হৈছে মহাজাগতিক পোহৰ আৰু শক্তিৰ ভাণ্ডাৰ ।

আন আন ধৰ্মৰ মানুহেও দীপাৱলী উদযাপন কৰে ।

জৈন ধৰ্মৰ মানুহে দীপাৱলীক মহাবীৰ নিৰ্বানা দিৱস হিচাপে পালন কৰে ।

শিখ সকলে গুৰু হৰগোবিন্দৰ মোগলৰ জেলৰ পৰা মুক্তি পোৱা দিনটো উদযাপন কৰে ।

বৌদ্ধ ধৰ্মালম্বী সকলে সাধাৰণতে দীপাৱলী উদযাপন নকৰে যদিও নেপালত নতুন বৌদ্ধ ধৰ্মাৱলম্বী সকলে ৫ দিনলৈকে দীপাৱলী উদযাপন কৰে ।

দীপাৱলী বুলি কলে গোটেই ভাৰতবৰ্ষত উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হয় । সমগ্ৰ দেশতে মানুহৰ বজাৰ কৰাৰ আগ্ৰহ তীব্ৰ হৈ উঠে । অনলাইনত আৰু আফলাইন সকলোতে সকলো সামগ্ৰীৰ দামত ৰেহাই দিয়া হয় আৰু হাজাৰ হাজাৰ কোটি কোটি টকাৰ সামগ্ৰীৰ বিক্ৰী হয় এই মাহটোত ।

যি কি নহওঁক দীপাৱলী উদযাপনৰ পৰম্পৰা মানৱ সভ্যতাৰ আদি কালৰ পৰাই চলি আছে আৰু চলি থাকিব আৰু মানুহৰ মনত আনন্দ , একতা আৰু জীৱনৰ অন্ধকাৰ মুহূৰ্তত যুঁজিবলৈ প্ৰেৰণা যোগাই থাকিব ।

দীপাৱলী ২০১৯ যেন সকলোৰে বাবে এক আনন্দ, প্ৰেম আৰু স্মৰণীয় হৈ ৰয় তাৰ বাবে কামনা কৰিলোঁ - জিতু দাস ।

Explanation:

please mark as brainliest answer

Answered by kirtaniaskk
1

মোৰ প্ৰিয় উৎসৱ হৈছে দেৱালী। কেতিয়াবা এইটো অক্টোবৰৰ বতৰত আৰু কেতিয়াবা নৱেম্বৰত আহে। দেৱালীক 'পোহৰৰ উৎসৱ' বুলিও কোৱা হয়। ইয়াক মাটিৰ চাকি, মমবাতি আদিৰে ঘৰসজ্জা কৰি উদযাপন কৰা হয়। মানুহে বহুতো পোছাক ক্ৰয় কৰে আৰু পিন্ধে, সোণ আৰু ৰূপৰ অলংকাৰ। বহুতো শিশুৱে ফটকা ফাটিবলৈ ভাল পায়। এই উৎসৱত মানুহে গণেশ, দেৱী লক্ষ্মী আৰু দেৱী স্বৰসতীৰ উপাসনা কৰে। মানুহে মিঠাই ভাগ বতৰা কৰে। প্ৰতিজন মানুহে দেৱালীৰ বাবে বহুতো ব্যঞ্জন তৈয়াৰ কৰে। বহুলোকে দৰিদ্ৰ আৰু দৰিদ্ৰ লোকসকলক মিঠাই আৰু খাদ্য দিয়ে। কিছুমান লোকে বহুলোকক উপহাৰ দিয়ে। ই হৈছে আনন্দ, উপভোগ আৰু সুখৰ উৎসৱ।

Similar questions