Sociology, asked by phukondebasish857, 8 months ago

২০১১ চনৰ লোকপিয়ল তথ্য অনুসৰি ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰ জনসংখ্যা‌ আৰু পুৰুষ মহিলাৰ সংখ্যা ওপৰত এখন তালিকা প্ৰস্তুত কৰা ?​

Answers

Answered by ronpegu96
0

Explanation:

পূথিৱীৰ বিখ্যাত কেইটামান ধৰ্মৰ নাম কমিটি?

Answered by Rameshjangid
0

Answer:

বুলিলে কি বুজাৰাজনৈতিক দলৰ চাৰিটা ৱৈশিষ্ট উল্লেখ কৰা| ভাৰতৰ আন্ঞলিক ৰাজনৈতিক দলসমূহৰৰাজনৈতিক দলসমূহৰ এটিৰাজনৈতিক দল বুলিলে তালিকা প্ৰস্তুত

Explanation:

Step : 1উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্য অসমেই হৈছে উত্তৰ-পূৱ ভাৰতৰ প্ৰৱেশ-দ্বাৰ, যাক সাতখন ৰাজ্য অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু পশ্চিম বংগআৰু দুখন ৰাষ্ট্ৰ বাংলাদেশ আৰু ভূটানে আগুৰি আছে। ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ভৌগোলিক পৰিধিৰ ৰাজ্যখন প্ৰচুৰ পৰিমাণে সাৰুৱা ভূমি আৰু জলজ সম্পদেৰে ভৰি আছে, যাৰ ৯৮.৪ শতাংশ ঠাইয়েই হল গ্ৰামীণ অঞ্চলৰ। দেশৰ মুঠ ভৌগোলিক ভূখণ্ডৰ প্ৰায় ২.৪ শতাংশ ভূমি অসমে আগুৰি আছে আৰু দেশৰ জনসংখ্যাৰ ২.৬ শতাংশক আশ্ৰয় প্ৰদান কৰিছে। ৰাজ্যখনৰ জনসংখ্যাৰ অধিকাংশই ইয়াৰ দুই প্ৰধান নদী-তন্ত্ৰৰ সমৃদ্ধ উপত্যকাসমূহত বাস কৰে যত ব্ৰহ্মপুত্ৰ উপত্যকাত ৩০খন আৰু বৰাক উপত্যকাত ৩খন জিলা অন্তৰ্ভুক্ত হৈ আছে। কম জনবসতিপূৰ্ণ তিনিখন পাহাৰীয়া জিলা ক্ৰমে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৱে পাহাৰৰ নামনি অংশত অৱস্থিতি গ্ৰহণ কৰি দুই উপত্যকাক পৃথক কৰি ৰাখিছে। প্ৰশাসনীয় সুবিধা তথা ৰাজহ আদায়ৰ উদ্দেশ্যে, বড়োলেণ্ড প্ৰাদেশিক পৰিষদৰ অন্তৰ্গত চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু নতুনকৈ স্থাপিত হোৱা ৬খন জিলা ক্ৰমে বিশ্বনাথ, চৰাইদেই, হোজাই, দক্ষিণ শালমৰা- মানকাছৰ, পশ্চিম কাৰ্বি আংলং, মাজুলীকে ধৰি ৰাজ্যখনত সৰ্বমুঠ ৩৩খন জিলা আছে।

Step : 2ৰাজ্যখনক প্ৰকৃতিয়ে প্ৰচুৰ পৰিমাণে আশীষ-ধন্য কৰি ৰাখিছে। সোঁমাজেৰে মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈ ৰাজ্যখন দ্বিখণ্ডিত কৰিছে। ৰাজ্যখনৰ দক্ষিণ দিশে থকা বৰাক নদী আৰু ইয়াৰ উপনৈসমূহে প্ৰচুৰ পৰিমাণে জলজ সম্পদ যোগান ধৰিছে। বিবিধ মহামূল্যৱান কাঠ, বাঁহ আৰু ঔধষী গছেৰে ইয়াৰ গভীৰ অৰণ্যসমূহ ভৰি আছে। ৰাজ্যখনত তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আছে। ৰাজ্যখনৰ খাৰুৱা উপত্যকা আৰু পাহাৰৰ দেশসমূহে চাহ বাগিছা আৰু উদ্যান-শস্যসমূহ ইয়াৰ অতি সমৃদ্ধ আৰু সাৰুৱা ভমিখণ্ডই প্ৰতিপালন কৰে।

Step : 3প্ৰশাসনীয়ভাৱে অসমক ৮০টা উপ-বিভাগ, ২১৯টা উন্নয়ন খণ্ড আৰু ২২০২খন গাঁও পঞ্চায়তেৰে সৈতে ৩৩খন জিলাত বিভক্ত কৰা হৈছে, যাৰ ভিতৰত ৪টা উপ-বিভাগ আৰু ১৬টা উন্নয়ন খণ্ড ৩খন জিলা কাৰ্বি আংলং, পূৱ কাৰ্বি আংলং আৰু ডিমা হাছআও, পাহাৰীয়া জিলাৰ অধীনত। ইয়াৰ উপৰি, ৮টা উপ-বিভাগেৰে সৈতে চাৰিখন জিলা, কোকৰাঝাৰ, চিৰাং, ওদালগুৰি আৰু বাক্সা বড়োলেণ্ড প্ৰদেশিক পৰিষদৰ অধীনত। ব্ৰহ্মপুত্ৰ উপত্যকাত উত্তৰপাৰ সমভূমি মণ্ডল (NBPZ), উজনি ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডল (UBVZ), কেন্দ্ৰীয় ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডল (CBVZ) আৰু নামনি ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডল (LBVZ) অন্তৰ্ভুক্ত হৈ আছে, যত বৰাক উপত্যকা মণ্ডলত প্ৰধানকৈ তিনিখন জিলা সেয়া হল কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ সমভূমি অঞ্চল অন্তৰ্ভুক্ত হৈ আছে।

Step : 4বাৰিষা কালত ৰাজ্যখন গুৰুতৰভাৱে বানপানীৰ দ্বাৰা প্ৰভাৱিত হয় আৰু খাদ্যশস্য, পশুধন, ভূমি, সম্পত্তিৰ প্ৰচুৰ ক্ষতিসাধন কৰি মানুহৰ জীৱনলৈ সীমাহীন দুখ-দুৰ্দশা নমাই আনে। প্ৰতি বছৰেই ব্ৰহ্মপুত্ৰ আৰু বৰাক দুয়োটা উপত্যকাই বানপানীৰ সন্মুখীন হয়, যিয়ে কেৱল মূল্যবান জীৱন আৰু সম্পত্তিকে যে উটুৱাই নিয়ে এনে নহয়, ই গৰাখহনীয়া আৰু জল নিষ্কাষণ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি অৰ্থনীতি ধংস কৰি পেলায়, বিশেষকৈ ৰাজ্যখনৰ গ্ৰামীণ অৰ্থনীতি ক্ষতিগ্ৰস্ত কৰে।

Step : 5অসমত বিভিন্ন সামাজিক-সাংস্কৃতিক তথা জাতিগত বিভিন্নতাৰে ভৰা বিভিন্নধৰ্মী জনসংখ্যা আছে। ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ৩১২.০৫ লাখ, যাৰ ভিতৰত ১৫৯.৩৯ লাখ পুৰুষ আৰু ১৫২.৬৬ লাখ মহিলা। ২০০১-২০১১ চনলৈ সমগ্ৰ দেশখনতে জনসংখ্যা বৃদ্ধিৰ দশকজোৰা হাৰ ১৭.৬৮ শতাংশ হোৱাৰ বিপৰীতে অসমত এই হাৰ ১৭.০৭ শতাংশ। ৰাজ্যখনৰ সৰ্বমুঠ ৩১২.০৫ লাখ জনসংখ্যাৰ ভিতৰত ৮৬ শতাংশই গাঁও অঞ্চলত বাস কৰে আৰু ১৪ শতাংশ জনসাধাৰণে চহৰাঞ্চলত বাস কৰে। অসমৰ জনসংখ্যাৰ ঘনত্ব ২০০১ চনৰ ৩৪০জনৰ পৰা ২০১১ চনত ৩১৮জনলৈ বৃদ্ধি পাইছে বা গড় হিচাপত এটা দশক আগৰ তুলনাত বৰ্তমান ৰাজ্যখনত প্ৰতি বৰ্গ কিলোমিটাৰত ৫৮জন অধিক মানুহে বসবাস কৰে। অধিক তথ্যৰ বাবে অসম এক অৱলোকন ২০১৬ তথ্যসূত্ৰ চাব পাৰে।

To learn more about similar question visit:https://brainly.in/question/19953875?referrer=searchResults

https://brainly.in/question/41235277?referrer=searchResults

#SPJ3

Similar questions