Social Sciences, asked by moonbora194, 8 months ago

Write to functions of SCERT:
SCERTৰ দুটা কার্য লিখা।​

Answers

Answered by nirajpal1423
1

Answer:

ইংৰাজী আৰু হিন্দী (মাধ্যম) পুণৰীক্ষন কৰা হয় ৷ (৩×৫= ১৫ খন পুথি)

ঘ) দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ পুনৰীক্ষিত পাঠ্যপুথিৰ সংখ্যা হ'ল ৫৩ খন ৷

২) পাঠ্যপুথিত সংযোজন কিউ,আৰ ক'ডৰ :

অসম চৰকাৰৰ অনুমোদন আৰু নিৰ্দেশ অনুযায়ী নিম্ন'লিখিত পাঠ্যপুথিসমূহৰ কিছুমান পাঠত কিউ,আৰ ক'ড সংযোজন কৰা হয় ৷ বিষয়বোৰ হ'ল-

ক) গণিত – ৫ম শ্ৰেণী (অসমীয়া আৰু ইংৰাজী মাধ্যম) ৷

খ) ইংৰাজী – ৫ম শ্ৰেণী ৷

গ) সমাজ বিজ্ঞান – ষষ্ঠ, সপ্তম আৰু অষ্টম মান শ্ৰেণী (অসমীয়া আৰু ইংৰাজী মাধ্যম) ৷

ঘ) বিজ্ঞান – অষ্টম মান শ্ৰেণী (অসমীয়া আৰু ইংৰাজী মাধ্যম) ৷

৩) পাঠ্যপুথিসমূহত কিউ,আৰ ক'ড সংযোজন কৰা কাৰ্যৰ লগত সংগতি ৰাখি e-content প্ৰস্তুত কৰা হয় ৷

সেই e-content সমূহ এলানি কৰ্মশালাৰ জৰিয়তে শিক্ষক, শিক্ষক প্ৰশিক্ষক, দক্ষ ব্যক্তিৰ সহায়ত

প্ৰস্তুত কৰা হয় ৷ সৰ্বশেষত সেই সমূহ দক্ষ ব্যক্তিৰ দ্বাৰা পুনৰীক্ষন কৰোৱাই DIKSHA ৰ Website ত Upload কৰাৰ ব্যৱস্থা কৰা হয় ৷

৪) নতুন গণিত (তৃতীয় শ্ৰেণী)

গণিত আৰু বিজ্ঞান বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা নতুন গণিত তৃতীয় ভাগ ৯টা ভাষাত অভিযোজন কৰা হয় ৷

৫) মুক্ত শৈক্ষিক সমল :

অসম চৰকাৰৰ নিৰ্দেশমৰ্মে আৰু সমগ্ৰ শিক্ষাৰ আৰ্থিক সাহায্যত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে নিম্নোক্ত বিষয়ত মুক্ত শৈক্ষিক সমল প্ৰস্তুত কৰে ৷ সেইকেইটা হ'ল- অসমীয়া, হিন্দী, ইংৰাজী, অংক, বিজ্ঞান, সমাজ বিজ্ঞান ৷ ইয়াৰ উপৰি এই মুক্ত শৈক্ষিক সমলসমূহ বিদ্যালয়সমূহত কেনেদৰে আদান-প্ৰদান কৰিব সেই সন্দৰ্ভটো 'প্ৰজ্ঞা' অনুষ্ঠানৰ জৰিয়তে গুৱাহাটী আকাশবাণীয়ে প্ৰচাৰৰ ব্যৱস্থা কৰে ৷

৬) শিকন ফলাফল:

ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ, নতুন দিল্লীয়ে প্ৰকাশ কৰি উলিওৱা শিকন ফলাফল অসমীয়া ভাষালৈ অনুবাদ কৰাৰ অন্তত ২০১৮ বৰ্ষত বড়ো ভাষালৈ এলানি কৰ্মশালাৰ আয়োজন কৰি লিপ্যান্তৰ কৰা হয় ৷ ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ, নতুন দিল্লীয়ে শিক্ষকৰ বাবে শিকন ফলাফল প্ৰস্তুত কৰাৰ উপৰি অভিভাৱকসকলৰ বাবেও প্ৰচাৰ পত্ৰিকা প্ৰকাশ কৰি উলিয়াইছিল ৷ সেয়েহে শিক্ষকৰ সমল পুথিৰ লগতে এই প্ৰচাৰ পত্ৰিকাসমূহো বড়ো ভাষালৈ অনুবাদ কৰা হৈছিল ৷ উপৰোক্ত কাৰ্যাৱলীৰ উপৰি এই বিভাগৰ শৈক্ষিক বিষয়াসকলে শিকন ফলাফলৰ ওপৰত প্ৰশিক্ষণ সমল প্ৰস্তুতকৰণ, দক্ষ ব্যক্তিৰ প্ৰশিক্ষণ আদি কাৰ্যৰ লগত জড়িত হৈছিল ৷ ইয়াৰ উপৰি 'প্ৰথম' আৰু 'দ্বিতীয়' পৰ্যায়ৰ গুণোৎসৱৰ বাবেও বিদ্যালয় পৰ্যায়ৰ বিভিন্ন বিষয়ৰ মূল্যায়ন আহিলা প্ৰস্তুতকৰণ কাৰ্যৰ লগতো জড়িত হয় ৷

৭) শিক্ষক প্ৰশিক্ষণ মডিয়ুল প্ৰস্তুতকৰণ:

ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ নিৰ্দেশমৰ্মে এইবেলি শিক্ষণ শৈলী (pedagogy of learning), তথ্য আৰু যোগাযোগ প্ৰযুক্তি, শিকন ফলাফল আৰু শালাসিদ্ধিৰ ওপৰত প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকলক পাচ দিনীয়াকৈ প্ৰশিক্ষণ দিয়াৰ বাবে পৰিকল্পনা যুগুত কৰা হয় ৷ সেই পাচদিনীয়া শিক্ষক-প্ৰশিক্ষণ কাৰ্য সুকলমে পৰিচালনা কৰিবলৈ দক্ষ প্ৰশিক্ষক প্ৰস্তুতিৰ প্ৰয়োজন আহি পৰে ৷ সেই মৰ্মে দক্ষ ব্যক্তিসকলৰ বাবে উক্ত বিষয়সমূহত এলানি কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষণ সমল প্ৰস্তুত কৰা হয় ৷ সমল প্ৰস্তুতকৰণৰ অন্তত সমগ্ৰ ৰাজ্যৰ প্ৰায় ১৫০ গৰাকী দক্ষ ব্যক্তিসকলক এই সমলটোৰ ওপৰত প্ৰশিক্ষণ দিয়া হয় ৷

Similar questions