CBSE BOARD XII, asked by ripadas644, 7 months ago

আর্জিত আগ্রহৰ এটা উদাহৰণ দি চমুকৈ লিখা।​

Answers

Answered by SaiThanvi
1

Answer:

১। শিক্ষণ কি? ই কেতিয়াৰ পৰা আৰম্ভ হয় আরু শেষ হয় ? শিক্ষণৰ প্রধান বৈশিষ্ট্যসমূহ/বোৰ লিখা ।

উত্তরঃ শিক্ষণ হ’ল এনে এক প্রক্রিয়া যাৰ সহযোগৰ মাধ্যমেৰে আমি কোনো কামৰ ক্ষেত্রত কৌশল বা দক্ষতা আয়ত্ব কৰিব পাৰো ।

এই প্রক্রিয়া, জ্ঞাতসাৰে আরু অজ্ঞাতসাৰে, মানুহৰ জীৱনত শৈশৱৰ পৰাই আৰম্ভ হয় আরু মৃত্যু পর্যন্ত্য চলি থাকে ।

শিক্ষণৰ প্রধান বৈশিষ্ট্যসমূহ হ’লঃ

(ক) নতুন অভিজ্ঞতা আরু প্রশিক্ষণৰ প্রভাৱঃ

শিক্ষণ নতুন অভিজ্ঞতা আরু প্রশিক্ষণৰ বাবে সংঘটিত হয় ।

(খ) উদ্দীপক আরু প্রতিক্রিয়াৰ মাজত সংযোগ স্থাপনঃ

শিক্ষণত উদ্দীপক আরু প্রতিক্রিয়াৰ মাজত সংযোগ স্থাপন হয় ।

(গ) পৰিৱেশৰ লগত সমাযোজনঃ

শিক্ষণত পৰিৱেশৰ লগত ব্যক্তিৰ কাৰ্য্যৰ সমাযোজন ঘটে ।

(ঘ) শিক্ষণ উদ্দেশ্য প্রণোদিতঃ

শিক্ষণ কোনো লক্ষ্য বা উদ্দেশ্যক লৈ সম্ভৱ হয় ।

(ঙ) শিক্ষণ কোনো সমস্যা সমাধানৰ প্রক্রিয়াঃ

শিক্ষণ কোনো এক নিদ্দিষ্ট সমস্যা সমাধানৰ প্রক্রিয়া হিচাপে গঢ় লৈ উঠে ।

(চ) শিক্ষণ এক সাৰ্বজনীন প্রক্রিয়াঃ

শিক্ষণ এক সাৰ্বজনীন প্রক্রিয়া হিচাপে প্রতিষ্ঠিত হয় ।

(ছ) দেহ-মানসিক পৰিপক্কতাৰ প্রভাৱঃ

শিক্ষণ সাধাৰণতে দেহ আরু মানসিক পৰিপক্কতাৰ ওপৰত নির্ভৰ কৰে ।

(জ) শিক্ষণত অভ্যাসৰ প্রভাৱঃ

অভ্যাসে শিক্ষণক স্থায়ী রূপ প্রদান কৰে ।

(ঝ) শিক্ষণ আগ্রহৰ ওপৰত প্রতিষ্ঠিতঃ

শিক্ষণ সাধাৰণতে, আগ্রহৰ ওপৰত নির্ভৰ কৰে ।

(ঞ)উচ্চশ্রেণী আরু নিম্নশ্রেণীৰ জীৱৰ পৃথক শিক্ষণ ব্যৱস্থাঃ

শিক্ষণ নিম্ন শ্রেণী জীৱতকৈ উচ্চ শ্রেণী জীৱৰ ক্ষেত্রত ক্ষমতা অধিক হয় ।

(চ) শিক্ষণত অভিৰোচনৰ প্রভাৱঃ

শিক্ষণত অভিৰোচনে কাৰ্য্যসাধনৰ ক্ষেত্রত শিকারুক মানসিক প্রস্তুতি আরু অনুপ্রেৰণা প্রদান কৰে ।

(ছ) শিক্ষণ এক ব্যক্তিকেন্দ্রিক কাৰ্য্যঃ

শিক্ষণ সাধাৰণতে ব্যক্তিকেন্দ্রিক হোৱা দেখা যায় বা পৰিলক্ষিত হয় । সেয়েহে, শিক্ষণ ক্ষমতা ব্যক্তি বিশেষে পৃথক পৃথক হোৱা দেখা যায় ।

২।শিক্ষণৰ তিনিটা প্রয়োজন লিখা ।

উত্তরঃ শিক্ষণৰ তিনিটা প্রয়োজন হ’লঃ

(ক)শিক্ষণে পৰিৱৰ্তন সমাজত সমাযোজন কৰাৰ ক্ষেত্রত সহায় কৰে ।

(খ) শিক্ষণে মানব জীৱনৰ প্রত্যেক দিশৰ উন্নতি সাধণত সহায় কৰে ।

(গ)শিক্ষণে পৰিৱেশত আচৰণৰ সংশোধন আরু উৎকর্ষ সাধন কৰে ।

৩।শিক্ষণ এক.........চলা প্রক্রিয়া ।

উত্তরঃ শিক্ষণ এক জীৱনব্যাপি চলা প্রক্রিয়া ।

Similar questions