অসমীয়া ভাষাত বিহুৰ বিষয় কওক
Answers
Answer:
বিহু অসমৰ জাতীয় উৎসৱ। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট হ'ল ই জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। "কৃষি উৎসৱ ঘাইকৈ তিনিটা: খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ শেষত।"অসমত পালন কৰা তিনি বিহু হ'ল: ব'হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু। এই বিহুৱে অসমীয়া জাতীয় জীৱনত সমন্বয়ৰ বাৰ্তাও বিলাই আহিছে। বৃহত্তৰ অসমীয়া জাতি গঠনত বিহুৱে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।'বিহু' শব্দৰ উৎপত্তি সম্বন্ধে নানান মতবাদ আছে, কিন্তু কোনোটো মতেই সৰ্বসন্মত নহয়। কোনো পণ্ডিতৰ মতে সংস্কৃত 'বিষুবত' শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে।[3] বৈদিক 'বিষুবন' পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপি অনুষ্ঠিত হোৱা 'সত্ৰ' বা 'যজ্ঞ'ৰ মাজৰ দিনটোক বুজায় অৰ্থাৎ দিন আৰু ৰাতিৰ সমান হোৱা দিনটোৱেই 'বিষুবত' ৰূপে পৰিচিত৷ আন কিছু লোকৰ মতে, বড়ো সকলৰ বৈচাগু, ডিমাছা সকলৰ বুচু, ত্ৰিপুৰি সকলৰ বিজু বা তিৱা সকলৰ পিচু দৰে উজনি অসমৰ বিহুৰ গুৰি আছে উজনি অসমৰ বড়ো মূলীয় চুতীয়া, দেউৰী, মৰাণ আৰু সোনোৱাল সকলৰ "বিচু"ত। "বিচু" শব্দৰ অৰ্থ হৈছে "আটাইতকৈ পবিত্ৰ দিন", ঠিক একে দৰে যেনেকৈ "চুতীয়া" মানে হৈছে "পবিত্ৰ পানীৰ কাষত থকা লোক"। পৰবৰ্তীকালত অসমীয়া ভাষাত "চ" উচ্চাৰণটো "হ" লৈ ৰূপান্তৰিত হয় একে ধৰণে যেনেকৈ চিলৈ হিলৈ হʼল, চাৰি শাড়ী হʼল বা চাপ সাপ হʼল।অসম জুৰি অভুতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে। মঞ্চ বিহুত বিহু -প্ৰদৰ্শনতকৈয়ো বিভিন্ন প্ৰতিযোগীতাৰ ওপৰত গুৰুত্ব দিয়া যায়, আৰু এই বিহু মূলতঃ দৰ্শকক আমোদ দিবলৈ কৰা হয় । গতিকে এই বিহু বহু নীতি নিৰ্দেশনা আৰু ব্যাকৰণৰ মাজত থাকি কৰা হয়। ইয়াৰ ফলত বিহু নৃত্য গীতে এক প্ৰদৰ্শনমূলক কলাৰ ৰূপ লয়। মঞ্চ বিহুৰ জনপ্ৰিয়তাৰ কোবত প্ৰকৃত স্বতঃস্ফুৰ্ত গছ তলৰ বিহু বিলুপ্তপ্ৰায় হৈ পৰে।
বৰ্তমান মঞ্চ বিহু আৰু হুঁচৰি গাই ঘৰে ঘৰে আশীৰ্বাদ দিয়া, এই দুই ধৰণৰ বিহুৱেই অসমৰ সকলো প্ৰান্ততে উদযাপন কৰা দেখা যায়। বৰ্তমান বিহু সন্দৰ্ভত আন এক উল্লেখযোগ্য পৰিবৰ্তন অহা দেখা গৈছে। দৃশ্য-শ্ৰব্য মাধ্যমৰ মাজেদি প্ৰদৰ্শিত বিহু-সূৰীয়া গীত মাত নতুন প্ৰজন্মৰ মাজত অতীৱ জনপ্ৰিয় হোৱা দেখা গৈছে। অৱশ্যে, এই বিলাক প্ৰকৃত বিহু নাচ বা বিহু নাম নহয়, ই এক প্ৰকাৰ বিহু আৰু আধুনিক গীতৰ সংমিশ্ৰণহে বুলিব পাৰি। এই গীত বিলাকত বিহুৰ থলুৱা সুৰৰ ওপৰত ভিত্তি কৰি নতুনকৈ সুৰাৰোপণ কৰা হয় আৰু আধুনিক বাদ্যযন্ত্ৰও ব্যৱহাৰ কৰা হয়।
বিহুগীতৰ উদাহৰণসম্পাদনা কৰক
অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনৈকৈ থাকোঁ।
ইয়াক যোজনা বুলি কোৱা হয়। বিহুনাচ আৰম্ভ কৰাৰ আগতে যোজনা গোৱা হয়। যোজনা বিলাকে অনেক ক্ষেত্ৰত সামাজিক আৰু সাংস্কৃতিক তথ্য প্ৰতীয়মান কৰে । ঠিক একেদৰে আৰু কেইটামান বিহুৰ যোজনা হল:
১, আজি বিহু বিহু কালি বিহু বিহু চিৰে গৰখীয়াই তৰা ;
সীতাই কুমাৰে বাদতি মাৰিলে চ'তৰ বাৰে খৰৰপৰা ।
২, আজি বিহু বিহু কালি বিহু বিহু কেতিয়া ফুলিব নাহৰ ;
কেতেকী চৰায়ে কাটে সৰু সূতা মৰুৱা কাঠৰে যঁতৰ ।
৩, বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত ;
বিহু থাকে মানে বিহুকে বিনাবি বিহু গ'লে বিনাবি কাক । ৪,চ'তে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা ;
কৈনো কৈ থাকিলে ওৰকে নপৰে ব'হাগৰ বিহুৰে কথা ।