India Languages, asked by simi557, 7 months ago

প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় ?​

Answers

Answered by muzammelh352
6

Answer:

প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় ?

Answered by dreamrob
0

প্ৰতিমাৰ খনিকৰ’ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয় ৷

চন্দ্ৰকুমাৰ আগৰৱালাক পরিচয়:-

  • চন্দ্ৰ কুমাৰ আগৰৱালাক যদিও আমি প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা ‘বনকুঁৱৰী’ৰ ৰচয়িতা বুলি জানো, কিন্তু অসমীয়া জাতিলৈ তেখেতেৰ তাতকৈও মহত্বৰ অৱদান হৈছে সাহিত্য আলোচনী ‘জোনাকী’ৰ প্ৰতিষ্ঠা আৰু অসমীয়া ভাষাৰ প্ৰথমখন পূৰ্ণাংগ বাতৰি কাকত ‘অসমীয়া’ৰ প্ৰতিষ্ঠা।
  • ছাত্ৰ অৱস্থাতেই কলিকতাৰ পৰা ‘জোনাকী’ আলোচনীৰ প্ৰকাশ কৰিবলৈ গৈ তেখেতে যি মৰসাহৰ পৰিচয় দাঙি ধৰিছিল সেয়া আজিও অসমীয়া ভাষা প্ৰেমী উদ্যোগীসকলৰ বাবে এক উজ্জ্বল দৃষ্টান্ত। তেখেতে সময়োপযোগী এই সিদ্ধান্তটো নোলোৱা হ’লে অসমীয়া সাহিত্যই হয়তো আজিৰ তাৰিখতকৈও কেইবাদশকো পিছ পৰি থাকিব লাগিলহেতেঁন।
  • চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল ১৮৬৭ চনৰ ২৭ নৱেম্বৰত, বৰ্তমানৰ বিশ্বনাথ জিলাৰ কলংপাৰ মৌজাৰ ব্ৰহ্মজানত। তেখেতৰ পিতৃৰ নাম আছিল হৰিবিলাস আগৰৱালা আৰু মাতৃৰ নাম আছিল মালমা। তেওঁ পিতৃ-মাতৃৰ ছগৰাকী সন্তানৰ ভিতৰত দ্বিতীয় আছিল।
  • চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া কাব্য কাননত ৰমন্যাসবাদৰ সৃষ্টি কৰিছিল। তেওঁ আছিল অসমীয়া ৰোমান্টিকতাবাদৰ পথিকৃত।
  • জোনাকী আলোচনীৰ পাততেই চন্দ্ৰকুমাৰ আগৰৱালাদেৱে নিজৰ কবি প্ৰতিভাৰ বিকাশ ঘটাইছিল। চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকী আলোচনীৰ প্ৰথম বৰ্ষৰ প্ৰথম মাহতেই “বনকুঁৱৰী” নামৰ ৰোমান্টিক কবিতাটি প্ৰকাশ কৰে।
  • “বনকুঁৱৰী”য়েই হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা। “বনকুঁৱৰী”য়ে অসমীয়া সাহিত্য ভগতত জগতত ৰমন্যাসবাদৰ জোৱাৰ সৃষ্টি কৰে। ইয়াৰ পাছতেই চন্দ্ৰকুমাৰ আগৰৱালাদেৱে জলকুঁৱৰী, তেজীমলা আদি ৰোমান্টিক ভাৱধাৰাৰ কবিতাৰ জৰিয়তে জোনাকীৰ পাত শুৱনি কৰিছিল আৰু পৰৱৰ্তী সময়ত বাঁহী আলোচনীতো তেওঁৰ কবিতা প্ৰকাশিত হৈছিল।

প্ৰতিমাৰ খনিকৰ’ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয় ৷

#SPJ3

Similar questions