চিপাহী বিদ্রোহৰ ফলাফল দুটা
Answers
Answer:
sorry I know Bengali but assamis is not known to me
Answer:
১) চিপাহী বিদ্ৰোহৰ ভয়ানক হেন্দোলনিচয় ইংলেণ্ডবাসীৰ মনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতি তীব্ৰ বিতৃষ্ণাৰ ভাব সৃষ্টি কৰিছিল। বিদ্ৰোহৰ মাজেদি প্ৰকট হৈ উঠা ভাৰতীয়ৰ ক্ষোভ, যন্ত্ৰণা, বিদেশী শাসকৰ বিৰুদ্ধে ভাৰতীয়ৰ মনত গঢ়ি উঠা গভীৰ আস্থাহীনতাৰ মনোভাৱ আৰু আক্ৰমণ প্ৰতি আক্ৰমণৰ ঘটনাই সৃষ্টি কৰা ভয়ানক হত্যাকাণ্ডই ইংলেণ্ড বাসীক চিন্তিত কৰি তুলিছিল। ভৱিষ্যতৰ এনে ভয়ানক পৰিস্থিতি যাতে পুনৰ উদগীৰণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোৰ ওপৰত একাণপতীয়াকৈ মনোযোগ দিবলৈ বাধ্য হৈছিল।
২) ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে `ভাৰত চৰকাৰ আইন' প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপতীয়াকৈ ভাৰত শাসন কৰা ক্ষমতা দিছিল।
৩) সামাজিক পৰিবৰ্তন স্বৰূপে ভাৰতীয় সমাজত সমান্তযুগীয় স্হবিৰতা আঁতৰি আধুনিক পাশ্চাত্য শিক্ষাৰ প্ৰতি ভাৰতীয় সকল আকৰ্ষিত হৈছিল।
৪) চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাব জ