ইতিহাস কাক বোলে?ইতিহাস আৰু বুৰঞ্জীৰ মাজত পাৰ্থক্য কি
Answers
Answer:
ইতিহাস (গ্ৰীক: ἱστορία - historia,) অৰ্থ "অনুসন্ধান, বিচাৰ-খোচাৰ কৰি পোৱা জ্ঞান") হৈছে পূৰ্বৰ ঘটনাসমূহৰ তথ্যৰ আৱিষ্কাৰ, সংগ্ৰহ, সংগঠন আৰুউপস্থাপন। ইতিহাসয়ে লিখা পদ্ধতি আৱিষ্কাৰ হোৱাৰ পিছৰ সময়ছোৱাকো বুজাব পাৰে। ইতিহাসৰ বিষয়ে লিখা পণ্ডিতসকলক ইতিহাসবিদ বোলা হয়। ই গৱেষণাৰ এক ক্ষেত্ৰ য'ত ঘটনাৱলীৰ ক্ৰম পৰীক্ষা আৰু বিশ্লেষণ কৰা হয় বা কেতিয়াবা বস্তুনিষ্ঠভাৱে সেই ঘটনাৰ কাৰণ আৰু চানেকি ফঁহিয়াই চোৱা হয়।ইতিহাসবিদসকলৰ মাজত ইতিহাসৰ প্ৰকৃতি আৰু উপকাৰিতা লৈ তৰ্ক চলি আহিছে। ইয়াৰ ভিতৰত বিষয়টোৰ অধ্যয়ন তাৰ মাজতে সীমাবদ্ধ কৰি ৰখা আৰু বৰ্তমানৰ সমস্যাৰাজীক ইতিহাসমূলক দৃষ্টিকোণৰ পৰা চোৱাও আছে।একো বাহ্যিক উৎসৰে সমৰ্থিত নোহোৱা কোনো সংস্কৃতিত প্ৰচলিত কাহিনীক সাধাৰণতে ইতিহাসৰ নাম দিয়াৰ সলনি সাংস্কৃতিক ঐতিহ্য বুলি শ্ৰেণীবদ্ধ কৰা হয়। লিখিত নমুনা থকাৰ আগৰ ঘটনাক প্ৰাক-ইতিহাস বুলি কোৱা হয়।
পশ্চিমীয়া সংস্কৃতিত খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ গ্ৰীক ইতিহাসবিদ হিৰ'ড'টাছক "ইতিহাসৰ জনক" বুলি অভিহিত কৰা হয়। তেওঁ সমসাময়িক থুচিডাইডিছৰ সৈতে ইতিহাসৰ আধুনিক অধ্যয়নৰ ভেঁটি গঢ়ি তুলিছিল। বিশ্বৰ আন ঠাইৰ ইতিহাসমূলক পৰম্পৰাসমূহ আৰু তেওঁলোকৰ প্ৰভাৱ ইতিহাসৰ প্ৰকৃতিৰ বিভিন্ন ব্যাখ্যাত সাঙোৰ খাই আছে আৰু সেইবোৰ সদায় সলনি হৈ আছে। ইতিহাসৰ আধুনিক অধ্যয়নৰ বিভিন্ন ভাগ আছে; যেনে- কোনো নিৰ্দিষ্ট অঞ্চলক গুৰুত্ব দিয়া অধ্যয়ন, কোনো নিৰ্দিষ্ট বিষয় প্ৰসঙ্গ বিচাৰ কৰা অধ্যয়ন আদি। প্ৰাথমিক অৰু মাধ্যমিক শিক্ষাৰ অংশ হিচাপে বিদ্যালয়সমূহত ইতিহাস পঢ়োৱা হয় আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইয়াক এটা মূল বিষয়ৰূপে বিবেচনা কৰা হয়।
Explanation:
বুৰঞ্জী বা বুৰণ -জি (আহোম ভাষা বুৰণ-জী , ইংৰাজী ভাষা:Buranji) হৈছে ইতিহাসৰ একপ্ৰকাৰৰ কালক্ৰমিক লিখিত বিৱৰণ।বুৰঞ্জী শব্দটোৰ মূল টাই-চীন আহোম ভাষা। ৰাজকীয় বুৰঞ্জী সমূহ টাই আহোম ভাষাত লিপিবদ্ধ আছিল আৰু পৰৱৰ্ত্তী পৰ্যায়ত আহোম ম'-লৌঙ সকলেও বুৰঞ্জী লিখিছিল , যদিও আধুনিক যুগত কিছু সম্পাদিত আৰু প্ৰকাশিত কিতাপৰ পাছত বুৰঞ্জী শব্দটো ব্যৱহাৰ কৰা হয় কিন্তু সেয়া আধুনিক বুৰঞ্জীহে ৰাজকীয় সাঁচিপতিয়া বুৰঞ্জী নহয়। সেই সময়ত এনেধৰণৰ বুৰঞ্জী লিখা প্ৰথা সেইসময়ত বিৰল আছিল আৰু লগতে টাই আহোমৰ উপৰিও আন বহুতো জাতি জনগোষ্ঠীৰ অতীতৰ বিষয়ে বিশ্বাসযোগ্য তথ্যৰ উৎস হিচাপে বৰ্তমান সময়ত পৰিগণিত হৈছে।
নং. পুথি খনৰ নাম লেখক
1 আচাম বুৰঞ্জী হৰকান্ত বৰুৱা
2 আচাম বুৰঞ্জী কাঁশীনাথ তামুলী ফুকন
3 আহোম বুৰঞ্জী গোলাপ চন্দ্ৰ বৰুৱা
4 পুৰণি আচাম বুৰঞ্জী হেমচন্দ্ৰ গোস্বামী
5 তুংখুঙীয়া বুৰঞ্জী সূৰ্য কুমাৰ ভূঞা
6 ত্ৰিপুৰা বুৰঞ্জী ৰত্ন কুণ্ডলী আৰু অৰ্জুন দাস , ১৭২৪ চনত
7 চকৰী ফেঁটী বুৰঞ্জী নগেন হাজৰিকা ১৯৯০
8 অবৌৰঞ্জীক নগেন হাজৰিকা
9 অজগৰ বুৰঞ্জী নগেন হাজৰিকা,১৯৯৬
10 মাটি ফেঁটী বুৰঞ্জী নগেন হাজৰিকা
11 The Buranjis, Historical Literature of Assam: A Critical Survey লীলা গগৈ
12 তুংখুঙীয়া বুৰঞ্জী শ্ৰীনাথ দুৱৰা বেজবৰুৱা
13 জীৱন বুৰঞ্জী নগেন হাজৰিকা,১৯৯০
14 কাল ফেঁটী বুৰঞ্জী নগেন হাজৰিকা,১৯৯৩
15 আহোম সভাৰ খুচুৰা বুৰঞ্জী নগেন হাজৰিকা,১৯৯৪
16 আহোমৰ সংস্কৃতিৰ বুৰঞ্জী নগেন হাজৰিকা,১৯৯৬
17 মকৰাজাল বুৰঞ্জী নগেন হাজৰিকা,১৯৯৬
18 কাৰ্শলা বুৰঞ্জী নগেন হাজৰিকা,১৯৯৯
19 বিভিন্ন ধৰ্মৰ বুৰঞ্জী নগেন হাজৰিকা,২০০২
20 তে তে বুৰঞ্জী নগেন হাজৰিকা,২০০৩
21 নগণ্য বুৰঞ্জী নগেন হাজৰিকা,২০০৮
Answer:
ইতিহাস হৈছে পূর্বৰ ঘটনাসমূহৰ তথ্যৰ আবিষ্কাৰ, সংগ্ৰহ, সংগঠন আৰু উপস্থাপন ।
ইতিহাস আৰু বুৰঞ্জীৰ মাজৰ পাৰ্থক্য হ'ল :-
ইতিহাসত সকলো মানুহৰ আৰু সকলো ঘ্টনাৰ কথা উল্লেখ থাকে আনহাতে বুৰঞ্জীত কেবল এজন বিশেষ ব্যক্তিৰ বা এটা ৰাজবংশৰ কথা উল্লেখ থাকে।
mark this answer as Brainlist